ETV Bharat / state

ৱাহিদা বেগমক আফগানিস্তানলৈ পলুৱাই সম্পত্তি আত্মসাৎ কৰিছিল নেকি নগাঁৱৰ দুই ব্যৱসায়ীয়ে ? - Assam Woman in Pak Jail

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:42 PM IST

Assam Woman in Pak Jail: দিল্লীত নগাঁৱৰ ব্যৱসায়ীৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ পাকিস্তান জেলৰ পৰা মুকলি হৈ অহা নগাঁৱৰ ৱাহিদাৰ । মহিলাগৰাকীৰ অভিযোগ নস্যাৎ নগাঁৱৰ ব্যৱসায়ী প্ৰসেনজিৎ দত্তৰ । সঁচাকৈয়ে ব্যৱসায়ী প্ৰসেনজিৎ দত্তই সহায় কৰিছিল নেকি কাবুলীৱালা চেলিম খানক ?

Nagaon businessman dismisses allegation of Waheeda Begum, who has been released from Pakistan jail
ৱাহিদা বেগমৰ অভিযোগ নস্যাৎ ব্যৱসায়ী প্ৰসেনজিৎ দত্তৰ (ETV Bharat Assam)

নগাঁও,২৬ জুন: কাবুলীৱালাৰ সৈতে পলায়ন কৰা ৱাহিদা বেগম দীৰ্ঘদিন পাকিস্তানৰ জেলত থকাৰ অন্তত মুকলি অহাৰ পাচত নতুন দিল্লীত নগাঁৱৰ ব্যৱসায়ী প্ৰসেনজিৎ দত্তৰ বিৰুদ্ধে উত্থাপন কৰা চাঞ্চল্যকৰ অভিযোগক নস্যাৎ কৰিছে ব্যৱসায়ীগৰাকীয়ে । পাকিস্তান জেলৰ পৰা মুকলি হৈ বৰ্তমান দিল্লীত থকা মহিলাগৰাকীয়ে নিজৰ সম্পত্তি বিক্ৰী কৰা নগাঁৱৰ দুই ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন কৰে এক গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি মহিলাগৰাকীক আফগানিস্তানলৈ লৈ যাব বিচৰা কাবুলীৱালা চেলিম খানক সহায় কৰিছিল নগাঁৱৰ দুই ব্যৱসায়ীয়ে ।

নগাঁৱৰ প্ৰসেনজিৎ দত্ত আৰু ৰঞ্জিত দত্তই চেলিমক সহায় কৰাৰ অভিযোগ মহিলাগৰাকীৰ । কেৱল এয়াই নহয় দলবদ্ধ ধৰ্ষণৰ লগতে ৱাহিদৰ পুত্ৰক অপহৰণ কৰাৰো অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে । বিহাৰৰ ৰোশন কুমাৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধেও কৰিছিল অভিযোগ । দিল্লীৰ তিলক নগৰ আৰক্ষী চকীত মহিলাগৰাকীয়ে এই অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে । ইয়াৰ পাচতেই মহিলাগৰাকীয়ে চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ কৰিছে নগাঁৱৰ ব্যৱসায়ী প্ৰসেনজিৎ দত্তই ।

এই সমগ্ৰ অভিযোগক নস্যাৎ কৰি মহিলাগৰাকীৰ বিৰুদ্ধেহে অভিযোগ উত্থাপন কৰে প্ৰসেনজিৎ দত্তই । চেলিম খানৰে দীৰ্ঘদিন মহিলাগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি অভিযোগ কৰিছে ব্যৱসায়ী দত্তই । মহিলাগৰাকীৰ স্বামীৰ বিয়োগৰ পিচতে চেলিমৰ প্ৰেমত পৰাৰ অভিযোগ ব্যৱসায়ীগৰাকীৰ । মহিলাগৰাকীৰ মৃত স্বামীৰ নগাঁও চহৰৰ বৰবজাৰস্থিত সম্পত্তি বিক্ৰী কৰি চেলিমৰ সৈতে আফগানিস্থানলৈ মহিলাগৰাকী পলাই যোৱা বুলি অভিযোগ ব্যৱসায়ী প্ৰসেনজিৎ দত্তৰ । ইয়াৰোপৰি মহিলাগৰাকীয়ে কৰা অভিযোগৰ যদি কোনো প্ৰমাণ আছে তেন্তে দাখিল কৰাৰো প্ৰত্যাহ্বান জনাই ব্যৱসাায়ীগৰাকীয়ে ।

লগতে পঢ়ক: কেনেকৈ পাকিস্তানৰ জেইলৰ আলহী হ’ল নগাঁৱৰ ৱাহিদা বেগম ? - NAGAON WOMAN IN PAKISTAN JAIL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.