ETV Bharat / state

বানাক্ৰান্তৰ খবৰ লৈ গৌৰৱ গগৈয়ে উভতি ধৰিলে মুখ্য়মন্ত্ৰীক : চৰকাৰে দুৰ্নীতি-ছিণ্ডিকেট চলাইছে - MP Gaurav Gogoi in Charaideo - MP GAURAV GOGOI IN CHARAIDEO

Himanta Biswa Sarma : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ বাকযুদ্ধ তুংগত । এইবাৰ প্ৰসংগ- ছিগা মথাউৰি । কোনে নিৰ্মাণ কৰা মথাউৰি কেতিয়া ছিগিছে তাৰ হিচাপ কৰাত ব্য়স্ত হৈছে মুখ্যমন্ত্ৰী-সাংসদ ।

MP Gaurav Gogoi
সাংসদ গৌৰৱ গগৈ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 7:35 PM IST

মৰাণ, ৬ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলাতো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । জিলাখনৰ দিচাং, টাওকাক নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিভিন্ন অঞ্চল । ৰাইজে খাদ্য়ৰ পৰা আৰম্ভ কৰি পশুধনলৈ সমস্য়াৰ সন্মুখীন হৈছে । ইয়াৰ মাজতেই শনিবাৰে চৰাইদেউৰ বান পৰিস্থিতিৰ বুজ ল'লে সাংসদ গৌৰৱ গগৈয়ে । সাংসদগৰাকীয়ে জিলাখনৰ বিভিন্ন অঞ্চলত থকা বানাক্ৰান্ত ৰাইজক লগ ধৰি শেহতীয়া পৰিস্থিতিৰ বুজ লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

সাংসদ গৌৰৱ গগৈ (ETV BHARAT ASSAM)

চৰাইদেউ জিলা কংগ্ৰেছৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি বুজ লৈ বান সাহাৰ্য, বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ প্ৰশাসনক আহ্বান জনায় সাংসদগৰাকীয়ে । তেওঁ লগতে বানৰ প্ৰকোপ হ্ৰাস পালে জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ ৰাইজৰ সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে । ইয়াৰ পিচতেই সাংসদ গৌৰৱ গগৈয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে বানপানীত ছিগা মথাউৰিসমূহ কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰা বুলি মন্তব্য় কৰাৰ পিচতেই আজি সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক উভতি ধৰি কয়,"সমগ্ৰ ভাৰতবৰ্ষত বিজেপিয়ে য'তেই নিৰ্মাণৰ কাম কৰিছে তাতেই ভাঙিছে । বিজেপিয়ে কেৱল ডাঙৰ ডাঙৰ ঠিকাদাৰৰ বাবে কাম কৰে । বিজেপি চৰকাৰে কেৱল কৰ, জৰিমনা আৰু জি এছ টি লগাই ৰাইজৰ পইচা নষ্ট কৰি ডাঙৰ ঠিকাদাৰৰ সহায় কৰি আছে ।" তেওঁ পুনৰ কয়," মুখ্যমন্ত্রীগৰাকীয়ে যি কথা কৈছে অসমৰ ৰাইজে হাঁহিছে ।" পূৰ্বৰ চৰকাৰে নিৰ্মাণ কৰা মথাউৰি পুনৰ মেৰামতি কৰাৰ কৰাৰ দায়িত্ব কাৰ তাক লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে । তেওঁ লগতে কয়," তৰুণ গগৈয়ে দি যোৱা সুস্থ অসমত বিজেপি চৰকাৰে দুৰ্নীতি আৰু ছিণ্ডিকেট চলাইছে ।"

লগতে পঢ়ক:সাৱধান ! শেহতীয়াকৈ বানত বুৰ গৈছে ৩০ খন‌ জিলাৰ ৩৬১৮ গাঁও - Assam Flood 2024

উল্লেখযোগ্য যে দুদিন পূৰ্বে সাংসদ গৌৰৱ গগৈয়ে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি কৈছিল যে অসম চৰকাৰৰ শক্তিশালী মন্ত্রীৰ লগত মিলি জলসম্পদ বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰি আহিছে । সেয়া মথাউৰিয়ে হওক, নলাই হওক । সমগ্ৰ অসমতে এইদৰে নিম্নমানৰ কাম কৰা হৈছে । অসমৰ বিভিন্ন ঠাইত মথাউৰি ছিগিছে। গৌৰৱ গগৈৰ সমালোচনাৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কালিৰ দিনটোত কৈছিল," আজি বানপানীত ছিগা মথাউৰিসমূহ কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰা হৈছিল ।মথাউৰি ভঙাৰ কথা কৈ নিজৰ দেউতাকক যদি গালি পাৰে মই কি কৰিম ।"

লগতে পঢ়ক:সংসদৰ অধিৱেশনৰ মাজতে আহি মাজুলীৰ বানাক্ৰান্তৰ বুজ ল’লে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi in majuli

বলিয়া বানৰ ভয়ংকৰ ৰূপ : তিনি হাজাৰ কোটিৰো অধিক আন্তঃগাঁথনি ক্ষতিৰ আশংকা - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.