ETV Bharat / state

আৰক্ষী কনিষ্টবলক খুন্দিওৱা নৈশ বাছ জব্দ, যাত্ৰীৰ হাহাকাৰ - Road Accident - ROAD ACCIDENT

Road accident in Moran: নিশা মৰাণ থানা চৌহদত নৈশ বাছৰ যাত্ৰীৰ হাহাকাৰ পৰিৱেশ । আৰক্ষী কনিষ্টবলক খুন্দিয়াই পলায়ন কৰা নৈশ বাছক আৰক্ষীয়ে জব্দ কৰা পাচতেই যাত্ৰীৰ মাজত হাহাকাৰ । নৈশ বাছখনৰ খুন্দাত কথমপি প্ৰাণৰক্ষা আৰক্ষী কনিষ্টবলৰ ।

Night super that hit police constable seized, passengers scramble in Moran
আৰক্ষী কনিষ্টবলক খুন্দিওৱা নৈশ বাছ জব্দ
author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 8:05 AM IST

আৰক্ষী কনিষ্টবলক খুন্দিওৱা নৈশ বাছ জব্দ

মৰাণ,২১ এপ্ৰিল: পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা । ইয়াৰ মাজতে খোৱাং চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নৈশ বাছৰ খুন্দাত কথমপি প্ৰাণৰক্ষা আৰক্ষী কনিষ্টবলৰ । ঘটনা অনুসৰি মৰাণহাট আৰক্ষী থানাৰ ট্ৰেফিক কনিষ্টবল চন্দ্ৰ কমল আহোমে ডিউটি কৰি AS-06-Y-7910 নম্বৰ মটৰচাইকেলেৰে ঘৰলৈ আহি থকা সময়ত খোৱাং চাৰিআলিৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তনুজ নামৰ নৈশ বাছে খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আৰক্ষী কনিষ্টবলগৰাকীক ততাতৈয়াকৈ মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয় । আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা তনুজ নামৰ গুৱাহাটী অভিমুখী AS-01-MC-0907 নৈশ বাছখন মৰাণ আৰক্ষীয়ে জব্দ কৰে । ইয়াৰ পাচতে আৰক্ষীয়ে জব্দ কৰা নৈশ বাছখনৰ ৩৭ গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হয় । নিশা ১০ বজাৰ পৰা ২ বজালৈকে মৰাণ আৰক্ষী থানাতে ৰ'বলগীয়া হয় যাত্ৰীসকল ।

শেষত মৰাণ আৰক্ষীয়ে এখন আলট্ৰা বাছৰ সহায়ত গুৱাহাটীলৈ প্ৰেৰণ কৰে যাত্ৰীসকলক । নৈশ বাছখনৰ চালকে সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপন কৰে যাত্ৰীসকলে । আন এখন নৈশ বাছক অতিক্ৰম কৰিবলৈ চেষ্টা কৰোতেই এই দুৰ্ঘটনা সংঘটিত কৰা বুলি যাত্ৰীসকলে জানিবলৈ দিয়ে । উল্লেখ্য যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে পৰিবহন বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পাচতো একাংশ চালকে কেৰেপ কৰা নাই আৰক্ষীক । যাৰ ফলত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে এনে পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱাইছে নিৰীহ জনতাই ।

লগতে পঢ়ক: লখিমপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু নিৰ্বাচনী কামত নিয়োজিত বিষয়াৰ - Road Accident In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.