গুৱাহাটী : মন্ত্রিত্ব লাভ কৰাৰ পাছত মঙলবাৰে পুৱাই কাৰ্যালয়ত উপস্থিত হৈ পূজা-অৰ্চনা কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে । গুৰুত্বপূৰ্ণ যোগান বিভাগৰ উপৰি তেওঁক খনি আৰু খনিজ সম্পদ বিভাগৰ লগতে বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে । তিনিটাকৈ বিভাগৰ দায়িত্ব লাভ কৰা কৌশিক ৰায়ে পুৱাই কাৰ্যালয়ত উপস্থিত হৈ পূজা-অৰ্চনা কৰে ।
ইয়াৰ পিচতেই সংবাদ মাধ্যমৰ আগত মনৰ ভাৱ ব্যক্ত কৰি নৱনিযুক্ত মন্ত্রী কৌশিক ৰায়ে কয়, "আজি মই বিভাগটোৰ সকলো কথাৰ বুজ ল’ম । মূল প্ৰত্যাহ্বানটো হৈছে মূল্যবৃদ্ধি কিদৰে নিয়ন্ত্রণ কৰিব পাৰো । ক’লা বজাৰ যাতে সৃষ্টি নহয় তাৰ বাবে কাম কৰিব লাগিব । সময় যিহেতু কম গতিকে আজি পুৱাই পূজা দি কাৰ্যালয়লৈ আহিছো । আজিৰ পৰাই দায়িত্ব দিয়া তিনিটা বিভাগৰ কাম কৰাৰ বাবে যাত্রা আৰম্ভ কৰিছো । এই যাত্রাত মই অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰো যাতে ভালদৰে কাম কৰিব পাৰো ।"
১৫ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ :
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া সকলৰ লগত মই আলোচনাত বহিম । কিদৰে ভালদৰে কাম কৰিব পৰা যায় সেই বিষয়ে কথা পাতিম । ইতিমধ্যে নতুন ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া চলি আছে । ১৫ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । মূল অনুষ্ঠান গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত হ'ব আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিব । বাকী দুটা বিভাগৰ ক্ষেত্রতো কাম কৰিব লাগিব ।"
মুখ্যমন্ত্রীৰ গতিত আমিও কাম কৰিব লাগিব :
বৰাকৰ উন্নয়ন প্ৰসংগত নৱনিযুক্ত মন্ত্রীগৰাকীয়ে কয়, "বৰাকৰ উন্নয়নৰ বাবে এটা নতুন বিভাগ কৰা হৈছে । সেইটো বিভাগৰ দায়িত্ব মোক দিয়া হৈছে । এসপ্তাহৰ ভিতৰত এই বিভাগটোৰ প্ৰাথমিক আন্তঃগাঁথনি সম্পন্ন হ'ব । তাৰ পাছতে আমি বিভাগটোৰ কামবোৰ আৰম্ভ কৰিম । দায়িত্ব দিয়া তিনিটা বিভাগৰে কাম ভালদৰে কৰিম আৰু যাৰ বাবে আজি দায়িত্ব গ্ৰহণ কৰিছো । আজিৰ পৰাই কাম আৰম্ভ কৰিছো । মুখ্যমন্ত্রী যি গতিত আগুৱাই গৈ আছে সেই গতিত আমিও কাম কৰি যাব লাগিব ।"