নগাঁও, 11 ছেপ্টেম্বৰ: বুধবাৰে নগাঁও জিলা কংগ্ৰেছৰ সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে সাংসদ গৌৰৱ গগৈ । সেমেকা চকুৰে আৱেগিক গৌৰৱ গগৈৰ ভাষণ, "চৰকাৰী বিষয়া-কৰ্মচাৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত চাকৰ নহয়, ৰাইজৰ সেৱকহে । মুখ্যমন্ত্ৰীৰ অহংকাৰ হোৱা বাবেই উচ্চ পদবীত থকা বিষয়াকো বেয়া ব্যৱহাৰ কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ঠিকাদাৰৰ লাভৰ বাবেই উৰণ সেতু নিৰ্মাণ কৰি ধৰুৱা হোৱা চৰকাৰে ধাৰ মাৰিবলৈ স্মাৰ্ট মিটাৰ সংযোগ কৰি ৰাইজৰ টকাৰে ঋণ পৰিশোধৰ চেষ্টা কৰিছে ।"
বুধবাৰে নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি আৱেগিক হৈ পৰিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ধিং আৰু ৰূপহীহাট সমষ্টিৰ লগতে গোলাঘাট জিলাৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ কথা ক'বলৈ গৈ আৱেগিক হৈ পৰে সাংসদ গৌৰৱ গগৈ । নিজৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ স্মৃতি সুঁৱৰি চকু সেমেকি উঠা সাংসদ গৌৰৱ গগৈৰ মন্তব্য, "ধিং, ৰূপহীহাট, খুমটাই, সৰুপথাৰ মোৰ বাবে সমষ্টি নহয়, নিজৰ ঘৰ আৰু সমষ্টিকেইটাৰ দলীয় লোকসকল কৰ্মী নহয়, নিজৰ পৰিয়ালৰ সদস্যহে ।"
নতুনকৈ সাংসদ হোৱাৰ অভিজ্ঞতাও সুঁৱৰি নতুন গাড়ীচালকৰ দৰেই ভুলতে ৰকিবুল হুছেইনৰ লগত খুন্দা মৰাৰ কথাও নিজৰ ভাষণ প্ৰসংগত কয় সাংসদগৰাকীয়ে । আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈৰ মন্তব্য, "কোনো ৰাজ্যতে লোক নিৰ্মাণ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে লোৱা দেখা নাই, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে পি ডব্লিউ ডি বিভাগৰ দায়িত্ব লৈছে আৰু কেৱল ঠিকাদাৰৰ লাভৰ বাবেই উৰণ সেতু নিৰ্মাণ কৰি ধৰুৱা হোৱা চৰকাৰে এতিয়া ঋণ পৰিশোধ কৰিবলৈ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰাৰ উদ্দেশ্যে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাইছে ।"
কেৱল এয়াই নহয়, ৰাইজৰ ওপৰত বিভিন্ন প্ৰকাৰৰ কৰ লগাই এটা ব্যক্তিগত চেনেলৰ বিজ্ঞাপনৰ নামত খৰচ কৰাৰ কথাও ভাষণত উল্লেখ কৰে সাংসদ গগৈয়ে । আনকি এ আই ইউ ডি এফ দলক পুনৰজীৱিত কৰাৰ উদ্দেশ্যেই অসমত মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ চেষ্টা কৰা বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে । অহংকাৰ আৰু মনৰ ভিতৰত থকা শংকাৰ বাবেই উচ্চ পদবীত থকা চৰকাৰী বিষয়াৰ পৰা কৰ্মচাৰীলৈকে সকলোকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অভদ্ৰ ব্যৱহাৰ কৰি অপমান কৰা বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।
আনহাতে, নগাঁও জিলা কংগ্ৰেছে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ হৈ পৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈও । ৰাজ্যত অভাৱনীয় হাৰত হোৱা মূল্যবৃদ্ধি, নিবনুৱা আদি মৌলিক সমস্যাসমূহ পাহৰাই ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মাই অবিৰতভাৱে কেৱল হিন্দু-মুছলমানৰ কথা কৈ মানুহক ধৰ্মান্ধতাৰ কানি খুৱাই ৰাখিব বিচাৰিছে বুলিও মন্তব্য কৰে সাংসদ বৰদলৈয়ে । ইফালে সম্বৰ্ধনা গ্ৰহণ কৰি একালৰ সতীৰ্থ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ ৰকিবুল হুছেইনে ।
মুখ্যমন্ত্ৰীয়েই এতিয়া অসমৰ মূল সমস্যা হৈ পৰা বুলি কটাক্ষ কৰি ৰকিবুল হুছেইনৰ মন্তব্য, "তেওঁৰ ঘৰটো বিড়ি বিড়ি গোন্ধায় ।" একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰতেই যোৰহাটৰ অগপ, বিজেপিৰ মানুহেই গৌৰৱ গগৈক ভোট দিয়া বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে । বৰ্তমান মুখ্যমন্ত্ৰীৰ লগত থকা মানুহেই কংগ্ৰেছৰ লগত মিলি চৰকাৰ কৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে । চৰকাৰ যি দলৰেই নাথাকক ড৹ হিমন্ত বিশ্ব শৰ্মাকহে ৰাইজে মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাব বিচাৰিছে বুলি উল্লেখ কৰি সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য, "২০২৬ ৰ পূৰ্বেই ৰাজনৈতিক পৰিৱৰ্তন হ'ব অসমত ।"
বুধবাৰে নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত জিলা পুঁথিভঁৰালত আয়োজিত অনুষ্ঠানত কংগ্ৰেছৰ তিনি সাংসদ ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে জিলাখনৰ দলীয় নেতা-কৰ্মীসকলে । অনুষ্ঠানত জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়া, বিধায়ক শিৱামণি বৰা, আছিফ নজৰ, নুৰুল হুদা, কংগ্ৰেছ নেতা হাইদৰ আলীসহ বহুকেইগৰাকী দলীয় নেতা উপস্থিত থাকে ।