ETV Bharat / state

নিয়ম অমান্য কৰিলেই ভুগিব লাগিব শাস্তি : ডাম্পাৰ-ট্ৰেক্টৰ চালকক শেষ সকীয়নি জিলা আয়ুক্তৰ - NALBARI ROAD ACCIDENT - NALBARI ROAD ACCIDENT

Accident in Nalbari : পথ দুৰ্ঘটনাই কলেজীয়া ছাত্ৰীৰ প্ৰাণ লোৱাৰ পিছতে ডাম্পাৰ-ট্ৰেক্টৰ চালকক সকীয়নি নলবাৰী জিলা আয়ুক্তৰ ৷ দিনৰ ভাগত ডাম্পাৰ-ট্ৰেক্টৰ চলা দেখিলেই কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ ৷

NALBARI ROAD ACCIDENT
ডাম্পাৰ-ট্ৰেক্টৰ চলা দেখিলেই কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 8:17 PM IST

নলবাৰী, 12 আগষ্ট : আজিৰে পৰা দিনৰ ভাগত ডাম্পাৰ, ট্ৰেক্টৰ চলোৱাসকল সাৰি নাযাব ৷ ডাম্পাৰ, ট্ৰেক্টৰ চালকক সাৱধানবাণী শুনালে জিলা আয়ুক্তই ৷ ৰাইজে কিমান আৰু সহিব ডাম্পাৰ, ট্ৰেক্টৰৰ অতপালি ৷

ডাম্পাৰ-ট্ৰেক্টৰ চালকক শেষ সকীয়নি জিলা আয়ুক্তৰ (ETV Bharat Assam)

ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বিৰুদ্ধে কিমান অভিযোগ দিব ৰাইজ তথা দল-সংগঠনে ৷ ৰাজপথসমূহ ৰাইজৰ বাবে নহয় যেন ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বাবেহে বনাইছে ৷ ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৈৰাত্ম্যৰ বাবে এটাৰ পিচত আনটো দুৰ্ঘটনাই নলবাৰী জিলাত প্ৰাণ লৈছে নিৰীহ লোকৰ ৷ দিনৰ ভাগতে এতিয়া জিলাখনৰ ৰাজপথত যমদূত সদৃশ হৈ পৰিছে ডাম্পাৰ-ট্ৰেক্টৰ ৷

ৰাইজে বাৰম্বাৰ দিয়া এই অভিযোগক অতদিনে জিলা প্ৰশাসনে কিদৰে গুৰুত্ব আৰোপ কৰি আহিছিল সেয়া দুৰ্ঘটনা সমূহেই প্ৰতিপন্ন কৰে ৷ আজি নলবাৰী চহৰৰ গণেশ মন্দিৰ চ'কত ডাম্পাৰে এগৰাকী ছাত্ৰীৰ প্ৰাণ লোৱাৰ পিছত ক্ষোভিত ৰাইজে সমগ্ৰ নলবাৰী চহৰ স্তব্ধ কৰাতহে গা লৰিল জিলা প্ৰশাসনৰ ৷ ঘটনা অনুসৰি কলেজলৈ গৈ থকা অৱস্থাত ডাম্পাৰৰ চকা দেহৰ ওপৰেৰে উঠাই নিয়াত থিতাতে মৃত্যুক আকোঁৱালি লয় জিলাখনৰ বৰকটলাকুছি গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে ৷ এই ঘটনাৰ পিছতে নলবাৰীৰ মাজেৰে যোৱা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু ফলত ৰাষ্ট্ৰীয় ঘাইপথ বহু সময় আবদ্ধ হৈ পৰে ৷

লগতে পঢ়ক : শিৱভক্তৰ গাৰ ওপৰেৰে চলিল তীব্ৰবেগী ট্ৰাক: থিতাতে নিহত 4 - ROAD ACCIDENT IN GOSSAIGAON

প্ৰতিবাদৰ পিছতে জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ ৷ কিন্ত বহু সময় পৰিস্থিতি স্বাভাৱিক নোহোৱাত ঘটনাস্থলীত জিলা আয়ুক্ত বৰ্ণালী ডেকা উপস্থিত হয় আৰু ৰাইজৰ দাবী পূৰণ কৰাৰ আশ্বাস দিয়াত মুকলি হয় ৰাজপথ ৷ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত সংবাদমাধ্যমত উদণ্ড ডাম্পাৰ আৰু ট্ৰেক্টৰ চালকক শেষ সকীয়নি দিয়ে জিলা আয়ুক্তগৰাকীয়ে ৷ আজিৰে পৰা দিনৰ ভাগত নলবাৰীত ডাম্পাৰ আৰু ট্ৰেক্টৰ চলা দেখিলে ৰাইজক ফটো উঠাই জিলা প্ৰশাসনে মুকলি কৰা বিশেষ নম্বৰত প্ৰেৰণ কৰিবলৈ আহ্বান আয়ুক্ত বৰ্ণালী ডেকাৰ ৷ যদি দিনৰ ভাগত ডাম্পাৰ অথবা ট্ৰেক্টৰ চলাৰ কোনো খবৰ লাভ কৰে, লগে লগে প্ৰশাসনৰ লোকে বাহনসমূহ জব্দ কৰি উচিত শাস্তি প্ৰদান কৰিব বুলি জনায় ৷ ৰাইজক জিলা আয়ুক্তই সামাজিক মাধ্যমত প্ৰকাশ কৰা নম্বৰত ফটো প্ৰেৰণ কৰিবলৈ আহ্বান জনায় ৷ নিয়ম অমান্য কৰাসকলক শেষ সকীনিৰে উচিত শাস্তি প্ৰদান কৰাৰ আশ্বাস দিয়ে জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷

লগতে পঢ়ক : ৰাজপথত ঘাতকৰূপী ডাম্পাৰৰ দৌৰাত্ম: নিমিষতে প্ৰাণ হেৰুৱালে মেধাৱী ছাত্ৰীয়ে - ROAD ACCIDENT IN NALBARI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.