তিনিচুকীয়া, ২৩ ছেপ্টেম্বৰ : সময় পাখিলগা কাঁড়ৰ দৰে । সময়ৰ সোঁতত পালতৰা নাৱৰ দৰে আমি ক'ব নোৱৰাকৈ উটি গৈ এনে এক পৰ্যায়ত উপনীত হৈছোহি, য'ত নজনাকৈয়ে হেৰুৱাই পেলাইছো অতীতৰ বহু মাদকতা ৷
এইখিনিতে আন এক প্ৰশ্নৰো অৱতাৰণা হয় যে সময়ৰ গতিত আমাৰ যুৱ প্ৰজন্মই হেৰুৱাই পেলাইছে নেকি বৌদ্ধিক চিন্তা-চেতনা চৰ্চাৰ এক অন্যতম মাধ্যম ? সৌ সিদিনালৈকে এই মাধ্যমটো আছিল আমাৰ বাবে এক অপৰিহাৰ্য অংগ । কিন্তু এতিয়া সোঁৱৰণীৰ এখিলা পাত হ'বলৈ আগবাঢ়িছে এই মাধ্যমটো ।
কেইবা দশক ধৰি আমাৰ বৌদ্ধিক আৰু মানসিক চিন্তা-চৰ্চাৰ একমাত্ৰ সমল হিচাপে বিবেচিত হৈ আছিল আদৰৰ বাতৰিকাকতখন ৷ যিয়ে জনগণক খবৰ যোগান ধৰাৰ সমান্তৰালকৈ মানসিক উৎকৰ্ষ সাধন কৰিছিল, উত্তৰণ ঘটাইছিল বৌদ্ধিক চিন্তা-চেতনাৰ ৷
কিন্তু বিগত সময়ছোৱাত দেখা গৈছে যে সময়ৰ অগ্ৰগতিৰ লগে লগে আমাৰ দৈনন্দিন জীৱন-ধাৰণৰ এৰাব নোৱৰা অংগ হৈ পৰা এই ডিজিটেল যুগত যেন ক্ৰমাৎ হেৰাই গৈছে বাতৰিকাকতৰ প্ৰভাৱ আৰু মাদকতা ৷ কিয়নো আজিৰ যুৱ-প্ৰজন্মই মোবাইল আৰু ইণ্টাৰনেটৰ যুগত বাতৰিকাকত পঢ়াৰ মাদকতাৰ পৰা যেন বহুদূৰ আঁতৰি আহিছে ৷
এনে এক সময় আছিল, যেতিয়া পুৱাৰ চাহকাপত চুমুক এটা দি বাতৰিকাকতখনত চকু নুফুৰালে যেন দিনটো অথলে যাব ! বহুতে আকৌ বাতৰিকাকতখন কিনি পঢ়িবলৈয়ে বাটকুৰি বাই সন্ধ্যাবেলা এপাক চহৰলৈ আহিছিল । কিন্তু এতিয়া ডিজিটেল যুগত সেইবোৰ সাধুকথা যেন লাগে ৷
বৰ্তমান কেৱল যুৱ-প্ৰজন্মই নহয়, সমাজৰ বহু নেতৃস্থানীয় ব্যক্তি তথা অগ্ৰজৰো বাতৰিকাকত পঢ়াৰ অভ্যাস নোহোৱা হৈ গৈছে ৷ বিশেষকৈ কৰোণা মহামাৰীৰ প্ৰভাৱৰ দিনবোৰৰ পিছত জুৰুলা হৈ পৰিছে কাকত-আলোচনীৰ ক্ষেত্ৰখন ৷
এক সূত্ৰত প্ৰকাশ পাইছে যে মহামাৰীৰ পিছতেই ভাৰতত ৮০% কাকতৰ প্ৰচলন কমি গৈছে । তেনেক্ষেত্ৰত বৰ্তমান এয়া চিন্তনীয় বিষয় হৈ পৰিছে যে অনাগত দিনবোৰত বাতৰিকাকত কিনি পঢ়া পঢ়ুৱৈ থাকিবগৈনে ! কিয়নো এই কথাই বৰ্তমান সাক্ষ্য বহন কৰিছে তিনিচুকীয়া জিলাৰ শদিয়াৰ দৰে এক মফচলীয় অঞ্চলত ।
প্ৰায় ডেৰ লাখতকৈ অধিক ভোটাৰ থকা অঞ্চলটোত এখন মহাবিদ্যালয়, কেইবাখনো উচ্চ শিক্ষানুষ্ঠান, বহুতো গুৰুত্বপূৰ্ণ কাৰ্যালয় থকা শদিয়া উপ-জিলাত বৰ্তমান পৰ্যায়ত সেই অনুপাতে বাতৰিকাকত পঢ়া পঢ়ুৱৈৰ সংখ্যা মাত্ৰ ১২০ গৰাকী !
তাতোকৈও চিন্তনীয় বিষয় যে চৰকাৰী কাৰ্যালয়সমূহতো কমি আহিছে নিয়ামীয়াকৈ বাতৰিকাকত লোৱা পৰম্পৰা । আনহাতে, যিকেইটা কাৰ্যালয়ে কাকতসমূহ নিয়মীয়াকৈ লয়, সেই কাৰ্যালয়সমূহেও কাকতৰ বিল আদায় দিবলৈ টান পায় । কিন্তু সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাটিৰত পেটত গামোচা বান্ধি হ'লেও সামাজিক দায়িত্ব বুজা হকাৰসকলে জীয়াই ৰাখিব খুজিছে বাতৰিকাকতৰ পৰম্পৰা ! ইয়াৰে এক উৎকৃষ্ট উদাহৰণ হৈছে শদিয়াৰ দিলেৰাম অধিকাৰী নামৰ হকাৰজন । তেওঁ বিগত ১৪ বছৰে নানা বাধা-বিঘিনিৰ মাজতো পালন কৰি আহিছে সামাজিক দায়িত্ববোধ ৷
হকাৰ দিলেৰাম অধিকাৰীয়ে কয়, "মই আজি ১৪ বছৰৰ পৰা হকাৰ কৰি আছো । আগতে ৩০০-৪০০ পেপাৰ আহিছিল । এতিয়া একেবাৰে কমি গৈছে । আজিকালি ১২০-১৩০ খন পেপাৰ আহে । মানুহে মাজে মাজে পইচাৰো অলপ খেলিমেলি কৰে । দুই মাহ, তিনি মাহ, চাৰি মাহ এনেদৰে মই নিজৰ পকেটৰ পৰা পইচা ভৰিব লাগে । পেপাৰখন লওক বুলি ক'লে মানুহে কয় সকলো মোবাইলতে পায় ।"