নগাঁও, 24 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তত খাৰিজ কৰা হ'ল আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেছন এক্ট-1935 ৷ ইয়াৰ পিচতেই কেবিনেটৰ সিদ্ধান্তক আদৰণি একাংশ ইছলাম ধৰ্মাৱলম্বী মহিলাৰ ৷ এই আইন খাৰিজৰ বাবে অসম চৰকাৰক ধন্যবাদ দিছে ভুক্তভোগী ইছলাম ধৰ্মাৱলম্বী মহিলাই ৷
- " class="align-text-top noRightClick twitterSection" data="">
1935 চনতে গৃহীত হোৱা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেছন আইনক লৈ শেহতীয়াকৈ চর্চা চলি থকাৰ সময়ত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক সিদ্ধান্ত ৷ আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেছন আইন ১৯৩৫ অসম চৰকাৰৰ কেবিনেটে খাৰিজ কৰাৰ সিদ্ধান্তক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ লগতে সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ একাংশই এই আইন খাৰিজৰ সিদ্ধান্তক আদৰণি জনোৱাৰ বিপৰীতে আন একাংশই বিৰোধিতা কৰা পৰিলক্ষিত হৈছে ৷
ইয়াৰ মাজতে শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখলৈ ওলাই আহি অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তক লৈ সন্তুষ্টি প্ৰকাশ কৰে নগাঁৱৰ একাংশ ইছলাম ধৰ্মাৱলম্বী মহিলা ৷ এই আইন খাৰিজৰ বাবে উৎফুল্লিত হৈ পৰিছে এই সকল মহিলা ৷ একাংশ মহিলাই মিঠাই বিতৰণ কৰি আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেছন আইন বাতিলক লৈ আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷
এগৰাকী বিবাহ বিচ্ছেদৰ বলি হোৱা ভুক্তভোগী মহিলাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ এটি কণমানি সন্তানৰ মাতৃ মহিলাগৰাকী, চৰকাৰী শিক্ষক স্বামীৰ নানা হাৰাশাস্তিৰ সন্মুখীন হৈ আৰক্ষীৰো কাষ চপা বুলিও জানিবলৈ দিয়ে ৷ কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেছন আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ লগতে তেওঁক হাৰাশাস্তি কৰা স্বামীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে মহিলাগৰাকীয়ে ৷
লগতে পঢ়ক : মুছলিম বিবাহ আৰু বিচ্ছেদ আইন খাৰিজৰ ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰৰ