ETV Bharat / state

নলবাৰীত অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদ - Non provincialized teachers protest - NON PROVINCIALIZED TEACHERS PROTEST

Non provincialized teachers protest: নলবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ জিলা সমিতিৰ অৱস্থান ধৰ্মঘট । প্ৰাদেশিকীকৰণকে ধৰি দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান শিক্ষকসকলৰ । মুখ্যমন্ত্ৰীলৈ প্ৰতিবাদকাৰী শিক্ষকৰ স্মাৰক পত্ৰ প্ৰেৰণ ।

Non provincialized teachers protest
নলবাৰীত অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:28 PM IST

নলবাৰী,১৮ জুলাই : ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ আহ্বানত অ-প্ৰাদেশীকৃত শিক্ষক, কৰ্মচাৰীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে আৰু বিভিন্ন দাবীৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । নলবাৰীতো অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ।

নলবাৰীত অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদ (ETV Bharat Assam)

এই প্ৰতিবাদৰ জৰিয়তে ২০১৭-১৮ চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণ আইনৰ পূৰ্ণাংগ সংশোধন কৰি ২০০৬ চনৰ পূৰ্বে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানসমূহ আৰু ২০১৩/২০২১ চনত বঞ্চিত শিক্ষক, কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । শিক্ষক-কৰ্মচাৰীসকলে দাবী কৰা মতে তেওঁলোকে কৰ্মপালন কৰা বিদ্যালয়সমূহ বৈধ যদিও বহু অবৈধ বিদ্যালয় চৰকাৰে প্ৰদেশীকৃত কৰিছে । পূৰ্বৰ চৰকাৰৰ দিনত অ-প্ৰদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলক এক বিশেষ আঁচনিৰ জৰিয়তে ৬০ হাজাৰকৈ টকা সকাহ হিচাপে প্ৰদান কৰি আহিছিল ।

বৰ্তমানৰ চৰকাৰে সেইসমূহ বিদ্যালয়ৰ লগতে শিক্ষক-কৰ্মচাৰীৰ প্ৰাদেশীকিকৰণত বহু বিশৃংখলৰ অভিযোগ উত্থাপন কৰি সেই বিশেষ আঁচনিৰ সকাহ ৰূপে পাই থকা ধনখিনিও বন্ধ কৰি দিয়াৰ লগতে প্ৰদেশীকিকৰণ বন্ধ কৰি থোৱাৰ অভিযোগ শিক্ষকসকলৰ । আনহাতে অসম চৰকাৰে ২০২৩ চনৰ পৰা অ-প্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা বন্ধ কৰি দৰিদ্ৰ ছাত্র-ছাত্ৰীক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন কৰে । চৰকাৰে দৰিদ্ৰ শিক্ষাৰ্থীৰ মুখলৈ চাই মধ্যাহ্ন ভোজন পুনৰ প্ৰচলনৰ আহ্বান জনাই অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলে ।

আনহাতে অসম চৰকাৰে অ-প্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীক বিনামূলীয়া পাঠ্যপুথি যোগানৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰো অভিযোগ কৰে শিক্ষক-কৰ্মচাৰীসকলে । অ-প্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহ পুনৰ ১২৬ গৰাকী বিধায়কৰ দ্বাৰা নিৰ্বাচিত কৰি প্ৰাদেশীকিকৰণৰ দাবী জনাই শিক্ষক-কৰ্মচাৰীসকলে । তেওঁলোকে উল্লেখ কৰা মতে বহু শিক্ষকৰ অৱসৰৰ সময় চমু চাপি আহিছে । সেই কথা বিবেচনা কৰি চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ প্ৰতিবাদকাৰী শিক্ষক-কৰ্মচাৰীসকলে দাবী জনায় । যদি ২০১৩ৰ পিচত স্থাপন হোৱা সকলো শিক্ষানুষ্ঠান অবৈধ হয় তেনেহ'লে সেই শিক্ষানুষ্ঠান চৰকাৰে প্ৰাদেশীকৃত নকৰে বুলি এই বছৰতে স্পষ্ট কৰি দিবলৈও অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলে দাবী জনায় ।

লগতে পঢ়ক :কা-ৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাজপথত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গৰ্জন - Protest Against CAA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.