ETV Bharat / state

এগৰাকী শিল্পীক কিয় ধৰিব পৰা নাই আৰক্ষীয়ে: প্ৰশ্ন গৌৰৱ গগৈৰ - MP GAURAV GOGOI

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 10:07 PM IST

MP Gaurav Gogoi: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাক লৈ সৰৱ গৌৰৱ গগৈ । আৰক্ষীৰ ভূমিকাকো সমালোচনা । এই ব্য়ৰ্থতাৰ বাবে দায়ী কোন ? সকলো ক'লে সাংসদগৰাকীয়ে ।

APCC Extended Executive
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

মৰাণ, ৮ছেপ্টেম্বৰ: যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত চৰাইদেউৰ মথুৰাপুৰত দেওবাৰে অনুষ্ঠিত কংগ্ৰেছ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে সাংসদ গৌৰৱ গগৈয়ে । অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাক লৈ ৰাজ্যৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰিলে সাংসদগৰাকীয়ে ।

সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
  • কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকক লৈ কি ক'লে ?

সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সন্দৰ্ভত কয়, "এই সভাৰ লক্ষ্য এটাই- আমাক অহংকাৰমুক্ত অসম লাগে , দুৰ্নীতিমুক্ত অসম লাগে । তাৰ বাবে কংগ্ৰেছ দল, বিৰোধী ঐক্য মঞ্চ আৰু অসমৰ ৰাইজৰ একগোট হোৱাটো গুৰুত্বপূৰ্ণ । সন্মুখত ডেৰ বছৰ আছে । এই সময়ছোৱাত আমি এদিনো জিৰণি নোলোৱাকৈ কাম কৰিব লাগিব । অসমৰ ৰাইজৰ যি সপোন তাক আমি বাস্তৱ কৰিবলৈ চেষ্টা কৰিম ।"

তেওঁ পুনৰ কয়,"আজি সভাত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই পুনৰ কংগ্ৰেছ দললৈ অহাত আমি দললৈ আদৰণি জনাইছো । লগতে পল্লৱী শইকীয়াই চাকৰি এৰি কংগ্ৰেছ দলত যোগদান কৰিছে । বহু নতুন প্ৰজন্মই আজি কংগ্ৰেছ দলত যোগদান কৰিছে ।"

  • অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাক লৈ সৰৱ

ইপিনে, ৰাজ্য়ত চলি থকা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়, "অসম আৰক্ষী ইমান দুৰ্বল নে অনলাইন ট্ৰেডিং কৰা মানুহক ধৰিব পৰা নাই । মুখ্যমন্ত্রীয়ে নিৰ্দেশ দিলে । অসম আৰক্ষীয়ে মুখ্যমন্ত্রীয়ে নিৰ্দেশ দিবলৈ ৰৈ থাকিব নালাগিছিল । এদিনৰ ভিতৰতে ধৰিব লাগিছিল । যিসকল পলাইছে তেওঁলোক মাষ্টাৰ মাইণ্ড ক্ৰিমিনেল নহয় । এগৰাকী শিল্পীক কিয় ধৰিব পৰা নাই আৰক্ষীয়ে । মুখ্যমন্ত্রীৰ গৃহ বিভাগৰ সম্পূৰ্ণ ব্যৰ্থ । মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ কেৱল সংগঠনৰ নেতাক ব'ণ্ড ছাইন কৰিবলৈ নেকি ? কিয় কোটি কোটি টকা লৈ দুৰ্নীতি কৰাসকলক ধৰিব পৰা নাই ?"

লগতে পঢ়ক:এতিয়াও অসম আৰক্ষীৰ হাত কোনে বান্ধি ৰাখিছে ? : গৌৰৱ গগৈ - Online trading scam

দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী কোন ? - APCC Extended Executive

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.