ETV Bharat / state

বিয়া পাতি সন্তানে নিজৰ পিতৃ-মাতৃক অপমান নকৰিব: বদৰুদ্দিন আজমল

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 1:47 PM IST

Badruddin Ajmal in Goalpara : শুকুৰবাৰে গোৱালপাৰাৰ দক্ষিণ বৰপেটাৰ আলোপতিৰ কালাইৰদিয়াত আয়োজন কৰা হয় এআইইউডিএফ-ৰ এখন বিশেষ সভা ৷ এই সভাত হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুছলমানসকলক উদ্দেশ্যে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে এআইইউডিএফ প্ৰধান তথা ধুবুৰী সাংসদ বদৰুদ্দিন আজমলে ৷

বিয়া পাতি সন্তানে নিজৰ পিতৃ-মাতৃক অপমান নকৰিব : বদৰুদ্দিন আজমল

গোৱালপাৰা, 9 মাৰ্চ : ‘‘মুছলমানৰ ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃক সন্মান নকৰে । দুনীয়াত আৰাম বিচাৰিলে প্ৰথমে নিজৰ পিতৃ-মাতৃক সেৱা কৰক ৷ বিয়া পাতি সন্তানে নিজৰ পিতৃ-মাতৃক অপমান বা অৱহেলা নকৰিব ৷’’ এই মন্তব্য এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ ৷

জানিব পৰা মতে, শুকুৰবাৰে নিশা গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী দক্ষিণ বৰপেটাৰ আলোপতিৰ কালাইৰদিয়াত আয়োজন কৰা হৈছিল এআইইউডিএফৰ এখন বিশেষ জনসভা ৷ এই সভাত নিশা উপস্থিত হয় এআইইউডিএফ প্ৰধান তথা ধুবুৰী সাংসদ বদৰুদ্দিন আজমল ৷

এই জনসভাতে অংশগ্ৰহণ কৰি মুছলমানসকলক উদ্দেশ্যে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে এআইইউডিএফ প্ৰধান তথা ধুবুৰী সাংসদগৰাকীয়ে ৷ মুছলমান লোকসকলক উদ্দেশ্যি এই ৰাজহুৱা সভাতে আজমলে কয়, ‘‘মুছলমান লোকসকলে বিড়ি-চিগাৰেট বা অন্য ধুম্ৰপান কৰা বন্ধ কৰক ৷ নিজৰ ল’ৰা-ছোৱালীক মানুহ কৰক’’ ৷

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত তেওঁ কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ কৰ্মকাণ্ডৰ কাৰণেই নহয়, মুছলমান ল’ৰা-ছোৱালীয়ে ভাল কাম কৰি আগবাঢ়িলেও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বেয়া পায় । মুখ্যমন্ত্ৰীৰ ভাল নালাগে ৷ মুছলমানক টাৰ্গেট কৰি এনেধৰণৰ মন্তব্য কৰি থাকিলে মুখ্যমন্ত্ৰী হ’ব নালাগিছিল’’ ৷

লগতে পঢ়ক : চৰাঞ্চলত কংগ্ৰেছে বহুৱাইছিল অবৈধ মানুহ: বদৰুদ্দিন আজমল

মুছলমান ভাল ভাল ল’ৰা-ছোৱালী দেখিলে, আজমলৰ অনুষ্ঠানত পঢ়া শুনা কৰিলেই আজমলৰ ল’ৰা-ছোৱালী বুলি হিমন্ত বিশ্ব শৰ্মাই তুচ্ছ তাছিল্য কৰে ৷ তুচ্ছ তাছিল্য কৰাৰ সলনি সকলোকে সহায় কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় সাংসদ আজমলে ৷

‘‘মুখ্যমন্ত্ৰী যিমানেই বেয়া চিন্তা কৰিব সিমানেই মুছলমান জাতি আগবাঢ়িব ৷ ডাঙৰ মানুহ হ’ব ৷ DC, SP, ADC ৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ চৰকাৰী বিষয়া বনোৱাৰ টাৰ্গেট লৈছে আজমল প্ৰতিষ্ঠানে । মুছলমান শিক্ষিত যুৱক-যুৱতীক কাৰো ওচৰত ভিক্ষা খুজিবলৈ আজমলে নিদিয়ে ।’’ তেওঁ কয় ৷

‘‘চৰকাৰে চৰকাৰী মাদ্ৰাছা বন্ধ কৰিব পাৰে ৷ এই চৰকাৰ মুছলমান বিৰোধী ৷ কিন্তু মুছলমানৰ কামী মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে ৷ কোনো শক্তিয়েই বন্ধ কৰিব নোৱাৰে ৷ চৰ অঞ্চলক লৈ অসম চৰকাৰে বেয়া চিন্তা কৰে ৷ যাৰ বাবে চৰ অঞ্চলৰ মুছলমান ৰাইজৰ পৰা আজমলে কেৱল দোৱা বিচাৰে । যিমানেই চৰৰ মানুহ দোৱা কৰিব সিমানেই চৰৰ লোকৰ কাৰণে কাম যাব বদৰউদ্দিন আজমলে । তেতিয়াই ধুবুৰী লোকসভা সমষ্টিৰ চৰাঞ্চলৰ বালি সোণ হৈ জিলিকিব ৷’’ এই মন্তব্য কৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৷

লগতে পঢ়ক : নিৰ্বাচনলৈকে বন্ধ থাকিব আজমলৰ জৰাফুকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.