ETV Bharat / state

লক্ষ্যত উপনীত হ'বৰ বাবে বদ্ধপৰিকৰ উমা চেত্ৰী : কেনেদৰে চলাইছে প্ৰস্তুতি ? - Interaction With Cricketer Uma Chetry - INTERACTION WITH CRICKETER UMA CHETRY

Interaction With Cricketer Uma Chetry : অসমৰ ক্ৰীড়াক্ষেত্ৰক পুনৰবাৰ গৌৰৱান্বিত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে অসমৰ প্ৰতিশ্ৰুতিবান ক্ৰিকেটাৰ উমা চেত্ৰীয়ে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া আগন্তুক ঘৰুৱা শৃংখলাৰ বাবে জাতীয় পোছাক পিন্ধিব বোকাখাতৰ জীয়াৰী উমাই । তাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছে উমা চেত্ৰীয়ে ? ই টিভি ভাৰত অসমৰ কাজিৰঙাৰ সাংবাদদাতা ধ্ৰুৱজ্যোতি সাহাৰ সৈতে উমা চেত্ৰীৰ বিশেষ সাক্ষাৎকাৰ ।

Interaction With Cricketer Uma Chetry
অনুশীলনত ব্যস্ত উমা চেত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 8:29 PM IST

কাজিৰঙা, ৬ জুন : শেহতীয়াভাৱে অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে অসমৰ প্ৰতিশ্ৰুতিসম্পন্ন ক্ৰিকেটাৰ উমা চেত্ৰীয়ে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ মহিলা ক্ৰিকেট দলে খেলিবলগা আগন্তুক ঘৰুৱ শৃংখলাত ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসম কন্যা উমা চেত্ৰীয়ে । টেষ্ট, এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰাত গৌৰৱান্বিত হৈছে প্ৰতিগৰাকী অসমবাসী । আনহাতে, আগন্তুক শৃংখলাৰ বাবে ঘৰতে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে উমা চেত্ৰীয়ে ।

ক্ৰিকেটাৰ উমা চেত্ৰীৰে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

উল্লেখ্য, নিৰ্বাচনৰ ধামখুমীয়াত মানুহৰ মনবোৰত কেৱল ৰাজনৈতিক চিন্তাই আৱৰি থকাৰ সময়তে ভাৰতীয় মহিলা ক্ৰিকেট দলত বোকাখাতৰ সন্তান উমা চেত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱাত অসমৰ ক্ৰিকেট জগতত নতুন জোৱাৰ উঠিছে ।

ক্ৰিকেট বুলিলে এটা সময়ত ক্ৰিকেটৰ ভগৱান মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম মনলৈ আহিছিল ৷ শচীন তেণ্ডুলকাৰে কেনেকৈ খেলে অথবা সৌৰভ গাংগুলী, ৰাহুল ড্ৰাবিড়ৰ শ্বটবোৰে দোলা দি যায় বহুতৰে মনত ৷ পৰৱৰ্তী সময়ত এম এছ ধোনী অথবা তাৰ পিচৰ পৰ্যায়ত বিৰাট কোহলীৰ দৰে ক্ৰিকেটাৰৰ নাম উঠি অহা প্ৰজন্মৰ বহুতৰে মনলৈ আহে ৷

আজি কিন্তু অসমৰ ক্ৰিকেট জগতত এটা নামেই সকলোৰে মুখে মুখে ৷ সেয়া হৈছে উমা চেত্ৰী ৷ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমা চেত্ৰীক লৈ আজি সকলোৱে গৌৰৱান্বিত ৷ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা বোকাখাতৰ সন্তান উমা চেত্ৰীয়ে ৰাজ্যৰ ক্ৰিকেট ক্ষেত্ৰলৈ এক আশাৰ বতৰাও কঢ়িয়াই আনিছে ৷ ভাৰতীয় দলত উইকেটৰক্ষক বেটছমেন হিচাপে স্থান লাভ কৰিছে উমা চেত্ৰীয়ে ৷

বৰ্তমান বোকাখাতৰ ৰাজহুৱা খেলপথাৰত উমাই কঠোৰ অনুশীলন চলাই আছে ৷ যিসকল স্থানীয় প্ৰশিক্ষকৰ জৰিয়তে আজি উমা ৰাষ্ট্ৰীয় দলত জিলিকিবলৈ সক্ষম হৈছে, তেওঁলোকক লৈয়ে উমাই অনুশীলন চলাই আছে ৷ তেওঁলোকৰ তত্ত্বাৱধানতেই বোকাখাত ৰাজহুৱা খেলপথাৰত তেওঁ অনুশীলন অব্যাহত ৰাখিছে ৷ সীমিত সা-সুবিধাৰ মাজেৰেও আন আন খেলুৱৈৰ স’তে তেৱোঁ ক্ৰিকেট অনুশীলন চলাই গৈছে ৷

লগতে পঢ়ক :ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমা ছেত্ৰীক বোকাখাতত সম্বৰ্ধনা অতুল বৰাৰ - WOMEN CRICKETER Uma Chetry

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.