ETV Bharat / state

অবিবেচক কাণ্ডই সৰ্বনাশ মাতিছে দীপৰ বিলৰ; ৰাজনীতিতে ব্যস্ত চৰকাৰ !

Conservation of Deepor Beel : পুতিগন্ধময় পৰিৱেশ এতিয়া দীপৰ বিলৰ চৌপাশে । ঘোলা পানী, জাবৰৰ দ'ম, বেদখল আদিৰ বাবেই ভয়াৱহ সংকটত মহানগৰীৰ গাতে লাগি থকা মনোৰম দীপৰ বিল । চৰকাৰে এই দীপৰবিলৰ উন্নয়নক লৈ বাৰে বাৰে ৰাজনীতি কৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 2:01 PM IST

অবিবেচক কাণ্ডই সৰ্বনাশ মাতিছে দীপৰ বিলৰ
অবিবেচক কাণ্ডই সৰ্বনাশ মাতিছে দীপৰ বিলৰ
অবিবেচক কাণ্ডই সৰ্বনাশ মাতিছে দীপৰ বিলৰ

মিৰ্জা, ১৯ মাৰ্চ : ভয়াৱহ সংকটৰ গৰাহত পৰিছে প্ৰকৃতিৰ মনোৰম আকৰ দীপৰ বিল । বিশ্বৰ ঐতিহ্যপূৰ্ণ জলাহভূমিৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা এই দীপৰ বিল হৈছে জৈৱ-বৈচিত্ৰ্যৰ এক অন্যতম সম্পদ । স্থানীয় প্ৰজাতিৰ লগতে দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ জলকেলিত মুখৰিত হৈ থকা এই দীপৰ বিল স্থানীয় আৰু বিৰল প্ৰজাতিৰ মাছৰো বৰঘৰ । চালে চকুৰোৱা অপৰূপ সৌন্দৰ্যৰ পাৰ মণিব নোৱাৰা এই দীপৰ বিল ।

প্ৰাকৃতিক সৌন্দৰ্যৰ অনন্য সম্ভাৰ কঢ়িয়াই মাহনগৰীৰ গাতে লাগি এদিন উজলি আছিল মনোৰম দীপৰ বিল । কিন্তু প্ৰাকৃতিক পৰিৱেশৰ এক অনন্য আয়তন বোকোচাত কঢ়িয়াই আজি সেই দীপৰ বিল ভয়াৱহ সংকটৰ গৰাহত পৰিছে । বৰ্তমান মহানগৰীৰ সমস্ত আৱৰ্জনা বক্ষত কঢ়িয়াই ভাগৰুৱা হৈ পৰিছে এইখন ৰামছাৰ ক্ষেত্ৰৰ ঐতিহ্য বহন কৰা বিল ।

বিলখনৰ পাৰতে দুটাকৈ ডাম্পিং গ্ৰাউণ্ড আৰু মহানগৰীৰ সমস্ত আৱৰ্জনাৰে বিলখনৰ বক্ষ ভৰি পৰাৰ ফলত বিলখনৰ চৌদিশে এতিয়া পুতিগন্ধময় পৰিৱেশ । পানী ঘোলা হৈ পৰাৰ ফলত বিলখনত থকা জীৱকুলৰ বাবেও অশনি সংকেত নামি আহিছে ।

আনহাতে, বিলখনৰ চৌদিশে আকৌ বেদখল । কিছু বছৰ আগলৈকে মনোৰম সেউজীয়া পৰিৱেশেৰে প্ৰকৃতিক অনন্য আয়তন দি থকা দীপৰ বিলৰ পাৰলৈ আপুনি আজি যাব নোৱাৰে । পুতিগন্ধময় পৰিৱেশৰ বাবেই এতিয়া ভয়াৱহ সংকট নামি আহিছে এইখন মনোৰম বিললৈ ।

আনহাতে, চৰকাৰে বাৰে বাৰে দীপৰ বিল উন্নয়নৰ বাবে কোটি কোটি টকাৰ আঁচনি গ্ৰহণৰ ফুলজাৰি মাৰে যদিও সকলো যেন ফুটুকাৰ ফেন । এনেদৰেই চৰকাৰে বিলখনক লৈ ৰাজনীতি কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক : সাৱধান মহানগৰবাসী ! ক্ৰমাৎ বেয়ালৈ গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.