নগাঁও: আৰক্ষীৰ তৎপৰতাৰ বাবেই ন্যায় লাভ কৰিলে যৌন নিৰ্যাতনৰ বলি হোৱা এটি পাঁচমহীয়া শিশুৰ পৰিয়ালে । মাত্ৰ পাঁচ মাহতেই শিশুটিক যৌন নিৰ্যাতন চলোৱা দোষীৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিলে আদালতে । ঘটনাটো নগাঁও জিলাৰ কচুৱাৰ । বিগত মে' মাহতে সংঘটিত হোৱা এই জঘন্য ঘটনাই জোকাৰি গৈছিল সমগ্ৰ নগাঁও জিলাক । মাত্ৰ পাঁচমহীয়া এটি দেৱ শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দোষী সাব্যস্ত হয় এজন ৬০ বছৰীয়া বৃদ্ধ । লম্পট প্ৰকৃতিৰ বৃদ্ধজনৰ নাম ফুকন বড়ো ।
ঘটনাৰ বিৱৰণী মতে, চলিত বৰ্ষৰ ২১ মে'ত নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত এটি পাঁচমহীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ দৰে এক জঘন্য ঘটনা সংঘটিত হৈছিল । শিশুটিক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছিল ফুকন বড়ো নামৰ ৬০ বছৰীয়া বৃদ্ধজনৰ বিৰুদ্ধে । মাতৃয়ে শিশুটিক শুৱাই থৈ ঘৰৰ বাহিৰলৈ যাওঁতেই প্ৰতিবেশী ফুকন বড়োৱে শিশুটিক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ।
ঘটনা সংক্ৰান্তত শিশুটিৰ মাতৃয়ে কচুৱা আৰক্ষী থানাত সেইদিনাই এক গোচৰ দাখিল কৰে । ঘটনা সংক্ৰান্তত কচুৱা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত কচুৱা আৰক্ষীয়ে ৪১/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত । লগতে কচুৱা আৰক্ষীয়ে অভিযুক্ত ফুকন বড়োক তাৎক্ষণিকভাৱে কৰায়ত্ত কৰিবলৈও সক্ষম হৈছিল ।
Kudos to Ms Parmita Sarkar, APS, DySP(P) of Nagaon DEF, who as Investigating Officer, have been able to get conviction (Life Imprisonment) in a Sexual Offence Case to a 5 Months old Child. @gpsinghips @DGPAssamPolice @HardiSpeaks @AssamCid @assampolice @HardiSpeaks pic.twitter.com/82qCLT4x6u
— Nagaon Police (@nagaonpolice) October 30, 2024
তদুপৰি ঘটনাটোৰ তদন্তৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক (প্ৰৱেচনেৰী) পাৰমিতা সৰকাৰে মাত্ৰ ৬০ দিনৰ ভিতৰত তদন্ত সম্পন্ন কৰি গোচৰটোৰ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল । পৰৱৰ্তী সময়ত নগাঁও আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত মাত্ৰ পাঁচ মহৰ ভিতৰত বুধবাৰে বিশেষ POCSO আদালতে মাত্ৰ পাঁচ মাহতে গোচৰটোৰ বিচাৰ কাৰ্য সম্পন্ন কৰি লোকজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।
এটি পাঁচমহীয়া দেৱ শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ফুকন বড়োক ঘটনাত দোষী সাব্যস্ত কৰি নগাঁৱৰ বিশেষ POCSO আদালতৰ ন্যায়াধীশ ইপ্সিতা বৰঠাকুৰে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়াৰ লগতে ৫০ হাজাৰ টকা জৰিমনা বিহে । জৰিমনা অনাদায়ে অতিৰিক্ত ৬ মাহ কাৰাদণ্ডৰ সন্মুখীন হ'ব লাগিব শিশু নিৰ্যাতনৰ অপৰাধী ফুকন বড়ো । গোচৰটোত চৰকাৰী পক্ষৰ অধিবক্তা আছিল সৰোজ শইকীয়া ।
In Case No: 41/24 of May 21st 2024 of Kachua PS, District Nagaon where a 5-month-old girl child was sexually assaulted.
— GP Singh (@gpsinghips) October 30, 2024
In five months from the date of crime, the competent court has convicted the accused for Life Imprisonment.
Investigation time : 60 days. Trial time : 3…
নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবেই আদালতে মাত্ৰ পাঁচ মাহৰ ভিতৰতেই অভিযুক্তক দোষী সাব্যস্ত কৰাৰ কথা বুধবাৰে সামাজিক মাধ্যমযোগে সদৰী কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । লগতে মাত্ৰ ৬০ দিনৰ ভিতৰতে গোচৰৰ তদন্ত সম্পন্ন কৰি আদালতত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হোৱা নগাঁও আৰক্ষীকো প্ৰশংসা কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।
লগতে পঢ়ক: কেৰালাত সংঘটিত হত্যাকাণ্ডৰ অভিযুক্তক কাছাৰত গ্ৰেপ্তাৰ; হত্যাৰ অভিযুক্ত অসমৰেই মহিলা