ETV Bharat / state

প্লাষ্টিক বিহীন এটা পূজা মণ্ডপ; পিছে ক’ত আছে এই পূজা মণ্ডপটো

Maha Shashti: প্লাষ্টিকৰ ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা এই পূজা মণ্ডপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ তদুপৰি মণ্ডপৰ ভিতৰভাগ পৰিচালনা হ'ব সম্পূৰ্ণ মহিলাৰ দ্বাৰা ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Nalbari Exceptional Puja Pandal
বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা (ETV Bharat Assam)

নলবাৰী, ৯ অক্টোবৰ : আজি বিল্ববোধন । ৰাজ্যজুৰি দুৰ্গতি নাশিনী দেৱী দুৰ্গাক আদৰাৰ প্ৰস্ততি ইতিমধ্য়ে সম্পন্ন হৈছে । নলবাৰীতো সম্পন্ন প্ৰতিখন পূজাৰ প্ৰস্তুতি । মা দেৱীক ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰি আজিৰে পৰা চলিছে পূজা-অৰ্চনা ।

দুৰ্গা পূজা মানেই আকৰ্ষণীয় মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা । কোন আয়োজক কমিটীয়ে কিমান আকৰ্ষণীয়কৈ মণ্ডপ নিৰ্মাণ কৰিব পাৰে সেই প্ৰতিযোগিতা চলিলেও বহুতে পৰিৱেশ অনুকূল সামগ্ৰী ব্য়ৱহাৰ কৰিছে । নলবাৰীৰ এখন পূজা কমিটীয়েও গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । প্লাষ্টিক বিহীনভাৱে সম্পূৰ্ণ মণ্ডপ সাজি উলিয়াইছে ফ'ৰেষ্ট অফিচ পথৰ বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিয়ে ।

পূজা মণ্ডপত বাহিৰ আৰু ভিতৰ ভাগত প্লাষ্টিক বিহীনভাৱে বাঁহ আৰু মৰাপাটেৰে নিৰ্মাণ কৰিছে । আহিনৰ কঁহুৱা আৰু বাঁহৰ ৰং-বিৰঙি চুঙা সজাই সাজিছে পূজা মণ্ডপ । চৰকাৰী নীতি-নিৰ্দেশনা সম্পূৰ্ণ ৰূপে মানি চলি প্লাষ্টিক বিহীন এইখন পূজাৰ মণ্ডপ এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ।

  • মহিলাই পৰিচালনা কৰিব মণ্ডপ

আনহাতে, এইখন বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাত আছে আন এক ব্যতিক্ৰম পদক্ষেপ । আধ্যাত্মিকতাৰ দিশত পূজা মণ্ডপৰ ভিতৰ ভাগ পৰিচালনা হ'ব সম্পূৰ্ণ মহিলাৰ দ্বাৰা । ষষ্ঠীৰ পৰা দশমীলৈ পূজা মণ্ডপৰ ভিতৰৰ ভাগ মহিলাসকলে কৰিব পৰিচালনা আৰু বাহিৰৰ দিশটো পৰিচালনা হ'ব পুৰুষৰ দ্বাৰা । ভক্তসকলক অপ্যায়নৰ লগতে এইখন পূজাৰ আয়োজকসকলে সমাজলৈ প্ৰেৰণ কৰা এই বাৰ্তাই জিলাখনতে এক বিশেষ পদক্ষেপ ৰূপে বিবেচিত হৈছে ।

  • পূজাত সম্প্ৰীতিৰ নিদৰ্শন

উল্লেখ্য় যে নলবাৰী চহৰৰ এইখন বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাই এইবেলি ১৮ বৰ্ষত পদাৰ্পণ কৰিছে । অসমীয়া,মাৰোৱাৰী আৰু বাঙালী সম্প্ৰদায়ে আয়োজন কৰি আহিছে এইখন দুৰ্গা পূজা । সকলোৱে সমিলমিলে এইখন পূজাত প্ৰতি বছৰে সম্পূৰ্ণ সহযোগ কৰি আহিছে বুলি উদ্যোক্তাসকলে কয় ।

লগতে পঢ়ক:যোৰহাটত আকৰ্ষণৰ কেন্দ্ৰবিন্দু ডিজনীলেণ্ডৰ আৰ্হিৰ পূজা মণ্ডপ

দুর্গোৎসৱৰ সময়ত মহানগৰীৰ কোন কোন পথেৰে কৰিব পাৰিব যাতায়ত; কোনবোৰ পথ থাকিব বন্ধ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.