ETV Bharat / state

নীপকোৱে এৰিলে ৰঙানদী বান্ধৰ পানী : লখিমপুৰত সতৰ্কতা জাৰি - Ranganadi dam

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:23 PM IST

NEEPCO: ৰঙানদী বান্ধৰ ৰিজাৰ্ভাৰত জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নীপকোৱে এৰিছে পানী ৷ ৰাইজক নদী কাষৰীয়া স্থানৰ পৰা নিৰাপদ দূৰত্বত আশ্ৰয় গ্ৰহণৰ বাবে জাননী জাৰি ৷

RANGANADI DAM
NEEPCO (ETV Bharat Assam)

লখিমপুৰ, ২৫ জুন: বিগত কেইদিনমানৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে অসমৰ নদ-নদীসমুহৰ জলস্তৰ ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সমানে ৰঙানদী প্ৰকল্পৰো পানী এৰিছে নীপকোৱে । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে, একেই অৱস্থা ৰঙানদী প্ৰকল্পৰো ৷ ফলত নীপকোৱে ৰঙানদী বান্ধৰ এখন গেট ইতিমধ্য়ে খুলি দিছে ৷

মঙলবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শক্তি উৎপাদন কেন্দ্ৰত হোৰাহোৰে সোমাইছে পানী । তীব্ৰ গতিত বৃদ্ধি পোৱা সোৱণশিৰিৰ জলপৃষ্ঠই সৃষ্টি কৰিছে আহুকলীয়া পৰিস্থিতিৰ । প্ৰকল্পটোৰ পাৱাৰ হাউছত পানী সোমোৱাৰ ফলত বৃহৎ ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে । প্ৰকল্পটোৰ সমীপত প্ৰচণ্ড গৰ্জন তুলি পানী বাগৰা পৰিলক্ষিত হৈছে । এই দৃশ্য প্ৰত্যক্ষ কৰি ৰাইজ শংকিত হৈ পৰিছে ।

লগতে পঢ়ক: বান নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূবত সৃষ্টি কৰিব লাগে বৃহৎ পুখুৰী: পৰ্যালোচনা বৈঠকত অমিত শ্বাহৰ পৰামৰ্শ - HM Amit Shah

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এনে পৰিবেশৰ সমানে ৰঙানদী প্ৰকল্পতো বৃদ্ধি পাইছে পানীৰ চাপ । অত্যধিক পানীৰ চাপে প্ৰকল্পটোৰ জলাধাৰৰ ক্ষতি কৰিব পাৰে । তেনে আশংকা কৰি প্ৰকল্পটোৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান নীপকোৱে প্ৰকল্পটোৰ অতিৰিক্ত জলৰাশি ৰঙানদীত এৰি দিয়াৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে । পানী এৰি দিয়াৰ পূৰ্বে নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ সন্ধ্যাৰ পূৰ্বে প্ৰেৰণ কৰিছিল এক সতৰ্কবাৰ্তা ।

নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰা সতৰ্কবাৰ্তাটোত সন্ধ্যা ৬.৪০ মিনিটত প্ৰকল্পৰ গেট খুলি দিয়া হ’ব বুলি জাননী দিয়াৰ লগতে প্ৰকল্পৰ পৰা পানী এৰি থকাৰ সময়ত ৰাইজক নদীৰ কাষলৈ যোৱাত বাধা আৰোপ কৰিছে । লখিমপুৰৰ দুফালে দুটা প্ৰকল্পৰ এনে বিপদজনক অৱস্থাৰ বাবে ৰাইজ শংকিত হৈ পৰিছে ৷ পূৰ্বেও নীপকোৱে পানী এৰি দিয়াৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈছিল লখিমপুৰ জিলাৰ বহুকেইটা অঞ্চলত ৷

লগতে পঢ়ক: সুস্থিৰ হোৱাৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ৩০ লৈ বৃদ্ধি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.