ETV Bharat / state

ঘৰৰ ভিতৰতে উদ্ধাৰ সেনা জোৱানৰ মৃতদেহ; দুই পত্নীয়ে হত্যা কৰাৰ সন্দেহ

Army Jawan suspected murder: ছুটীত ঘৰলৈ অহা সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ ঘৰৰ ভিতৰত ৷ হত্যাৰ সন্দেহ কৰিছে পৰিয়ালে ৷

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 1:45 PM IST

Army Jawan murder
মেৰাপানীত ঘৰৰ ভিতৰতে উদ্ধাৰ সেনা জোৱানৰ মৃতদেহ (ETV Bharat)

গোলাঘাট,১১ অক্টোবৰ : দুৰ্গোৎসৱৰ আনন্দত মতলীয়া ৰাজ্যবাসী । দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত প্ৰতিটো পূজা মণ্ডপ । তেনে সময়তে গোলাঘাটৰ মেৰাপানীত ভয়ংকৰ ঘটনা । ঘৰৰ ভিতৰতে উদ্ধাৰ এগৰাকী সেনা জোৱানৰ মৃতদেহ । দুই পত্নীয়ে মিলি জোৱানজনক হত্যা কৰাৰ সন্দেহ পৰিয়াল তথা আত্মীয়ৰ ।

মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত পুলিবাগান এলেকাত সংঘটিত হৈছে এই ৰহস্যজনক ঘটনাটো । মৃত জোৱানজন হৈছে বেণুধৰ বৰা । জানিব পৰা মতে বেণুধৰ বৰা অৰুণাচল প্ৰদেশত কৰ্মৰত আছিল । শেহতীয়াকৈ তেওঁ ছুটী লৈ মেৰাপানীৰ ঘৰলৈ আহিছিল । কিন্তু বৃহস্পতিবাৰে নিশা মৃত অৱস্থাত তেওঁক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে ।

হত্যাৰ সন্দেহ

জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । ইফালে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলিও অভিযোগ কৰিছে একাংশ আত্মীয়ই । মৃত জোৱানজনৰ একাংশ আত্মীয়ই অভিযোগ কৰা মতে তেওঁৰ দুগৰাকী পত্নী এই হত্যাকাণ্ডত জড়িত আছে । তেওঁলোকে অভিযোগ কৰা মতে জোৱানজনক প্ৰায়ে দুই পত্নীয়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল । ছুটীত ঘৰলৈ আহিলেই দুই পত্নীয়ে তেওঁৰ ওপৰত নিৰ্যাতন চলায় । দুই পত্নীৰ এনে অত্যাচাৰৰ কথা প্ৰায়ে আত্মীয়ক কৈছিল জোৱানজনে । আত্মীয়ই অভিযোগ কৰা মতে দুই পত্নীয়ে জোৱানজনক দীৰ্ঘদিন ধৰি মৃত্যুৰো ভাবুকি দি আহিছিল ।

অভিযোগ অনুসৰি প্ৰথমা পত্নীয়ে বলপূৰ্বকভাৱে জোৱানজনক দ্বিতীয় বিবাহ কৰাই দিছিল । মৃত জোৱানজনৰ ভগ্নীয়ে অভিযোগ কৰা মতে দুই পত্নীয়ে বেণুধৰক অত্যাচাৰৰ কৰাৰ উপৰিও ঘৰৰ বিভিন্ন সা-সামগ্ৰীও ভাঙিছিল । দৰমহা পোৱাৰ লগে লগে ধনখিনি দুই পত্নীয়ে ভগাই লৈছিল আৰু পিছত জোৱানজনে আনৰ পৰা টকা বিচাৰিব লগা হৈছিল । জোৱানজনৰ দুয়োগৰাকী পত্নীৰ মাজত সমকামিতাৰ সম্পৰ্ক থকাৰো সন্দেহ কৰিছে আত্মীয়ই । অৱশ্যে এই অভিযোগবোৰ কিমান সঁচা সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : মৰিগাঁও জিলা কাৰাগাৰৰ পৰা ৫ কয়দীৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.