বজালী,২৪ জুলাই: সময় বাগৰাৰ লগে লগে পোহৰলৈ আহিছে বজালীৰ ইব্ৰাহিম আলীৰ হত্যাকাণ্ডৰে জড়িত নতুন নতুন তথ্য । এইবাৰ আৰক্ষীৰ জালত পৰিল ইব্ৰাহিম আলীৰ হত্যাকাণ্ডৰে জড়িত বিহাৰৰ এটা প্ৰফেচনেল হত্যাকাৰী । ইব্ৰাহিম আলীৰ হত্যাকাণ্ডৰ লগত জড়িত ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাচতে আৰক্ষীয়ে সম্ভেদ লাভ কৰে হত্যাকাণ্ডৰে জড়িত থকা বিহাৰৰ ৩ হত্যাকাৰীৰ । ইয়াৰে এটা হত্যাকাৰী বিহাৰৰ শশী ৰামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
যোৱা ১ জুলাইত বজালীৰ ধুমাৰকুৰত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড । ধুমাৰকুৰৰ যুৱ ব্যৱসায়ী ইব্ৰাহিম আলীক তেওঁৰ বাসগৃহত প্ৰৱেশ কৰি ৬ জনীয়া দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ উপৰিও গুলীয়াই হত্যা কৰিছিল । সমগ্ৰ ঘটনা বন্দী হৈছিল ইব্ৰাহিম আলীৰ বাসগৃহত স্থাপন কৰা CCTV কেমেৰাত । CCTV ৰ ফুটেজত ভিত্তি কৰি আৰক্ষীয়ে তীব্ৰ গতিত চলাই গৈছিল তদন্ত ।
ইতিমধ্যে বজালী আৰক্ষীয়ে তৎকালে ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । ইয়াৰে এটা হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰি অনাৰ পিচত আন দুই হত্যাকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বজালী আৰক্ষীয়ে । তদন্ত শেষ হোৱাৰ পিচতে আৰক্ষীয়ে সৱিশেষ ৰাজহুৱা কৰিব বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য যে, ১ জুলাইত ইব্ৰাহিম আলীৰ ঘৰৰ বাৰাণ্ডাতে চোকা অস্ত্ৰৰে প্ৰথমতে ডিঙিত প্ৰহাৰ কৰিছিল ইব্ৰাহিমক । ইয়াৰ পিচত আগ্নেয়স্ত্ৰৰে পেটত গুলীয়াইছিল ইব্ৰাহিমক । ইব্ৰাহিমৰ মাতৃয়ে এটা হত্যাকাৰীক চিনি পাই আটক কৰিব খোজোতে মাতৃকো হত্যাকাৰীয়ে আক্ৰমণ কৰি আহত কৰি আঁতৰি গৈছিল ।