ETV Bharat / state

অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে পূজাত ছখন বিশেষ ৰে'লৰ চলাচল - NF Railway

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 8:10 PM IST

Durga Puja 2024: আহি পালেহি দুৰ্গা পূজা । এই পূজাৰ বতৰত ৰে'লত উঠি ভ্ৰমণৰ বাবে প্ৰায়ভাগ লোকেই সাজু হয় । সেয়েহে ভিৰ হয় ৰে'লত । পূজাৰ সময়ত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ।

NF Railway Train
উত্তৰ-পূব সীমান্ত ৰে'লৱে (Northeast Frontier Railway)

গুৱাহাটী,৯ ছেপ্টেম্বৰ: উত্তৰ-পূব সীমান্ত ৰে'লৱেই আগন্তক দুৰ্গা পূজাৰ সময়ত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ছখন বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে । এই বিশেষ ৰে'লসমূহ কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, ৰঙাপৰা নৰ্থ-প্রয়াগৰাজ জংচন-ৰঙাপৰা নর্থ আৰু নাৰেংগী গোৰখপুৰ-নাৰেংগীৰ মাজত চলাচল কৰিব । এই বিষয়ে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া পিঞ্জল কিশোৰ শৰ্মাই এক বিবৃতিত উল্লেখ কৰিছে ।

  • কাটিহাৰ-অমৃতসৰ:

উৎসৱৰ বিশেষ ৰে'ল নং ০৫৭৩৬ (কাটিহাৰ-অমৃতসৰ) ৰে'লখন এঘাৰটা ট্রিপৰ বাবে কাটিহাৰৰ পৰা ১৮ ছেপ্টেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ প্ৰতি বুধবাৰে ২১:০০ বজাত যাত্রা আৰম্ভ কৰি শুক্ৰবাৰে ০৯:৪০ বজাত অমৃতসৰত উপস্থিত হ'ব । ওভতনি যাত্ৰাৰ দিশত উৎসৱৰ বিশেষ ৰে'ল নং ০৫৭৩৫ (অমৃতসৰ-কাটিহাৰ) ৰে'লখন এঘাৰটা ট্ৰিপৰ বাবে অমৃতসৰৰ পৰা ২০ ছেপ্টেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ সকলো শুক্রবাৰে ১৩:২৫ বজাত যাত্ৰা আৰম্ভ কৰি । পৰৱৰ্তী দিনৰ ২৩:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ'ব ।

  • ৰঙাপৰা নৰ্থ -প্ৰয়াগৰাজ জংচন

উৎসৱ বিশেষ ৰে'ল নং ০৫৮৩১ (ৰঙাপৰা নৰ্থ প্ৰয়াগৰাজ জংচন) ৰে'লখন দহটা ট্রিপৰ বাবে ৰঙাপৰা নৰ্থৰ পৰা ২৯ ছেপ্টেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ প্ৰতি দেওবাৰে ৯:০০ বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা ১২:৪০ বজাত প্রয়াগৰাজ জংচনত গৈ উপস্থিত হ'ব । ওভতনি যাত্ৰাৰ দিশত উৎসৱৰ বিশেষ ৰে'ল নং ০৫৮৩২ (প্রয়াগৰাজ জংচন-ৰঙাপৰা নৰ্থ) ৰে'লখন দহটা ট্রিপৰ বাবে প্ৰয়াগৰাজ জংচনৰ পৰা ৩০ ছেপ্টেম্বৰৰ পৰা ২ ডিচেম্বৰ ১৭:৪০ বজান্ত প্রস্থান কৰি পিচদিনা ২২:৫০ বজাত ৰঙাপৰা নৰ্থত গৈ উপস্থিত হ'ব ।

  • নাৰেংগী- গোৰখপুৰ

আন এখন উৎসৱ বিশেষ ৰে'ল নং ০৫৬৩৩ (নাৰেংগী- গোৰখপুৰ) ৰে'লখন চাৰিটা ট্রিপৰ বাবে ৩ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈকে প্ৰতি বৃহস্পতিবাৰে ১৩:২০ বজাত নাৰেংগীৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১৩:০০ বজাত গোৰখপুৰত গৈ উপস্থিত হ'ব । ওভতনি যাত্ৰাৰ দিশত উৎসৱ বিশেষ ৰে'ল নং ০৫৬৩৪ (গোৰখপুৰ- নাৰেংগী ) ৰে'লখন চাৰিটা ট্রিপৰ বাবে সকলো শুক্রবাৰে ৪ ৰ পৰা ২৫ অক্টোবৰলৈক গোৰখপুৰৰ পৰা ২০:৫৫ বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা দিনৰ ২৩:১০ বজাত নাৰেংগী উপস্থিত হ'ব । ৰে'লখন ৰঙিয়া জংচন, কোকৰাঝাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুৰি, কিষাণগঞ্জ, কাটিহাৰ, খগৰীয়া জংচন, বাৰাউনী জংচন, সোণপুৰ, ছাপ্ৰা আৰু চিৱান জংচন ষ্টেচন হৈ চলাচল কৰিব।

উল্লেখ্য় যে এই ৰে'লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আই আৰ চি টি চি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো প্রকাশ কৰা হৈছে ।

লগতে পঢ়ক:লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ : দুৰ্ঘটনা নে ষড়যন্ত্ৰ ? - Sabarmati Express Train Accident

বাজেট ২০২৪ : ৰে'লত শ্লিপাৰ-সাধাৰণ শ্ৰেণীৰ দবা হ্ৰাস কৰাটো দৰিদ্ৰবিৰোধী পদক্ষেপ - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.