ETV Bharat / state

হাতী আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী হৈ থাকিবনে দীপৰ‌ বিল ? - Deepor Beel

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:05 PM IST

Save Deepor Beel : ক্ৰমে ধ্বংসৰ গৰাহলৈ গতি কৰিছে দীপৰ‌ বিলে ৷ সীমিত সংখ্যক স্থানীয় লোকে এই বিলখনক ৰক্ষা কৰিবলৈ অহৰহ যুঁজি আছে ৷ কিন্তু দিনে দিনে বাঢ়ি অহা মহানগৰীৰ হেঁচাই এইক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে ৷ বিলখন প্ৰদূষিত হৈ পৰাৰ বাবে এতিয়া পৰিভ্ৰমী চৰাইৰ সংখ্যা 165 বিধলৈ হ্ৰাস পাইছে ৷

DEEPOR BEEL
সংকটত দীপৰ বিল (ETV BHARAT ASSAM)

গুৱাহাটী, 3 জুলাই : গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ স্থান ৷ গুৱাহাটীৰ পৰিৱেশ-তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে দীপৰ বিল ৷ ই বাৰিষাৰ সময়ত অতিৰিক্ত পানী শোষণ কৰি গুৱাহাটীখনক বহু পৰিমাণে সকাহ দি আহিছে ৷ জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰাও দীপৰ বিল হৈছে অতি চহকী ৷ ই এখন পক্ষী অভয়াৰণ্য (Bird Sanctuary) আৰু এক IBA (Important Bird Area) ৷

ধ্বংসৰ গৰাহলৈ দীপৰ‌ বিল (ETV BHARAT ASSAM)

দীপৰ বিল আৰু বিলৰ দক্ষিণে গাতে লাগি থকা ৰাণী ৰিজাৰ্ভ ফৰেষ্ট হাতীৰ গুৰুত্বপূৰ্ণ বাসস্থান ৷ দীপৰ বিলৰ নামৰ অৰ্থই হ’ল হাতীৰ বিল (সংস্কৃতত হাতীৰ এটা নাম দ্বীপ) ৷ এই অঞ্চলত অতীজৰে পৰা হাতীৰ বসবাস আছে, লগতে ঠায়ে ঠায়ে আছে হস্তী দণ্ডী ৷ ৰাণী পাহাৰ আৰু অৰণ্যৰ পৰা হাতী নামি আহে দীপৰ বিললৈ ৷ কিন্তু প্ৰদূষণকে ধৰি আন আন সমস্যাৰ বাবে দীপৰ বিলখনক ক্ৰমে ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷ দীপৰ বিলক কেন্দ্ৰ কৰি থকা পৰিস্থিতি তন্ত্ৰ সোলোক-ঢোলোক হৈ পৰিছে ৷ যদিও এক সীমিত সংখ্যক স্থানীয় লোকে এই বিলখনক ৰক্ষা কৰিবলৈ অহৰহ যুঁজি আছে কিন্তু দিনে দিনে বাঢ়ি অহা মহানগৰীৰ হেঁচাই এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে ৷

দীপৰ বিললৈ পৰিভ্ৰমী চৰাই আৰু হাতীৰ আগমনত পৰা প্ৰভাৱ সন্দৰ্ভত পৰিৱেশ কৰ্মী কন্দৰ্প বড়োৱে ই টিভি ভাৰতক জনাই কেতবোৰ গুৰুত্বপূৰ্ণ কথা ৷ তেওঁ কয় যে 2009 চনত 'বন্যপ্ৰাণী সুৰক্ষা আইন-1972 ৰ অধীনত 4.14 বর্গ কিলোমিটাৰ অঞ্চল সামৰি 'দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য' (Deepor Beel Wildlife Sanctuary) স্বীকৃতি লাভ কৰিছে ৷ বিলখনৰ দক্ষিণ দিশত অৱস্থিত ৰাণী-গড়ভঙা সংৰক্ষিত বনাঞ্চলৰপৰা বিভিন্ন সময়ত নামি অহা জীৱ-জন্তুৰ ভিতৰত অন্যতম হৈছে বনৰীয়া হাতী ৷ ৰে’লপথ নিৰ্মাণৰ পূৰ্বে বাঘ, ভালুক, হৰিণ, বনৰীয়া হাতী বনৰীয়া গাহৰি ইত্যাদি বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু, চৰাই-চিৰিকটিয়ে দীপৰ বিলৰ পানীৰে তৃষ্ণা নিবাৰণ কৰিছিল ৷

লগতে পঢ়ক : দীপৰ বিলত ভয়াবহ প্ৰদূষণ: পামহী নলাৰ লগতে ডাম্পিং গ্ৰাউণ্ডেই মূল কাৰণৰ অভিযোগ - Deepor Beel Suraksha Manch

