ETV Bharat / state

নীপকোৱে এৰিলে পানী; লখিমপুৰত বুৰিল কেবাখনো গাঁও - NEEPCO Releases Excess Water

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 11:24 AM IST

Flood in Lakhimpur : এফালে ৰেমলৰ প্ৰভাৱ, আনফালে নীপকোৱে প্ৰকল্পৰ পানী খুলি দিয়াৰ পাচতে ৰঙানদীয়েও দেখুৱাইছে তাণ্ডৱলীলা । এনে প্ৰাকৃতিক দুৰ্যোগৰ ফলত লখিমপুৰৰ ৰাইজে যমৰ-যাতনা ভুগিবলগীয়া হৈছে । আনকি মঙলবাৰে নিশা ৰঙা নদীয়ে এটা পথ ছিঙি নিয়াৰ ফলত তিনিখনকৈ এতিয়া পানীৰ তলত ।

Flood in Lakhimpur
নীপকোৰ প্ৰকল্পৰ পানী (ETV Bharat Assam)

লখিমপুৰ, ২৯ মে’ : লখিমপুৰত ৰঙানদীৰ সংহাৰ । মঙলবাৰে নিশাই ৰঙানদীৰ বাঢ়নি পানীয়ে পথ ছিঙি বুৰালে তিনিখনকৈ গাঁও । ইফালে ভূতৰ ওপৰত দানহ পৰাদি জিলাখনত প্ৰাকৃতিক দুৰ্যোগক আৰু অধিক জটিল কৰি তুলিছে নীপকোৱে ।

নীপকোৰ পানী, লখিমপুৰত বুৰিল কেবাখনো গাঁও (ETV Bharat Assam)

সমগ্ৰ ৰাজ্য এতিয়া প্ৰাকৃতিক দুৰ্যোগত জৰ্জৰিত হৈ পৰিছে । বংগোপসাগৰত সৃষ্ট ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱত অসমৰ বিভিন্ন জিলাত ধন-জনৰ বিস্তৰ ক্ষতি সাধন হৈছে । ৰাজ্যৰ আন জিলাসমূহৰ দৰে লখিমপুৰ জিলাতো ৰেমলৰ প্ৰভাৱ বহু পৰিমাণে পৰা পৰিলক্ষিত হৈছে । বৰং আন কিছু জিলাৰ তুলনাত লখিমপুৰ জিলাৰ ক্ষতিৰ পৰিমাণ বেছিকৈ হোৱাহে দেখা গৈছে ।

Flood in Lakhimpur
লখিমপুৰত বুৰিল কেবাখনো গাঁও (ETV Bharat Assam)

ৰেমলৰ প্ৰভাৱত ঘৰ-বাৰী, যাতায়াত ব্যৱস্থাৰ বিস্তৰ ক্ষতি হোৱাৰ সময়তে উত্তৰ পূব শক্তি নিগম চমুকৈ নীপকোৱে জিলাখনৰ প্ৰাকৃতিক দুৰ্যোগক অধিক জটিল কৰি তুলিছে । কালিৰ (মঙলবাৰ) পৰা নীপকোৱে অৰুণাচলৰ য়াজালিত থকা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা অতিৰিক্ত জলৰাশি মোকোলাই দিয়ে ।

লগতে পঢ়ক : মৰিগাঁৱত ৰেমলৰ ব্যাপক প্ৰভাৱ : জিলা প্ৰশাসনৰ তৎপৰতা - Cyclone Remal effects

কালি দুপৰীয়াৰ পৰা প্ৰকল্পৰ গেট খুলি বৰ্তমানলৈকে ৰঙানদীত প্ৰকল্পৰ পানী এৰিয়ে আছে । যাৰবাবে ৰঙানদীয়ে লখিমপুৰত তাণ্ডৱ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত নদীখনৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ সময়তে প্ৰকল্পৰ পানী অতিৰিক্তভাৱে এৰি দিয়াৰ ফলত নদীখনে বলিয়াৰ ৰূপ ধাৰণ কৰি লখিমপুৰত তাণ্ডৱ সৃষ্টি কৰিছে ।

