ETV Bharat / state

নগাঁৱত আইফেল টাৱাৰ !

Durga Puja in Nagaon: মহিষমৰ্দিনীৰ বন্দনাৰ বাবে সাজু ৰাজ্য়বাসী । সেয়েহে এতিয়া ৰাজ্য়ত ব্যতিক্ৰমী পূজা মণ্ডপ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Durga Puja in Nagaon
আইফেল টাৱাৰৰ আৰ্হিত মণ্ডপ (ETV Bharat Assam)

নগাঁও, ৮ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ এটা দিন । চৌদিশে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে দুৰ্গা পূজাৰ প্ৰস্তুতি । প্ৰত্যেক বছৰৰ দৰে এইবেলিও ব্যতিক্ৰমী পূজা মণ্ডপ নিৰ্মাণেৰে ভক্তক আকৰ্ষণৰ চেষ্টা কৰিছে পূজা সমিতিসমূহে । দুৰ্গা পূজাত এইবাৰ নগাঁৱত প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব বিশ্ব বিখ্যাত আইফেল টাৱাৰ । আইফেল টাৱাৰৰ আৰ্হিত এইবাৰ নগাঁৱত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ।

  • ব্যতিক্ৰমী পূজা মণ্ডপ নিৰ্মাণ

২০২৪ ৰ অলিম্পিক অনুষ্ঠিত পেৰিছৰ বিখ্যাত আইফেল টাৱাৰৰ আৰ্হিত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে পূজা মণ্ডপৰ নিৰ্মাণ । আইফেল টাৱাৰৰ আৰ্হিত এই পূজা মণ্ডপ নিৰ্মাণ হৈছে নগাঁৱৰ ৰণথলিত । অসমীয়া কেঁচা সোণৰ গহণাৰ বাবে বিখ্যাত নগাঁৱৰ ৰণথলী গাঁৱত কেঁচা সোণৰ গহণাৰ প্ৰতিষ্ঠান ডুগডুগী পূজা সমিতিয়ে বিগত ৯ বছৰ ধৰি ব্যতিক্ৰমী পূজা মণ্ডপ নিৰ্মাণ কৰি চমক দি আহিছে ।

  • অলিম্পিক পদক বিজয়ীৰ চিত্ৰ অংকণ

এই বছৰতো বিশ্ব বিখ্যাত আইফেল টাৱাৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰি লাভ কৰিছে চৰ্চা । পেৰিছত অনুষ্ঠিত হোৱা অলিম্পিকৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰি নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে দুৰ্গোৎসৱৰ জৰিয়তে । লগতে অলিম্পিকত পদক জয়েৰে অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাই, নিৰজ চোপ্ৰাসহ প্ৰতিগৰাকী পদক বিজয়ীৰ চিত্ৰও অংকণ কৰি খেলুৱৈসকলক শুভেচ্ছা জনোৱাৰ লগতে উঠি অহা প্ৰজন্মক চিনাকি কৰাই দিয়াৰো প্ৰয়াস কৰিছে দুৰ্গা পূজাৰ জৰিয়তে ।

ই টি ভি ভাৰতক এই কথা সদৰী কৰিছে ডুগডুগী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী উৎপল বনিয়াই । নগঁঞা শিল্পী অঞ্জন বৰাৰ হাতৰ পৰশতেই প্ৰাণ পাই উঠিছে পেৰিছৰ অলিম্পিক । উল্লেখ্য় যে বিগত বৰ্ষতো নগাঁৱৰ ৰণথলীত ডুগডুগী পূজা সমিতিয়ে চন্দ্ৰযান ৩ ৰ আৰ্হিত নিৰ্মাণ কৰিছিল পূজা মণ্ডপ ।

লগতে পঢ়ক:চমক সৃষ্টিৰ বাবে সাজু হৈ উঠিছে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ : থলুৱা শিল্প, থলুৱা শিল্পীক প্ৰাধান্য - Durga Puja 2024

মহানগৰীত চীনৰ গ্লাছৰ হোটেল, ৬৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.