ETV Bharat / state

মহানগৰীৰ লখৰা-নেপালী মন্দিৰ পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা - NEW GUIDELINES FOR GUWAHATI PUBLIC

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:19 AM IST

Traffic restrictions imposed in Ghy: মহানগৰবাসীৰ বাবে এক বিশেষ খবৰ ৷ লখৰা-নেপালী মন্দিৰ পথৰ নতুন উৰণ সেতু নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে উক্ত পথেৰে অহা-যোৱা কৰিব নোৱাৰিব ৷ ইতিমধ্যে ট্ৰেফিকৰ ডি চি পিয়ে জাৰি কৰিছে এক নিৰ্দেশনা ৷

New guidelines for vehicular movement on Lakhra Nepali mandir road
লখৰা-নেপালী মন্দিৰ পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা (ETV Bharat)

গুৱাহাটী, ১২ জুলাই : গুৱাহাটীৰ লখৰা-নেপালী মন্দিৰ পথত নতুন উৰণ সেতুৰ কাম আৰম্ভ কৰাক লৈ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ যান-বাহন শাখাই যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত এক নিৰ্দেশনা জাৰি কৰিছে । বিৰুবাৰীৰ পৰা লালগণেশলৈ নিৰ্মাণ হ'বলগীয়া উৰণ সেতুৰ বাবে ট্ৰেফিকৰ ডি চি পিয়ে জাৰি কৰিছে এক নিৰ্দেশনা ৷

নিৰ্দেশনা অনুসৰি প্ৰস্তাৱিত ফ্লাই অভাৰ(উৰণ সেতু)ৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে দুয়োফালৰ পৰা অৰ্থাৎ চাইকেল ফেক্টৰী পইণ্টৰ পৰা বিষ্ণুপুৰ তিনিআলিলৈ আৰু বিষ্ণুপুৰ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী পইণ্টলৈ কোনো ধৰণৰ সামগ্ৰী কঢ়িওৱা বাহন, বাণিজ্যিক বাহন আৰু মন্থৰ গতিৰ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ।

আনহাতে চাইকেল ফেক্টৰী পইণ্টৰ পৰা বিৰুবাৰী তিনিআলিলৈ অংশ চোৱা হ’ব ওৱান ৱে হ'ব । লালগনেশ-চাইকেল ফেক্টৰীৰ পৰা অহা যান-বাহনসমূহ চাইকেল ফেক্টৰী পইণ্টত বিষ্ণুপুৰ পথৰ ফালে ডাইভাৰ্ট হৈ যাব লাগিব । সেইদৰে আৰ্য নগৰ-বিৰুবাৰী তিনিআলিৰ পৰা অহা বাহনসমূহ বিৰুবাৰী তিনিআলিৰ পৰা চাইকেল ফেক্টৰী পইণ্ট অভিমুখে যাব পাৰিব । এই পথ নিৰ্দেশনা ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ'ব ।

লগতে পঢ়ক : জনতাৰ প্ৰতি কি বিশেষ আহ্বান আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ - Heat Wave In Assam

উল্লেখ্য যে, চলিত বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাইকেল ফেক্টৰী জংচনৰ পৰা লালগণেশলৈ নিৰ্মাণ হ'বলগীয়া উৰণ সেঁতুখনৰ আধাৰশিলা স্থাপন কৰিছিল । ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে এই সেঁতুখন নিৰ্মাণ কৰা হ'ব । তিনিলেনযুক্ত এই সেঁতুখনৰ দৈৰ্ঘ হ'ব ২.৮৪ কিলোমিটাৰ ।

এই সেঁতুখনে বৃহত্তৰ এই অঞ্চলটোৰ যান-জঁটৰ সমস্যা লাঘৱ কৰিব বুলি আশা কৰা হৈছে । চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ নিৰ্মাণ হ'বলগীয়া সেঁতুখনৰ চাইকেল ফেক্টৰী আৰু লালগণেশত দুটা উইং থাকিব । ইতিমধ্যে উৰণ সেতুৰ কাম আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক : PRC ক লৈ পয়মাল ! চৰকাৰৰ অনুমতিবিহীন নিৰ্দেশনা দি পুনৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল উচ্চ শিক্ষা সঞ্চালকালয় - Ranoj Pegu on DHE order

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.