ETV Bharat / state

উচ্চতম ন্যায়ালয়ক ধন্যবাদ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

MP Pradyut Bordoloi: এতিয়া বিজেপি চৰকাৰৰ জোলোঙাৰ মেকুৰী ওলাই পৰিছে । ইলেক্ট্ৰৰেল বণ্ডত জমা হোৱা কোটি কোটি টকা সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা পদক্ষেপক আদৰণি নগাঁও সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

mp pradyut Bordoloi starts election campaign in Morigaon
প্ৰদ্যুৎ বৰদলৈ
author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 10:50 PM IST

mp pradyut Bordoloi starts election campaign in Morigaon
প্ৰদ্যুৎ বৰদলৈৰ ভাষ্য

মৰিগাঁও, 15 মাৰ্চ : শুকুৰবাৰে মৰিগাঁৱত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৰিলে বিজেপি চৰকাৰক সমালোচনা । তেওঁ কয় যে শাসকীয় বিজেপি দলৰ জোলোঙাৰ মেকুৰী ওলাই পৰিছে । শাসকীয় চৰকাৰৰ তলতীয়া সংস্থা যেনে অৰ্থনৈতিক অপৰাধ বিভাগ, ইনকাম টেক্স বিভাগ, এনফ’ৰ্চমেন্ট ডাইৰেক্টৰেট, চি বি আই আদিয়ে ৰেইড কৰাৰ পাচত বিভিন্ন উদ্যোগে চৰকাৰক টকা দিবলৈ বাধ্য হৈ পৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শুকুৰবাৰে মৰিগাঁও চহৰত এক আধাৰশিলা অনুষ্ঠানত অংশ লৈ উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপক প্ৰশংসা কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁ পুনৰ কয়, ‘চৰকাৰী তলতীয়া সংস্থাবোৰে কিছুমান বৃহৎ বৃহৎ ব্যৱসায়ী প্ৰতিষ্ঠানত তালাচী চলায় । তাৰ পিচত বিজেপি দলৰ ইলেক্টৰেল বণ্ডত কোটি কোটি টকা জমা দিবলৈ বাধ্য হয় এইবোৰ চৰকাৰী তলতীয়া সংস্থাই । আৰু এইবোৰ সংস্থাই বিজেপি দলক কোটি কোটি পুঁজি দি থাকে ।’ এই সন্দৰ্ভত সাংসদগৰাকীয়ে লগতে কয় যে এতিয়া মহামান্য আদালতে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে । মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে তেওঁ ।

আনহাতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পুনৰগঠিত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰূপে দলে মনোনীত কৰাৰ বিষয়ে উল্লেখ কৰি শাসকীয় বিজেপি আৰু এ আই ইউ ডি এফ দলক সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি সমালোচনা কৰে ৷ শুকুৰবাৰে মৰিগাঁও অসম জ্যোতি ক্লাৱৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা অনুষ্ঠানত সভাপতি নাছিৰুদ্দিন আহমেদ, সম্পাদক কামাল হুছেইন লগতে জিলা কংগ্ৰেছৰ সভাপতি শ্ৰৱণ কুমাৰ ডেকাৰজা, সম্পাদক ইজাজ হুছেইনৰ প্ৰমুখ্যে কেইবা গৰাকী কংগ্ৰেছ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : অস্ত্ৰৰ ঝনঝননিৰ শিক্ষা লৈ আহিছে সুৰেশ বৰাই : প্ৰাৰ্থিত্ব লাভৰ পিচত প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.