ETV Bharat / state

অভয়াৰণ্য বেদখল সন্দৰ্ভত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ - NGT Order to Assam Govt

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 8:46 PM IST

NGT order to Assam Govt: শোণিতপুৰ জিলাৰ কেইবাখনো সংৰক্ষিত বনাঞ্চলত হোৱা বেদখল সন্দৰ্ভত চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৷ ৪ সপ্তাহৰ ভিতৰত পুনৰ শপতনামা দাখিলৰ নিৰ্দেশ দিছে ৷

NGT Order to Assam Govt
অভয়াৰণ্য বেদখল সন্দৰ্ভত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ (ETV Bharat)

তেজপুৰ, ২৯ আগষ্ট : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে শোণিতপুৰ জিলাৰ সোনাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ, বালিপৰা সংৰক্ষিত বনাঞ্চলৰ বেদখলক লৈ পুনৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যোৱা ২১ আগষ্টত অসমৰ মুখ্য সচিব, মুখ্য বন সংৰক্ষক বিষয়াৰ লগতে পৰিৱেশ আৰু বন মন্ত্ৰালয়লৈ জাননী জাৰি কৰিছে ।

সেউজ ন্যায়াধিকৰণে কিয় জাননী জাৰি কৰিলে :

জৈৱ বৈচিত্ৰ তথা আপুৰুগীয়া বনজ সম্পদেৰে সমৃদ্ধ এখন অভয়াৰণ্য আৰু দুখন সংৰক্ষিত বনাঞ্চলত দীৰ্ঘকাল ধৰি হোৱা ব্যাপক বেদখল তথা বন ধ্বংসৰ চৰকাৰী তথ্যত উদ্বিগ্ন হৈ পৰা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ব্যাপক হাৰত হোৱা এই বনাঞ্চল ধ্বংস সন্দৰ্ভত কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰৰ বন বিভাগকো জবাবদিহি কৰিছে ৷

শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ লগতে চাৰিদুৱাৰ আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ বৃহৎ এলেকাৰ বন ধ্বংস কৰি ব্যাপকভাৱে বেদখলকাৰীয়ে স্থায়ী গৃহ নিৰ্মাণ কৰাৰ লগতে চৰকাৰীভাৱে বিদ্যুতৰ যোগান, বিদ্যালয় নিৰ্মাণ, ভোটকেন্দ্ৰ স্থাপন আদি কাৰ্য সম্পন্ন কৰাৰ উপৰিও বনাঞ্চলকেইখনৰ বৃহৎ পৰিমাণৰ ভূমিৰ অধিকাৰ বেদখলকাৰীক প্ৰদান কৰাক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কলকাতাত থকা পূৰ্বাঞ্চল শাখাত ২০২৩ চনত দাখিল হোৱা এক গোচৰ মৰ্মে সেউজ ন্যায়াধিকৰণে জাননী জাৰি কৰিছে ।

কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক এইক্ষেত্ৰত কি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে এক শপতনামা দাখিলৰ বাবে যোৱা ২১ আগষ্টত নিৰ্দেশ দিছে ৷ ন্যায়াধিকৰণে একেটা নিদেৰ্শযোগে অসম চৰকাৰৰ মুখ্য সচিবকো পূৰ্বৰ ভুল শপতনামাৰ পৰিৱৰ্তে ৪ সপ্তাহৰ ভিতৰত পুনৰ শপতনামা দাখিলৰ নিৰ্দেশ দিছে ৷

উল্লেখ্য যে, সেউজ ন্যায়াধিকৰণত ২০২৩ চনত আবেদন দাখিল কৰিছিল শোণিতপুৰৰ দিলীপ নাথ নামৰ এগৰাকী পৰিৱেশকৰ্মীয়ে ৷ এই গোচৰ সংক্ৰান্তত ইতিপূৰ্বে ন্যায়াধিকৰণৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষকে যোৱা ২০২৪ চনৰ ১৫ জুলাইত আৰু কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু মন্ত্ৰালয়ৰ হৈ যোৱা ৩০ জুলাইত একেখন শপতনামা দাখিল কৰিছিল ৷ এই শপতনামা দাখিলৰ পিছত যোৱা ২১ আগষ্টত গোচৰটোৰ সংক্ৰান্তত হোৱা শুনানিৰ অন্তত সেউজ ন্যায়াধিকৰণৰ ন্যায়াধীশ বি. অমিত স্থালেকাৰ আৰু ড৹ অৰুণ কুমাৰ বাৰ্মাই উল্লেখিত নিৰ্দেশ জাৰি কৰে ৷

