ETV Bharat / state

উপভোক্তা অধিকাৰ আৰু সুৰক্ষা আইন থকাৰ পিচতো কিয় ঠগ খায় গ্ৰাহকে ? - NATIONAL CONSUMER DAY 2024

দৈনন্দিন জীৱনত প্ৰতিজন গ্ৰাহক বা উপভোক্তাই সামগ্ৰী ক্ৰয় কৰোতে ল'বলগীয়া সাৱধানতাৰ বিষয়ে জ্ঞাত নোহোৱা বাবেই লোকচান ভৰিবলগীয়া হয় ৷

National Consumer Day
ৰাষ্ট্ৰীয় উপভোক্তা দিৱস-2024 (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 14 hours ago

ধেমাজি : আজি ৰাষ্ট্ৰীয় উপভোক্তা দিৱস-2024 ৷ উপভোক্তা অধিকাৰ আৰু সুৰক্ষাৰ বাবে ১৯৮৬চনত প্ৰথমে গৃহীত হৈছিল আইন । ইয়াৰ পৰৱৰ্তী সময়ত ২০১৯ চনত পুনৰ সংশোধন হৈছিল এই আইনখন ৷ পিছে এই আইন আৰু অধিকাৰৰ বিষয়ে ধাৰণা নথকা বাবেই বহুতো অসাধু ব্যৱসায়ীয়ে সাধাৰণ গ্ৰাহকৰ পৰা মুনাফা লুটি আছে ৷

ইপিনে, অসম চৰকাৰৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ ফাইলতে আৱদ্ধ হৈ আছে সজাগ সচেতনতাৰ গোঁহাৰি । দৈনন্দিন জীৱনত প্ৰতিজন গ্ৰাহক বা উপভোক্তাই সামগ্ৰী ক্ৰয় কৰোতে ল'বলগীয়া সাৱধানতাৰ বিষয়ে জ্ঞাত নোহোৱা বাবেই লোকচান ভৰিবলগীয়া হয় ৷ বিশেষকৈ জোখ-মাখ কৰা আহিলাসমূহৰ জৰিয়তে অসাধু ব্যৱসায়ীয়ে গ্ৰাহকৰ পৰা লুটি আহিছে বৃহৎ ধন ৷

ৰাষ্ট্ৰীয় উপভোক্তা দিৱস-2024 (ETV Bharat Assam)

পিছে আশ্চৰ্যজকৰ কথা এয়ে যে ৰাজ্যৰ প্ৰতিখন জিলাত এই ব্যৱসায়ীসকলৰ জোখ-মাখৰ আহিলাসমূহৰ সত্য নিৰূপণ কৰাৰ বাবে অসম চৰকাৰৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগটো আছে যদিও কেৱল দুজন-তিনিজন কৰ্মচাৰীৰেহে চলি আছে কাৰ্যালয় । উপভোক্তা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে যেনে ধৰণেৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে কাৰ্যতঃ তাৰ এখন বিপৰীত ছবিহে প্ৰতিফলিত হৈছে ৷

ফাইলতে আৱদ্ধ জোখ-মাখৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা:

এগৰাকী পৰিদৰ্শক, দুগৰাকী কৰ্মচাৰী কৰ্মৰত হৈ থকা ধেমাজিৰ এই বিভাগটোৰ জিতু মেচ নামৰ কৰ্মচাৰীগৰাকীয়ে কয়, “গ্ৰাহকসকলে সামগ্ৰী ক্ৰয় কৰোতে জোখ-মাখৰ আহিলাসমূহ যেনে দগা, কাটা, লিটাৰ, মিটাৰ আদি বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ পৰিদৰ্শকে সত্য নিৰূপণ মোহৰ লগাইছে নে সেই বিষয়ে নিশ্চিত হোৱাটো প্ৰয়োজনীয় আৰু সেই সমূহত বিভাগীয় চীল-মোহৰ আছেনে নাই চাব লাগে ৷"

তেওঁ পুনৰ কয়, "গ্ৰাহকসকলে ওজনৰ সামগ্ৰী কিনোতে স্থায়ী ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা তৰ্জুখন কোনো স্থানত ওলোমাই ব্যৱহাৰ কৰিছেনে নাই চাব লাগে ৷ সোণ- ৰূপ আদি ক্ৰয় কৰোতে গ্ৰাম, মিলিগ্ৰামত ক্ৰয় কৰিব লাগে ৷ পেট্ৰ'ল পাম্পত তেল কিনোতে তেলৰ পৰিমাণৰ তাৰতম্য পালে সেই বিষয়ে নিশ্চিত হ'বৰ বাবে বিভাগীয় পৰিদৰ্শকে শুদ্ধতা নিৰূপণ কৰা পাম্পত থকা লিটাৰত জুখি চাব পাৰে ৷’’ তেওঁ লগতে কয়, “অহা ২৮ ডিচেম্বৰৰ পৰা 3 জানুৱাৰীলৈকে ধেমাজিত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত সজাগতা কৰিবলৈ যত্ন কৰিম ৷’’

ইপিনে, ধেমাজিৰ এগৰাকী সচেতন ব্য়ক্তি উজ্জ্বল চুতীয়াই সংশ্লিষ্ট বিভাগটোক সমালোচনা কৰি কয়, “সংশ্লিষ্ট বিভাগটোৱে গ্ৰাহকৰ বাবে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনে নকৰা বাবে আমি যেতিয়া সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁ তেতিয়া সচেতনতা আৰু অজ্ঞানতাৰ বাবে গ্ৰাহকসকলে লুণ্ঠনৰ সন্মুখীন হৈ আহিছো ৷ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ দগা-পাল্লা আদি কেনেদৰে ছীল-মোহৰ থাকিব লাগে বিভাগে সেইবোৰ সত্য নিৰূপণ নকৰা বাবে গ্ৰাহকে ঠগ খাই আহিছে ৷ সেয়ে ইয়াৰ বাবে বিভাগটো দায়ী ৷ তেওঁলোকে মানুহ নাই বুলি কৈ দৰমহা খাই বহি আছে । বিভাগটো বগাহাতীত পৰিণত হৈছে ৷ সেয়ে বিভাগটোৰ বিৰুদ্ধে তদন্ত কৰিব লাগে ৷’’

লগতে পঢ়ক:ৰাষ্ট্ৰীয় কৃষক দিৱস : সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে অন্নদাতাক ধন্যবাদ জনোৱাৰ এক প্ৰয়াস - NATIONAL FARMERS DAY 2024

আন্তৰ্জাতিক প্ৰব্ৰজন দিৱস: প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষাৰ ওপৰত আন্তৰ্জাতিক সন্মিলন গ্ৰহণ - INTERNATIONAL MIGRANTS DAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.