ETV Bharat / state

সম্প্ৰীতিৰ পুণ্যস্থান এই অসমভূমি, য'ত মুছলিম পৰিয়ালে আগবঢ়াই দুর্গা পূজাৰ প্ৰতিমা

Amguri Durga Special Idol : আজান ফকীৰে সৌ তাহানিতে লিখি থৈ গৈছে, '...হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান...'। এইবাৰ তাৰ প্ৰতিফলন ঘটিছে আমগুৰিত ৷

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 2:31 PM IST

Updated : Oct 12, 2024, 2:51 PM IST

Amguri Durga Special Idol
আমগুৰিত মুছলিম পৰিয়ালে আগবঢ়ায় দুর্গা পূজাৰ প্ৰতিমা (ETV Bharat Assam)

আমগুৰি, ১২ অক্টোবৰ : শিৱসাগৰ জিলাৰ আমগুৰি । এক ঐতিহাসিক স্থান । লগতে এই আমগুৰিৰ এক সুকীয়া বৈশিষ্ট্যও আছে, সেয়া হৈছে হিন্দু-মুছলিমৰ মাজত একতা আৰু সম্প্ৰীতি । আনহাতে, এই শিৱসাগৰ জিলাতে খ্ৰীষ্টীয় বাৰ শতিকাতে আজান ফকীৰে সম্প্ৰীতিৰ বাণী বিলাইছিল এনেদৰে, 'মোৰ মনত ভেদ ভাব নাই অ' আল্লা, মোৰ মনত ভিন-পৰ নাই অ' আল্লা, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান ... ' । আৰু এই সম্প্ৰীতি আৰু একতাৰ এনাজৰীডাল এতিয়াও কটকটীয়া হৈ আছে আমগুৰি অঞ্চলত । তাৰেই এক শেহতীয়া নিদৰ্শন হৈছে আমগুৰিৰ দুৰ্গা পূজা । আমগুৰিত ইছলামধর্মী পৰিয়ালে আগবঢ়াইছে দুর্গা পূজাৰ প্ৰতিমা ।

যিসময়ত ধর্মীয় অসহিষ্ণুতাই দেশ-বিদেশত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিছে, যিসময়ত দেশত একাংশ ধর্মীয় নেতা, ধুৰন্ধৰ ৰাজনীতিক তথা ৰাজনৈতিক দলে ধৰ্মৰ নামত বিভেদৰ সৃষ্টি কৰিছে, সেই সময়তে শিৱসাগৰ জিলাৰ আমগুৰিত দেখা গৈছে ধর্মীয় সম্প্ৰীতিৰ এক বিৰল নিদর্শন ।

অসমত যে ধৰ্মৰ নামত কোনো বিভেদকামী শক্তিয়ে হিন্দু আৰু মুছলিম ধৰ্মৰ লোকসকলৰ মাজত থকা সম্প্রীতিৰ এনাজৰীডাল ছিঙিব নোৱাৰে তাকে প্ৰমাণ কৰি আমগুৰি ষ্টেচন ৰোড দুর্গা পূজাত এইবছৰ দেবী দুর্গাৰ মৃন্ময় মূর্তি দান হিচাপে আগবঢ়ায় এটি ইছলামধর্মী পৰিয়ালে ।

শিৱসাগৰ জিলাৰ আমগুৰিৰ সমীপৰ চামগুৰিৰ মহম্মদ মুইদ আলী আৰু তেওঁৰ পৰিয়ালবৰ্গই প্ৰায় শতবছৰ পুৰণি ষ্টেচন ৰোড দুর্গা পূজা উদযাপন সমিতিয়ে আয়োজন কৰা দুর্গা পূজাত দেৱী দুর্গাৰ প্ৰতিমা আগবঢ়ায় । ধর্মীয় সংকীর্ণতাৰ পৰিধি ভেদ কৰি ৰাইজৰ মাজত ঐক্য-সম্প্ৰীতিৰ বান্ধোন দৃঢ় কৰাৰ বাবে চেষ্টা কৰা মহম্মদ মুইদ আলী আৰু পৰিয়ালৰ এই বদান্যতাৰ বাবে সকলোৱে একেমুখে প্রশংসা কৰিছে । লগতে অনাগত দিনত সকলোকে একগোট হৈ এক অসমীয়া জাতি হিচাপে আগবাঢ়ি যোৱাৰ আহ্বান জনায় পূজা উদ্যোক্তা সমিতিয়ে ।

লগতে পঢ়ক :ক'ত আছে সম্প্ৰীতিৰ বাৰ্তা বিলোৱা পূজা মণ্ডপ ?
লগতে পঢ়ক :তেজপুৰৰ এক বিশেষ পূজা মণ্ডপ, য'ত দেৱীৰ সৈতে বন্দিত হৈছে অসমীয়া ভাষা

Last Updated : Oct 12, 2024, 2:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.