ETV Bharat / state

বানবিধ্বস্ত অসম : বানৰ বাবে বাতিল কেইবাখনো ৰে'লৰ যাত্ৰা - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 2:26 PM IST

NF Railway Train Cancellation : বানত ককবকাইছে ৰাজ্যবাসী । উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰ উভয়তে এতিয়া বানৰ সংহাৰ । ধন-জনৰ হানি হোৱাৰ উপৰি বিস্তীৰ্ণ কৃষিভূমি পানীৰ তলত । কেইবাঠাইতো ব্যাহত হৈছে পথ যোগাযোগ । ক্ষতিগ্ৰস্ত হৈছে ৰে'ল সেৱাও । যাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেয়ে কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল তথা পুনৰ নিৰ্ধাৰণ কৰিছে ।

NF Railway Train Cancellation
বানৰ বাবে কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল (ETV Bharat Assam)

গুৱাহাটী, ৫ জুলাই : ৰাজ্যত জটিল হৈ পৰিছে বান পৰিস্থিতি । ঘৰ-বাৰী, শস্যক্ষেত্ৰ এতিয়া বানৰ কবলত । জীৱ-জন্তু উভয়ে ককবকাইছে বাঢ়নী পানীত । তাৰ লগতে কেইবাঠাইতো মথাউৰি ছিগাৰ লগতে পথৰ ওপৰেৰে পানী বাগৰিছে । যাৰ বাবে বিভিন্ন ব্যাহত পৰিছে পথ যোগাযোগ । ইয়াৰ লগতে প্ৰভাৱিত হৈছে ৰে'ল সেৱাও ।

তাৰ মাজতে ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱে'য়ে শুকুৰবাৰ আৰু শনিবাৰে কেইবাখনো যাত্ৰীবাহী আৰু এক্সপ্ৰেছ ৰে'লৰ সেৱা বাতিল কৰিছে । উত্তৰ-পূব সীমান্ত ৰে'লৱে'য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, শিলচৰৰ পৰা উজনি আৰু নামনিমুৱা বহুকেইখন যাত্ৰীবাহী আৰু এক্সপ্ৰেছ ৰে'লৰ সেৱা বাতিল কৰিছে ।

উত্তৰ-পূব সীমান্ত ৰে'লৱে'য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, শুকুৰবাৰে আৰু শনিবাৰে চলাচল কৰিবলগীয়া নামনি আৰু উজনিমুৱা শিলচৰ-ময়িছাহান যাত্ৰীবাহী ৰে'ল, শিলচৰ-ধৰ্মনগৰ যাত্ৰীবাহী ৰে'ল, শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, শিলচৰ-ৰঙিয়া যাত্ৰীবাহী ৰে'ল, শিলচৰ-আগৰতলা যাত্ৰীবাহী ৰে'ল জটিল বান‌ পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে ।

উল্লেখ্য যে ৰাজ্যৰ ২৯ খন জিলাৰ ১০৭ টা ৰাজহ চক্ৰৰ ৩২০৮ খন গাঁও আজিও পানীত বুৰ গৈ আছে । বহু ঠাইত দলং, বাট-পথ খহি যোৱাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে । বানৰ ফলত শিশু আৰু মহিলাকে ধৰি ২১.১৩ লাখ লোক প্ৰভাৱিত হৈ আছে ।

আনহাতে, বাঢ়নী পানীত বুৰ গৈ আছে ৫৭,০১৮ হেক্টৰ কৃষিভূমি । ইফালে বানত ডুবি বৃহস্পতিবাৰে পুনৰ ৬ জন লোকৰ মৃত্যু হৈছে । ইয়াকে লৈ এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ জনলৈ বৃদ্ধি পাইছে । সম্প্রতি আশ্রয় শিবিৰ আৰু সাহায্য কেন্দ্ৰত ৭৬৩ লাখ বন্যার্তই আশ্রয় গ্ৰহণ কৰি আছে । ৰাজ্যৰ কোনো কোনো অঞ্চলত বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বহু অঞ্চলৰ পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে । বিভিন্ন স্থানত এন ডি আৰ এফ, এছ ডি আৰ এফ, স্থানীয় প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত আছে ।

লগতে পঢ়ক :বান বিভীষিকা অব্যাহত; বানত মৃত্যু হোৱা লোকৰ সংখ্যা 52 জনলৈ বৃদ্ধি - Assam flood 2024
লগতে পঢ়ক :বিহপুৰীয়াত হাহাকাৰ : বৃহস্পতিবাৰে ছিগিল 15 কোটিটকীয়া বান প্ৰতিৰোধী মথাউৰি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.