ETV Bharat / state

গুৱাহাটীৰ মাৰোৱাৰী হাস্পতালৰ উদ্যোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন - Doctors Day 2024

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 6:55 PM IST

National Doctors Day 2024 : "স্থিতিস্থাপকতা আৰু নিৰাময়ৰ হাত" এই বিষয়বস্তুক লৈ পালন কৰা হৈছে এই বৰ্ষৰ চিকিৎসক দিৱস ৷ মহানগৰীৰ মাৰোৱাৰী হাস্পতালতো অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ কাৰ্যসূচী ৷ চাওক সবিশেষ...

DOCTORS DAY 2024
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন (ETV Bharat Assam)

গুৱাহাটী, 1 জুলাই: আজি ১ জুলাই অৰ্থাৎ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ৷ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে মহানগৰীৰ মাৰোৱাৰী হাস্পতালত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ কাৰ্যসূচী ৷ ভাৰতৰত্ন, কিংবদন্তী চিকিৎসক, সমাজসেৱক, শিক্ষাবিদ তথা ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱা ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জীৱন আৰু কৰ্মক স্মৰণ কৰিবলৈ প্ৰতিবছৰে এক জুলাইৰ দিনটো পালন কৰা হয় চিকিৎসক দিৱস হিচাপে ।

মাৰোৱাৰী হাস্পতালত অনুষ্ঠিত ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ কাৰ্যসূচী (ETV Bharat Assam)

ৰাইজৰ প্ৰয়োজনৰ সময়ত নিঃস্বাৰ্থভাৱে সহায় কৰি অহা আৰু প্ৰতিগৰাকী লোকক উন্নত স্বাস্থ্যৰ বিষয়ে সজাগ কৰাৰ ক্ষেত্ৰত চিকিৎসকসকলৰ প্ৰচেষ্টাক স্বীকাৰ কৰা আৰু তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ৷

লগতে পঢ়ক: এগৰাকী চিকিৎসকৰ ভাষাৰে চিকিৎসক দিৱসৰ প্ৰতিফলন - Doctors Day 2024

1991 চনত ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন চমুকৈ আই এম এৰ প্ৰচেষ্টাত আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল এই দিৱস ৷ প্ৰতি বছৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস এটা নতুন বিষয়বস্তুৰে উদযাপন কৰা হয় । এই বৰ্ষৰ চিকিৎসক দিৱসৰ মূল লক্ষ্য আছিল "স্থিতিস্থাপকতা আৰু নিৰাময়ৰ হাত" ৷

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে মহানগৰীৰ মাৰোৱাৰী হাস্পতালত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ এলানি কাৰ্যসূচী ৷ মাৰোৱাৰী হাস্পতালৰ উদ্যোগত, যুৱা ভাৰতী আৰু এক্সিছ বেংকৰ সহযোগত অনুষ্ঠিত কৰা এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় হাস্পতালখনৰ চিকিৎসকসকলক ৷ লগতে এই অনুষ্ঠানৰ জৰিয়তে ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ তাৎপৰ্য আৰু গুৰুত্ব সম্পৰ্কেও আলোচনা কৰা হয় ৷

লগতে পঢ়ক: National Doctor's Day: কিয় আজিৰ দিনটোতে সমগ্ৰ দেশতে পালিত হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, কাৰণ জানি লওক

সকলোৱে জানে যে, চিকিৎসকসকলে আমাৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰে । এই কামত তেওঁলোকে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হয় । যেনে- দীঘলীয়া কৰ্ম সময়, মানসিক আৰু শাৰীৰিক চাপ আৰু জৰুৰী পৰিস্থিতি ইত্যাদি । চিকিৎসকসকল আমাৰ সমাজৰ গুৰুত্বপূৰ্ণ স্তম্ভ আৰু তেওঁলোকৰ ভূমিকাক প্ৰশংসা আৰু সন্মান কৰা প্ৰয়োজন ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় চিকিৎসক দিৱস; ইয়াৰ গুৰুত্ব - National Doctors Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.