ETV Bharat / state

পবিত্ৰ মহৰম : জানো আহক মহৰম কিয় উদযাপন কৰা হয় - MUHARRAM 2024

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:18 PM IST

Muharam Traditions : বুধবাৰে উদযাপন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোকসলৰ পবিত্ৰ মহৰম ৷ উলিওৱা হয় তাজিয়া ৷ কিন্তু কিয় আৰু কেতিয়াৰ পৰা উদযাপন কৰা হয় পবিত্ৰ মহৰম উৎসৱ ? ছিয়া মুছলমান আৰু ছুন্নী মুছলমানসকলে কিদৰে উদযাপন কৰে পবিত্ৰ মহৰম ? পবিত্ৰ মহৰমৰ দিনটোত জানো আহক ইয়াৰ ইতিবৃত্তি ৷ এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক প্ৰতিবেদন ৷

MUHARRAM 2024
মহৰম ত্যাগৰ প্ৰতীক (ETV Bharat Assam)

নগাঁও, 17 জুলাই: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহ হিচাপে গণ্য কৰি অহা মহৰম মাহটোক অন্যতম গুৰুত্বপূৰ্ণ মাহ হিচাপে বিবেচিত কৰি আহিছে ইছলামধৰ্মীয় লোকসকলে ৷ এই পবিত্ৰ মাহৰ ১০ তাৰিখটো সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰে মহৰম হিচাপে ৷ বুধবাৰৰ দিনটোত অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো এই মহৰম উদযাপন কৰা পৰিলক্ষিত হয় । মহৰম উপলক্ষে নগাঁও চহৰত কিছুসময়ৰ বাবে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷

নগাঁৱত মহৰম উদযাপন (ETV Bharat Assam)

মহৰম উপলক্ষে নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ পৰা হয়বৰগাঁৱলৈকে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এটা সমাজে উলিয়ায় তাজিয়া শোভাযাত্ৰা ৷ উল্লেখ্য যে, এই মহৰম উৎসৱটি মুছলমান সমাজৰ ছিয়া আৰু ছুন্নী সমাজে পৃথককৈ উদযাপন কৰে ৷

কিয় আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছে মহৰম উদযাপন :

নগাঁৱৰ ভকতগাঁও মধ্য টেক হাফিজিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক হাফিজ মৌলানা আলহাজ হবিবুৰ ৰহমান কাছিমিয়ে ই টিভি ভাৰতৰ সাংবাদিকক জনোৱা মতে, ইছলামিক বৰ্ষপঞ্জীৰ ষাঠী হিজৰীৰ মহৰম মাহৰ ১০ তাৰিখে ইমাম হুছেইন(ৰাঃ) এ বৰ্তমানৰ ইৰাক ৰাষ্ট্ৰৰ কাৰাবালা মৰুপ্ৰান্তত অতিশয় কৰুণভাৱে মৃত্যুবৰণ কৰিছিল ৷ ধৰ্মপ্ৰচাৰৰ উদ্দেশ্যেই মক্কা আৰু মদিনাৰ পৰা পবিত্ৰ হজ সম্পন্ন কৰি ইৰাকৰ বিভিন্নজনৰ অনুৰোধ ৰক্ষা কৰি ইমাম হুছেইন(ৰাঃ) ইৰাকলৈ ৰাওনা হৈছিল ৷

ইছলামিক জিলহজ মাহৰ ৩ তাৰিখে ৰাওনা হোৱা ইমাম হুছেইন(ৰাঃ) ইৰাকত উপস্থিত হোৱাৰ পিচতেই মহৰম মাহৰ ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা এক ভয়াৱহ যুদ্ধত ইমাম হুছেইনে(ৰাঃ) মহৰম মাহৰ ১০ তাৰিখে প্ৰাণ হেৰুৱাইছিল ৷ ইমাম হুছেইন(ৰাঃ)ক শ্বহীদ ঘোষণা কৰি সেই সময়ৰ পৰাই মহৰম মাহৰ ১০ তাৰিখটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে হিচাপে উদযাপন কৰি আহিছে মহৰম নামৰ বিশেষ দিনটো ৷

ছিয়া আৰু ছুন্নী সমাজে কিদৰে উদযাপন কৰে মহৰম :

হাফিজ মৌলানা আলহাজ হবিবুৰ ৰহমান কাছিমিয়ে ই টিভি ভাৰতক লগতে জনোৱা মতে, ছিয়া সমাজে তাজিয়া শোভাযাত্ৰাৰ লগতে অন্যান্য কাৰ্যসূচীৰে এই মহান আৰু পবিত্ৰ স্মৃতিপৰ্ব মহৰম উদযাপন কৰে ৷ বিপৰীতে ছুন্নী মুছলমান সমাজে অতিৰিক্ত(নফল) ৰোজা, নামাজ আদায় কৰি আল্লাৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে ৷ ইছলামিক বর্ষপঞ্জী 60 হিজৰীৰ পৰা উদযাপন কৰি অহা মহৰম বৰ্তমান 1446 হিজৰীতো সমগ্ৰ দেশতে উদযাপন কৰা হয় ৷

লগতে পঢ়ক: বাঘ-হাতীৰ পিচতে কলিয়াবৰত এইবাৰ বনৰীয়া ম’হৰ ত্ৰাস - wild buffalo terror in Kaliabor

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.