ETV Bharat / state

যোৰহাটৰ ৰাজপথত নৱজাতকৰ কান্দোন: আৰক্ষীয়ে কৰিলে হাস্পতালত ভৰ্তি - Baby Rescued In Jorhat

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 12:09 PM IST

New born baby rescued : যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত প্ৰত্যক্ষ নৱজাতক ৷ স্থানীয় লোকৰ তৎপৰতাত তথা আৰক্ষীৰ সহযোগত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি নৱজাতকটিক ৷ বৰ্তমান সংকটমুক্ত ৷

New born baby rescued
উদ্ধাৰ নৱজাতক (ETV Bharat Assam)

যোৰহাট, 13 আগষ্ট: ৰাজ্যত পুনৰ ভূ-লুণ্ঠিত মানৱতা । যোৰহাটত সংঘটিত হৈছে এক সভ্য সমাজক লজ্জানত কৰা ঘটনা । জিলাখনৰ ডি চি বি কলেজৰ সন্মুখৰ পথৰ দাঁতিত পোৱা গৈছে এটি নৱজাতক ।

সোমবাৰে সংঘটিত হৈছে এই কৰুণ ঘটনাটো । নিজৰ কু-কৰ্ম লুকুৱাই ৰাখিবৰ বাবেই এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ সমাজত লজ্জানত হোৱাৰ ভয়ত যোৰহাটৰ ডি চি বি কলেজৰ সন্মুখৰ পথৰ দাঁতিত অভিভাৱকে নৱজাতকটিক পেলাই থৈ যায় বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

জানিব পৰা মতে, নৱজাতকটি এটি কন্যা শিশু ৷ পথৰ দাঁতিত পেলাই থৈ যোৱা নৱজাতকটিৰ ৰাউচিজোৰা কান্দোন শুনি বাহিৰলৈ ওলাই আহে স্থানীয় ৰাইজ আৰু ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আৰু অতি ক্ষীপ্ৰতাৰে নৱজাতকটিক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায় ৷

বৰ্তমান নৱজাতকটি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশুকক্ষত ৰখা হৈছে বুলি জানিব পৰা গৈছে । বৰ্তমান শিশুটিৰ অৱস্থা সংকটমুক্ত বুলি জানিবলৈ দিছে চিকিৎসা মহাবিদ্যালয় সূত্ৰই ।

আনহাতে, এনে ঘৃণনীয় কাণ্ড সংঘটিত কৰা লোকক শীঘ্ৰে চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন ৰাইজে । এই ঘটনাই বৰ্তমান শৈক্ষিক মহানগৰী যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । সমান্তৰালভাৱে ৰাজ্যত বৃদ্ধি পাই অহা এনেবোৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই ঘটনাটোৰ পূৰ্বেও বহুবাৰ এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে জিলাখনত ৷

লগতে পঢ়ক: ভূ-লুণ্ঠিত মানৱতা : মেজিক ষ্টেণ্ডত উদ্ধাৰ সদ্যোজাত সন্তান

গাড়ীৰ পৰা দলিয়াই থৈ গ'ল নৱজাতকক - Newborn Dead Body Found

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.