কলিয়াবৰ, ৮ ছেপ্টেম্বৰ: আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সোঁৱৰিছে প্ৰাণৰ শিল্পীগৰাকীক । অসমৰ প্ৰতিটো প্ৰান্তৰ সৈতে যেন ভূপেন দাৰ আছে এৰাব নোৱাৰা সম্পৰ্ক । ব্যতিক্ৰম নহয় কলিয়াবৰো । কলিয়াবৰৰ কুঠৰীৰ সৈতে আছে ভূপেনদাৰ এক বিশেষ স্মৃতি । কিয়নো কুঠৰীতে আছে সুধাকণ্ঠৰ আন এখন ঘৰ, যাৰ নাম ‘‘আপোন ঘৰ’’ আৰু সেই ‘‘আপোন ঘৰ’’ৰ প্ৰথম ঘৰচোৱা নবৰ আলী সাক্ষী বহু কালজয়ী গীত সৃষ্টিৰ ।
তেতিয়া কিশোৰৰ ঘৰ অতিক্ৰমী এজন সুঠাম যুৱক, নাম নবৰ আলী । চন্দ্ৰ ফুকনৰ ঘৰতে থকা এজাক বৃহৎ হাঁহৰ বাবে খাদ্য যোগানৰ কামত ব্যস্ত আছিল নবৰ । নবৰ ভূপেনদাক মাটি দিয়া চাহাব আলীৰ পুতেক । চন্দ্ৰ ফুকনৰ ঘৰতে নবৰৰ ভূপেনদাৰ লগত দেখা-দেখি । কুঠৰীৰৰ নতুনকৈ কিনা মাটিৰ সীমা নিৰ্দ্ধাৰণ কৰোতে গোপী মণ্ডল নামেৰে খ্যাত প্ৰয়াত গোপী মহন্তৰ লগত শিকলি ধৰিছিল, সীমাৰ খুটা পুতিছিল এতিয়াৰ সত্তৰ গৰকা নবৰে ।
১৯৭২ চনত কুঠৰীৰ ঘৰটো ভূপেনদাৰ সুহৃদ শশী ফুকনৰ তত্বাৱধানত নিৰ্মাণৰ পাচত নবৰ আলীক ভূপেনদাই ঘৰটো চোৱা-চিতাৰ দায়িত্ব দি ক'লে – "তুমি মোৰ সৰু ভাই । ঘৰ চাবা, মাটি চাবা । এয়া তোমাৰেই সম্পত্তি ।"
মাহিলি চাৰিশ বিশ টকাত বন্দোবস্তি হ'ল । সেই বন্দোবস্তিৰে আৰম্ভণীৰে পৰা আঠ বছৰকাল ভূপেন দাৰ ঘৰটো চোৱা-চিতা কৰিলে নবৰে । ঘৰ হোৱাৰ পাচত ভূপেন দাৰ মাটিত খেতি কৰিছিল নবৰে । শালি খেতি, শাক-পাচলি, কবি-মূলা, ৰঙালাও, কল আদি । ভূপেন দাৰ দুই ভাই অমৰ হাজৰিকা আৰু সমৰ হাজৰিকা আহিও খেতি চাইছিল ।
ভূপেনদাই নবৰক অসুবিধা হ'লে ডাঙৰ ডুলিত থোৱা ধান খাবলৈও নবৰক অনুমতি দিছিল । ভূপেনদাৰ মাটি ৰখীয়া বুলি উপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই মৰমতে কুঠৰীলৈ আহিলে নবৰক মৰমতে টকা দি থৈও যায় । নবৰে অতীত স্মৃতি ৰোমন্থন কৰি কয়, "মই ঘৰখন ৰখাৰ সময় ভূপেনদা মাহত তিনি-চাৰিবাৰলৈকে আহে ।
ভূপেনদা আহিলেই শশী ফুকন আৰু ভূপেনদাৰ "জংলী-জংলী দুনীয়াই কয়, জঙ্ঘলেই মোৰ ঘৰ" । গীতৰ নায়ক জঙ্ঘলীও আহে । খুব আলাপ কৰে আৰু বহুত মানুহ আহে, বিশ-পচিশখন সৰু গাড়ীত মানুহ আহি যায় দাদাৰ ওচৰলৈ ।"
নবৰে চাহ-পানীৰ যোগান ধৰে । তেনে আলপতে ভূপেনদাই শশী ফুকনক কয় – "শশী, শেষ বয়সত মই ইয়াতেই থাকিম । তেজৰ নামত ইয়াত কিবা এটা কৰিম । মোৰ মৰাৰ পাচত মোৰ অস্থি ইয়াতে থাকিব ।" সময় পাৰ হ'ল । ভূপেনদাও অসমৰ পৰা কলকাতা-মুম্বাইত থাকিবলৈ ল'লে । অসমলৈ অহা-যোৱা কমি আহিল । আহিলেও গুৱাহাটীৰে পৰা উভটি যায় । কলিয়াবৰৰ কুঠৰীৰ আপোন ঘৰখনলৈ আহা-যোৱাও কমি আহিল । সুদীৰ্ঘ আঠ বছৰ কাল ভূপেনদাৰ কুঠৰীৰ সংগী হৈ থকাৰ পাছত নবৰ আলী ভূপেন দাৰ পৰা লাহে-লাহে বিচ্ছিন্ন হৈ আহিল ।
নবৰে ভূপেনদাৰ ঘৰ এৰি নিজাকে কিবা এটা কৰিবলৈ বুলি মাছ ধৰা আৰু ব্যৱসায়ত নামি পৰিল । ভূপেনদাৰ ঘৰৰ চোৱা-চিতাৰ ভাৰ দেৰগাঁৱৰ চুৰেন নেওগৰ হাতলৈ গ'ল । সেই ব্যৱসায়েৰে আজিও কোনোমতে চলি আছে নবৰ আলী । চৰকাৰী এটা ঘৰত পৰিয়ালৰ সৈতে চৰম দাৰিদ্ৰতাৰ মাজেৰেই চলি আছে । দাৰিদ্ৰতাৰ বাবেই স্বাস্থ্য অৱনতিও ঘটিছে । কিন্তু সজীৱ হৈ আছে ভূপেনদাৰ স্মৃতি । সেই স্মৃতি সুঁৱৰি আজিও উৎফুল্লিত হৈ উঠে নবৰ আলী ।
উল্লেখযোগ্য যে, ১৯৭৪ চনত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত কুঠৰীত সুধাকণ্ঠই এটি ঘৰ সাজিছিল, ‘‘আপোন ঘৰ’’ পাতিছিল । আশা আছিল, জীৱনৰ বিয়লি বেলা অসমৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰি এক আশ্ৰম ৰূপে গঢ় দিয়াৰ । পিছে, সেই আশা পূৰণ হোৱা দূৰৰে কথা, ঘটনা চক্ৰত পৰি সেই ঘৰ-মাটি বিক্ৰী কৰে ভূপেন দাই । ভূপেনদাৰ ঘৰ-মাটিৰ নতুনগৰাকীয়ে ঘৰৰ লগতে এছোৱা ভূমি ভূপেনদাৰ স্মৃতিত এৰি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ।
স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত বৰ্তমানৰ চৰকাৰখনৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । কিন্তু সেই ভূমি আইনী মেৰ-পেছত পৰি ভূপেনদাৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া সাংস্কৃতিক প্ৰকল্পৰ বাটত হেঙাৰ হৈ ঠিয় দিছে ।