যোৰহাট, ২ মে': অসম-নাগালেণ্ডৰ মাজৰ সীমা বিবাদ আজিও সমাধান হোৱা নাই । এতিয়াও নাগালেণ্ডৰ সীমামূৰীয়া অসমৰ ভূমিত মাজে-সময়ে উপদ্ৰৱ চলাই আহিছে একাংশ নগা দুৰ্বৃত্তই । অসম চৰকাৰে চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে কেবালানিও বৈঠক অনুষ্ঠিত কৰিছিল বিগত সময়ছোৱাত । কিন্তু অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ বাবে আজিলৈকে যেন কোনো পথেই বিচাৰি উলিয়াব পৰা নাই চৰকাৰে ।
বিগত সময়ছোৱাত বহুবাৰ নগাই সীমান্ত অঞ্চলত অসমীয়া লোকৰ কৃষিভূমি, বাগান আদিত শস্য, গছ-গছনি কাটি তহিলং কৰাৰ বাতৰি প্ৰকাশ পাই আহিছে । লগতে নগাই অবৈধভাৱে কিছুমান নিৰ্মাণকাৰ্য চলোৱাৰ বাতৰিও প্ৰকাশ পাইছে । কিন্তু এইসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত যেন উদাসীন মনোভাৱ গ্ৰহণ কৰি আহিছে চৰকাৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
এইবাৰ পুনৰ তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তত অসমৰ ভূমিত আগ্ৰাসন চলাই নগা দুৰ্বৃত্তই নিৰ্মাণ কৰিছে ঘৰ । এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে AJYCP বৰহোলা আঞ্চলিক সমিতিয়ে ।
অসম-নাগালেণ্ড সীমান্ত সুৰক্ষিত কৰাত তিতাবৰ মহকুমা প্ৰশাসন ব্যৰ্থ হোৱাৰো অভিযোগ উঠিছে । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত বিচাৰধীন হৈ আছে অসম-নাগালেণ্ডৰ সীমা বিবাদ । কিন্তু ন্যায়ালয়ক অৱমাননা কৰি নগাপাহাৰৰ পৰা নামি আহি অসম-নাগালেণ্ডৰ সীমান্তত এটা পাছত আন এটা গৃহ নিৰ্মাণ কৰি অসমৰ ভূমি নিজৰ দখললৈ নিবলৈ অহৰহ চেষ্টা অৱ্যাহত ৰাখিছে নগাই ।
তিতাবৰৰ বৰহোলাৰ চেনীজান সীমান্তত নগাই অব্যাহত ৰাখিছে ঘৰৰ নিৰ্মাণ কাৰ্য । বৃহস্পতিবাৰে বৰহোলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সঁজাতি দলে সীমান্ত অঞ্চলটো পৰিদৰ্শন কৰি এই ঘটনা পোহৰলৈ আনে ।
তিতাবৰ সীমান্তত দিনেক দিনে বৃদ্ধি পোৱা নগাৰ আগ্ৰসনক লৈ চিন্তিত হৈ পৰিছে সীমান্তবাসী অসমীয়া । ইতিমধ্যে ঘটনাস্থলীত তিতাবৰৰ ৰাজহ চক্ৰ বিষয়াসহ এটা দল উপস্থিত হৈ পৰিস্থিতি বুজ লোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: স্বয়ং ভগৱানৰ ৰূপত আহিল দুটা ঘোঁৰা: ক’ত এই ঘটনা ? - White Horse in Gohpur