ETV Bharat / state

চিটী চেন্টাৰ মলত পোৱা নগ’ল কোনোধৰণৰ সন্দেহজনক সামগ্ৰী - Bomb scare at City Centre - BOMB SCARE AT CITY CENTRE

Bomb scare in Guwahati: সোমবাৰে গুৱাহাটীৰ চিটী চেণ্টাৰ মলত সৃষ্টি হয় এক হুৱাদুৱা পৰিৱেশৰ ৷ এইবাৰ চিটী চেণ্টাৰ মলত বোমাৰ আতংক ৷ মাইকযোগে কৰ্তৃপক্ষয়ো জাৰি কৰে সতৰ্কতা ৷ মানুহেৰে ঠাহ খাই থকা মলটো মুহূৰ্ততে জনশূন্য হৈ পৰিল ৷ কিন্তু বহু অভিযানৰ অন্ততটো উদ্ধাৰকাৰী দলে মলটোত নাপালে কোনোধৰণৰ সন্দেহজনক সামগ্ৰী ৷

No suspicious items were found at the Guwahati City Center Mall
চিটী চেন্টাৰ মলত পোৱা নগ’ল কোনোধৰণৰ সন্দেহজনক সামগ্ৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 1:40 PM IST

গুৱাহাটী, 20 আগষ্ট : গুৱাহাটী মহানগৰীৰ শ্বপিং মল চিটী চেণ্টাৰত সোমবাৰে বোমা আতংক বুলি সৃষ্টি হৈছিল এক হুলস্থূলীয়া পৰিৱেশৰ । চিটী চেন্টাৰলৈ অহা এটা ই-মেইল বার্তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় মলটোত । এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি (মঙলবাৰ) সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে ৷

  • বোমা আতংক সন্দৰ্ভত জি পি সিঙৰ মন্তব্য :

তেওঁ কয়, "শেহতীয়াকৈ 6 মাহ ধৰি ভাৰতৰ বিভিন্ন মল হাস্পতাললৈ বোম থকা বুলি মেইল আহিছিল । এই বিষয়টো কেন্দ্ৰীয় সংস্থাই স্থানীয় আৰক্ষীৰ লগত মিলি তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাৰ লগত বাহিৰা শক্তি জড়িত হৈ আছে । সোমবাৰে চিটী চেন্টাৰ মললৈ মেইল আহিছিল । এইটো বাহিৰৰ পৰা অহা মেইল । কালি অভিযান চলাই কোনোধৰণৰ সন্দেহজনক একো পোৱা নগ’ল । অনুসন্ধান অব্যাহত আছে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানৰ 20 টা মললৈ এইধৰণৰ মেইল আহিছিল ।"

লগতে পঢ়ক : বোমা সংস্থাপন : তথ্য দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা 'স্মাৰ্ট' অসম আৰক্ষীৰ - bomb plan by ULFA I

  • ঘটনাটো কি আছিল :

সোমবাৰে শ্বপিং মলটোত বোমা থকা বুলি মেইল আহিছিল । লগে লগে শ্বপিং মল কর্তৃপক্ষই বিষয়টো আৰক্ষীক অৱগত কৰে । সমান্তৰালভাৱে সেই সময়ত গ্ৰাহকেৰে ঠাহ খাই থকা শ্বপিং মলটো খালী কৰিবলৈ নিৰ্দেশ দিয়া হয় । সুৰক্ষাকর্মীয়ে মাইকযোগে সকলো লোককে শ্বপিং মলটো ত্যাগ কৰিবলৈ আহ্বান জনায় । আনকি মলটোত থকা পি ভি আৰৰ চিনেমাও আধাতে বন্ধ কৰি সকলো দর্শকক ওলাই যাবলৈ কোৱা হয় ।

লগতে পঢ়ক : আলফা স্বাধীনৰ বোমা সংস্থাপনৰ তদন্ত: সত্ৰাধিকাৰক থানালৈ কিয় নিলে আৰক্ষীয়ে ? - ULFA I BOMB PLANS

মুঠতে কেইটামান মুহূৰ্তৰ ভিতৰতে হুৱা-দুৱা লাগে চিটী চেন্টাৰ মলত । সুৰক্ষাকর্মীসহ তাত থকা সকলো লোকে মলটোৰ মূল প্ৰৱেশ দ্বাৰৰ বাহিৰত অৱস্থান কৰে । আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী মলটোত প্ৰৱেশ কৰি বোমাৰ সন্ধানত অভিযান আৰম্ভ কৰে । এই অভিযানত চি আৰ পি এফ আৰু এছ এছ বিও চামিল হয় ।

এইদৰে বিয়লি প্ৰায় 3 বজাৰ পৰা বিয়লি ভাগলৈকে চিটী চেণ্টাৰত আৰক্ষী-নিৰাপত্তা বাহিনীয়ে তালাচী চলায় ৷ কিন্তু অভিযানকাৰী দলে মলটোত কোনো বিস্ফোৰক সামগ্ৰীৰ সম্ভেদহে নাপালে । অৱশ্যে শ্বপিং মল কর্তৃপক্ষই কাৰিকৰী কাৰণতে মলটো বন্ধ কৰি দিয়া বুলি জাননী আঁৰি দিয়ে আৰু গ্ৰাহকক আতংকিত নহ’বলৈ কয় ৷

লগতে পঢ়ক : গুৱাহাটীৰ চিটী চেণ্টাৰত বোমাৰ আতংক : হুৱাদুৱা পৰিস্থিতি - Bomb scare at City Centre

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.