২১ আগষ্টৰ এই নিদেৰ্শটোত উল্লেখ কৰা হৈছে যে, অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ শপতনামাত প্ৰকাশ পোৱা অনুসৰি অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল দুখনৰ বৃহৎ এলেকাত প্ৰায় ৩ লাখ লোকে বেদখল কৰি চিৰসেউজ আৰু অৰ্ধ চিৰসেউজ বনভূমিত স্থায়ী গৃহ নিৰ্মাণ কৰাৰ লগতে বৃহৎ বনভূমিত তামোল, নাৰিকল, ৰবৰ, চাহ ইত্যাদি বাণিজ্যিক কৃষি কৰিছে ৷

শপতনামাত এই তথ্যও প্ৰকাশ পাইছে যে ইয়াৰে প্ৰায় ২৩ হেজাৰ ২৮ গৰাকী লোকে সোণাই-ৰূপাই অভয়াৰণ্য, চাৰিদুৱাৰ আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত বন অধিকাৰ আইন ২০০৬ ৰ আওতাত ভূমিৰ অধিকাৰ দাবী কৰি আবেদন দাখিল কৰিছে ৷ শপতনামাত সংলগ্ন তালিকাত প্ৰকাশ পোৱা অনুসৰি সংৰক্ষিত বনাঞ্চল তথা সংৰক্ষিত এলেকাৰ মুঠ ৭৩ হেজাৰ ৫২৪.৮৬ হেক্টৰ বনভূমিৰ প্ৰায় ৫০ হেজাৰ ২৪১ হেক্টৰ বনভূমি ইতিমধ্যে বেদখলৰ কবলত পৰিছে ৷

লক্ষ্যণীয় যে, বেদখলকাৰীয়ে সোণাই-ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত স্থায়ী গৃহ নিৰ্মাণৰ লগতে ৰবৰ বাগান, চাহ বাগিচা আদি স্থাপন কৰাৰ উপৰিও ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইয়াত বেদখলকাৰীৰ বাবে বিদ্যুৎ, পানী ইত্যাদি যোগানৰ ব্যৱস্থাও কৰা হৈছিল ৷ কেৱল ইমানেই নহয় আটাইকেইখন বনভূমিত সমগ্ৰ শিক্ষা অভিযানৰ তত্বাৱধানত মুঠ ৬৪ খন বিদ্যালয় নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰে ৩৩ খন বিদ্যালয় স্থাপন কৰা হৈছে সোণাই-ৰূপাইত অভয়াৰণ্যত ৷ সমগ্ৰ বন এলেকাত চৰকাৰীভাৱে স্থাপন কৰা হৈছে ৪০ টাকৈ ভোটকেন্দ্ৰও ৷

শপতনামা দাখিল কৰা সময় :

ৰাজ্যখনৰ জলবায়ুত ব্যাপক প্ৰভাৱ পেলোৱা এই বৃহৎ বনধ্বংস কাৰ্য দশকজুৰি সংঘটিত হৈ আহিছে চৰকাৰী পৃষ্ঠপোষকতাতে ৷ আটাইকেইখন বনাঞ্চলত হোৱা এই বৃহৎ বন ধ্বংস কাৰ্যৰ সামগ্ৰিক তথ্য ৰাজ্য চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ শপতনামাত প্ৰত্যক্ষ কৰাৰ পিচত সেউজ ন্যায়াধিকৰণে যোৱা ২১ আগষ্টৰ নিদেৰ্শযোগে প্ৰধান মুখ্য বন সংৰক্ষকৰ ১৫ জুলাইৰ এই শপতনামাৰ উত্তৰত এক শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ক নিৰ্দেশ দিয়াৰ লগতে দশকজুৰি হোৱা এনে বৃহৎ আকাৰৰ বেদখল সন্দৰ্ভত মন্ত্ৰালয়ৰ স্থিতি কি জনাবলৈ নিদেৰ্শ দিছে ৷ এই বৃহৎ বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত ইতিমধ্যে মন্ত্ৰালয়ে কি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে সেই কথাৰো উত্তৰ বিচাৰিছে সেউজ ন্যায়াধিকৰণে ৷

লগতে পঢ়ক :প্ৰসংগ সোণাই-ৰূপাই অভয়াৰণ্য বেদখল : 21 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰক সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ NGT ৰ - Sonai Rupai Wildlife Sanctuary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.