আনকি এই বাঢ়নি পানীয়ে মঙলবাৰে নিশা লখিমপুৰ নগৰৰ সমীপৰ পাচ নৈ এলেকাত নদীখনে এটা কালভাৰ্টৰ সমীপত এছোৱা পথ ছিঙি পেলায় । পথটো ছিঙি নদীখনে কাষৰীয়া কুলাবিল, এক নং পাচ নৈ, আদিবাসী গাঁৱকে ধৰি কেইবাখনো গাঁও বুৰাই পেলায় । ফলত গাঁওকেইখনৰ প্ৰায়বোৰ পৰিয়ালৰ ঘৰ-বাৰী প্লাবিত হয় ।

ফলত আকস্মিকভাৱে হোৱা এই দুৰ্যোগৰ বাবে ৰাইজৰ মাজত হাহাকাৰ লাগে । বানৰ কবলৰ পৰা পোহনীয়া জীৱ-জন্তু ৰক্ষা কৰিবলৈ ৰাইজে দৌৰা-ঢপৰা কৰিব লগীয়া হয় । নদীখনৰ এনে তাণ্ডৱৰ বাবে নৈপৰীয়া ৰাইজে উজাগৰী নিশাও কটাব লগীয়াত পৰিছে ।

লগতে পঢ়ক : নীপকোৱেও এৰিলে প্ৰকল্পৰ পানী : ৰেমলৰ মাজতে লখিমপুৰত আন এক বিভীষিকা - NEEPCO releases excess water

উল্লেখ্য যে, প্ৰতি বছৰে বিশেষকৈ বাৰিষা কালত ৰঙানদী পৰীয়া অঞ্চলত এনে দুৰ্যোগৰ সৃষ্টি হয় আৰু ধন-জনৰ বিস্তৰ ক্ষতি সাধন হয় । নীপকোৱে নদীখনক প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত এনে দুৰ্যোগময় পৰিস্থিতিৰ পুনৰাবৃত্তি হৈ আহিছে । কম পৰিমাণে পানী খোলাৰ বিপৰীতে নীপকোৱে বহু বেছি পৰিমাণে পানী খুলি দিয়াৰ ফলত নদীখনে তাণ্ডৱ সৃষ্টি কৰে ।

নদীপৰীয়া ৰাইজে নীপকোক কম পৰিমাণে পানী খুলিবলৈ আৰু চৰকাৰক এই ক্ষেত্ৰত নীপকোক বাধ্য কৰিবলৈ দাবী জনাইছে ৷ আনহাতে নদী পৰীয়া অঞ্চলৰ পথসমূহ ওখকৈ নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনায় ।

উল্লেখ্য যে, নদীখনত নীপকোৱে প্ৰকল্পৰ পানী খুলি দিয়াৰ বাবে লখিমপুৰ ৰাজহ চক্ৰ বিষয়াই এক জাননীযোগে ৰাইজে নদীত গা ধোৱা, মাছ মৰা, নদীৰ কাষলৈ যোৱা আদি কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰিছে । জৰুৰী প্ৰয়োজনত ১০৭৭ নম্বৰত যোগাযোগ কৰিবলৈ চক্ৰ বিষয়াগৰাকীয়ে ৰাইজক আহ্বান জনায় ।

আনহাতে এই প্ৰকৃতিক দুৰ্যোগৰ বাবে জিলা আয়ুক্তই লখিমপুৰ মহকুমাৰ বিদ্যালয়সমূহ আজি (বুধবাৰ) দিনটোৰ বাবে বন্ধ ঘোষণা কৰিছে । ৰেমলৰ প্ৰভাৱৰ লগতে নীপকোৱে প্ৰকল্পৰ পানী খুলি দিয়াৰ বাবে ৰঙানদীয়ে সৃষ্টি কৰা তাণ্ডৱত এতিয়া লখিমপুৰৰ পৰিস্থিতি জটিল কৰি তুলিছে ।

লগতে পঢ়ক : ধুমুহাৰ ফলত গুৱাহাটীত উভালি পৰিল ৩৪ জোপা গছ - Cyclone Remal impact

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.