ETV Bharat / state

জন্তুৰ পৰা শিক্ষা ল'বলৈ কাক আহ্বান জনালে ৰকিবুল হুছেইন ? - Erosion in Assam

Beki river erosion: কলগাছিয়াত বেকী নৈৰ বিধ্বংসী খহনীয়া পৰিদৰ্শন নৱ-নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ । বান খহনীয়া পৰিদৰ্শন কৰি দুখ প্ৰকাশ কৰে সাংসদগৰাকীয়ে । বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিয়াৰ পোষকতা হুছেইনৰ । প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বাঘ-ছাগলী একেলগে থাকে বুলি কৈ স্থানীয় বাঘবৰ আৰু জনীয়াৰ দুই বিধায়কক বোকা ছটিওৱা ৰাজনীতি নকৰি জন্তুৰ পৰা শিক্ষা ল'বলৈ আহ্বান জনায় ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 11:58 AM IST

MP Rakibul Hussain inspects erosion of Beki river at Kalgachia
বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া পৰিদৰ্শন ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

জনীয়া, ৭ জুলাই: ৰাজ্যজুৰি বান-গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ । বান তথা গৰাখহনীয়াৰ কবলত পৰি বহুজনে হেৰুৱাইছে ঘৰ-দুৱাৰ, খেতি-মাটি । সৰ্বস্বান্ত ৰাইজে এতিয়া আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । কলগাছিয়াতো বিধ্বংসী ৰূপ ধাৰণ কৰিছে বেকী নৈৰ খহনীয়াই । উচন কৰিছে বহুতৰে ভেটি-মাটি । সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে ৰাইজ । ইয়াৰ মাজতে কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত বলাইপাথাৰ আৰু কৰাৰকুৰ বেকী দলঙৰ কাষত অব্যাহত থকা গৰাখহনীয়া পৰিদৰ্শন কৰি দুখ প্ৰকাশ কৰে ২ নং ধুবুৰী লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ।

বেকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি চপৰা চপৰে নৈ পৰীয়া লোকৰ ঘৰ-দুৱাৰ উচন কৰি নিয়াৰ লগতে বলাইপাথাৰ গাঁৱৰ দুমহলীয়া পকী মছজিদটোলৈও খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে । ইফালে কৰাৰকুৰৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ প্ৰায় ৯০ শতাংশ বেকী নদীৰ খহনীয়াই খহাই নিয়াৰ ফলত লাখ লাখ মানুহৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ।

এনে সময়ত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে সামাজিক মাধ্যমত ইজনে সিজনক বোকা ছটিওৱা ৰাজনীতি আৰম্ভ কৰাত দুয়োজনকে জন্তুৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনায় ৰকিবুল হুছেইনে ।

ইফালে গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত ইতিমধ্যে প্ৰশাসনে জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে । নৱ-নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে দুয়োটা স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুখ প্ৰকাশ কৰি শীঘ্ৰে প্ৰশাসনে কাম কৰিব লাগে বুলি আহ্বান জনায় । আনহাতে বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ সদনত সৰৱ ভূমিকা পালন কৰিব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক: পানী শুকালেই আৰম্ভ কৰা হ'ব খহনীয়া ৰোধৰ কাম: পীযুষ হাজৰীকা - Assam Flood 2024

কাজিৰঙাত বানৰ সংহাৰ: বানত মৃত্যু ছটা গঁড়সহ ১২০ টা বন্যপ্ৰাণীৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.