তেওঁ কয় যে 1991-92 চনত দীপৰ বিল আৰু ৰাণী-গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ সেউজ ভূমিৰ লগত সংযোগ বিচ্ছিন্ন কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’লপথ নিৰ্মাণ কৰি 24 ঘণ্টাই ৰে’ল চলাচল অব্যাহত ৰাখিছে ৷ ইয়াৰ ফলত বিললৈ নামি অহা বন্যহস্তী আৰু মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিলে ৷ ইতিমধ্যে ৰে’লৰ খুন্দাত কেইবাটাও বন্যহস্তীৰ মৃত্যু ঘটিছে ৷ তদুপৰি ৰাণী সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ গচকত 20 জনৰো অধিক নিৰীহ লোকে মৃত্যুক সাবটিবলগীয়া হৈছে ৷ তেওঁ কয় যে আজাৰা ষ্টেচনৰপৰা ভাংৰা মন্দিৰলৈ মুঠ পাঁচটা হস্তীদণ্ডি (Elephant Corridor) আছে ৷ যেনে, বেলতলা, মিকিৰপাৰা, সভাঘৰ, চেগুনবাৰী আৰু ভাঙৰা মন্দিৰ- এই পাঁচটা হস্তীদণ্ডি ম্যাদী পট্টাৰ ভূমি ৷ এই ভূমিৰে হাতী অহা-যোৱা কৰে ৷

ইতিমধ্যে ভূমিৰ গৰাকীয়ে দণ্ডিবোৰ মাটিৰে পুতি দেৱাল সাজিবলৈ আৰম্ভ কৰিছে ৷ দণ্ডিবোৰ বন্ধ হোৱাৰ একেবাৰে অন্তিম পৰ্যায় পাইছে ৷ ইয়াৰ পৰিণতি হ'ব হাতীৰ জাকবোৰ দীপৰ বিললৈ নামি অহাত ঘৰ, দেৱাল আদিয়ে বাধাৰ সৃষ্টি কৰিব ৷ তৎসত্ত্বেও কিছুমানৰ ঘৰ, দেৱাল ভাঙি হ'লেও বিলত নামিবই ৷ কাৰণ, প্ৰাকৃতিকভাৱে সৃষ্ট বিলখনত হাতীয়ে গা ধুব, পানী খাব, ইয়াৰ ঘাঁহ-বন খাব, পানীত খেলিব ইত্যাদি ৷ ইয়াৰ দাঁতিকাষৰীয়া গাঁও যেনে- পাটগাঁও, জৰে, সজ্জনপাৰা, বাকৰাপাৰা, ছাটাৰ গাঁও, আন্ধেৰীজুলি, বাঙাপাৰা ইত্যাদি আন আন গাঁওবোৰত খাদ্যৰ সন্ধানত সোমাব বনৰীয়া হাতী ৷ ফলত অনাগত দিনবোৰত যে হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত ৷

তেওঁ কয় যে বন বিভাগ বা চৰকাৰে হস্তী দণ্ডিবোৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত পাঁচটা দণ্ডিৰ ভূমি নিজৰ অধীনত ৰখাৰ ব্যৱস্থা কৰা উচিত ৷ ভৱিষ্যতৰ বাবে এই দণ্ডি একেই অৱস্থাত থকাৰ ব্যৱস্থাও কৰিব লাগিব ৷ তেওঁ জনায় যে দীপৰ বিলত ওচৰৰ পাহাৰৰ পৰা দুশৰো অধিক হাতী আছে ৷ দুবছৰ পূৰ্বে 51 টা হাতী বিললৈ আহিছিল ৷ যোৱা দুসপ্তাহ পূৰ্বে 80 টা হাতীৰ এটা জাক আহিছিল ৷ গতিকে দেখা যায় যে, দীপ বিলৰ ওচৰৰ পাহাৰত হাতীৰ সংখ্যা বিশেষ হ্ৰাস পোৱা নাই ৷ কিন্তু হাতীৰ খাদ্য আৰু বাসস্থান হ্ৰাস পাইছে, ‌সেয়া চিন্তনীয় ৷ তেওঁ জনায় যে পূৰ্বতে দীপৰ বিললৈ 265 বিধ পৰিভ্ৰমী চৰাই আহিছিল ৷ এতিয়া বিলখন প্ৰদূষিত হৈ পৰাৰ বাবে এতিয়া পৰিভ্ৰমী চৰাইৰ সংখ্যা 165 বিধলৈ হ্ৰাস পাইছে ৷

লগতে পঢ়ক : অবিবেচক কাণ্ডই সৰ্বনাশ মাতিছে দীপৰ বিলৰ; ৰাজনীতিতে ব্যস্ত চৰকাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.