লখিমপুৰ, ২০ জানুৱাৰী : ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে । শুকুৰবাৰে ৰাহুল গান্ধী মাজুলীত উপস্থিত হয় । তাৰ পিচত শনিবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত দলটো লখিমপুৰ জিলাত প্ৰৱেশ কৰে । অৱশ্যে তাৰ প্ৰাকক্ষণত বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে । নগৰ এলেকাৰ পৰা মৈদমীয়া পৰ্যন্ত লগোৱা সকলো আদৰণি তোৰণ, ফলক, বেনাৰ আদি নিশা দুৰ্বৃত্তই ফালি চুৰমাৰ কৰে ।
এই বিষয়টোৱে ইতিমধ্যে ৰাজ্যজুৰি সৰ্বাধিক চৰ্চা লাভ কৰিছে । তাৰ মাজতে জিলা প্ৰশাসনৰ আন এক নিৰ্দেশনাক লৈও ব্যাপক চৰ্চা হৈছে । জিলা প্ৰশাসনে দিয়া নিৰ্দেশনা অনুসৰি শুকুৰবাৰ আৰু শনিবাৰৰ দিনটোত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটোৰ সমীপৰ স্থানত ড্ৰোণৰ উৰণ নিষিদ্ধ কৰা হৈছে । লখিমপুৰত ৰাহুল গান্ধীৰ যাত্রাৰ সময়ত নিৰাপত্তাৰ অজুহাতত জিলা প্ৰশাসনে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পথত ৫০০ মিটাৰ এলেকাজুৰি ড্ৰোণৰ উৰণ নিষিদ্ধ ঘোষণা কৰে ।
ইফালে নিৰাপত্তাৰ কথা চিন্তা কৰি ৰাহুল গান্ধীৰ পদযাত্রাও বাতিল কৰা হৈছে । সেইদৰে পূৰ্ব নিৰ্ধাৰিত একাধিক কাৰ্যসূচীও বাতিল কৰা হয় । ৰাহুল গান্ধীৰ নিৰাপত্তাৰ বাবে লখিমপুৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই যাত্রাৰ সময়ত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ মিটাৰ এলেকাত ড্ৰোণৰ উৰণ নিষিদ্ধ কৰে ।
লখিমপুৰ জিলাৰ আয়ুক্ত গায়ত্রী হ্যালিংগেয়ে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ বাবেই এই নিৰ্দেশ দিয়া বুলি এক নিৰ্দেশনাত উল্লেখ কৰে । জিলা আয়ুক্তৰ নিৰ্দেশনা মতে ৰাহুল গান্ধীৰ যাত্রাৰ সময়ত বালিদেউৰী বৰদৈবাম হৈ ঘিলামৰা পৰ্যন্ত ৰাজ্যিক পথত আৰু ঠেকেৰাগুৰিৰ পৰা লখিমপুৰ নগৰ হৈ হাৰমতী আৰু অৰুণাচলত প্ৰৱেশ পথ গুমটো পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰোণৰ উৰণ নিষিদ্ধ কৰা হয় ।
ৰাহুল গান্ধীয়ে পদযাত্রা কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰ খাতিৰতে জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছিল যদিও পদযাত্রাৰ কাৰ্যসূচী বাতিল হ'ল আৰু ড্ৰোণৰ উৰণৰ জৰিয়তে তেওঁৰ পদযাত্রাৰ ছবি বা ভিডিঅ' সংগ্ৰহৰো প্ৰয়োজন নহ'ল ।
লগতে পঢ়ত :ভাৰত জোড়ো ন্যায় যাত্ৰা: মুখ্যমন্ত্ৰীক একমুখে সমালোচনা ৰাজ্যৰ বিৰোধী দলসমূহৰ