ETV Bharat / state

এগৰাকী অসহায় মাতৃৰ কন্য়া সন্তানৰ চিকিৎসাৰ বাবে কাতৰ আহ্বান - APPEAL FOR FINANCIAL HELP

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 8:05 PM IST

Spine injury : ৰাজহাড়ৰ জটিল ৰোগত আক্ৰান্ত এগৰাকী কিশোৰী । অসহ্য় যন্ত্ৰণাত ছটফটাই থকাৰ পিছতো পৰিয়ালৰ লোকে কৰিব পৰা নাই চিকিৎসা । কাৰণ হাতত নাই ধন ।

Appeal for financial help
জটিল ৰোগত আক্ৰান্ত এগৰাকী কিশোৰী (ETV Bharat Assam)

গোলাঘাট, ১৪ ছেপ্টেম্বৰ: এগৰাকী অসহায় মাতৃৰ কাতৰ আহ্বান । অসুস্থ কন্য়া সন্তানৰ চিকিৎসাৰ বাবে হাতত নাই ধন । আনৰ ঘৰত কাম-বন কৰি কোনোমতে পৰিয়ালটো চলাই থকাৰ মাজতে জীৱনলৈ নামি আহিছে চৰম বিপৰ্যয়। কন্য়া সন্তান ৰাজহাড়ৰ গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছতেই দুখীয়া পৰিয়ালটোৱে দুশ্চিন্তাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ।

সকলোৰে ওচৰত কন্য়াৰ চিকিৎসাৰ বাবে সহায়ৰ হাত পাতিছে । পিছে কন্য়া সন্তানৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন কৰিব পৰা নাই সংগ্ৰহ । সেইবাবে সংবাদ মাধ্য়মৰ যোগেদি ৰাইজ তথা চৰকাৰক সহায়ৰ বাবে অসহায় মাতৃয়ে কয়,"তাইক জীয়াই ৰাখিবলৈ মই বহুত চেষ্টা কৰিলো । মই এতিয়া অসহায় । সহায় ভিক্ষা কৰি মই আপোনালোকৰ কাষ চাপিছো ।"

গোলাঘাট জিলাৰ বোকাখাত জয়পুৰ দগাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী লক্ষ্মী বৰা আক্ৰান্ত হৈছে এক জটিল ৰোগত ৷ ছাত্ৰীগৰাকীৰ ৰাজহাড়ৰ মধ্যমভাগত দেখা দিছে স্পাইন ইনজুৰীয়ে । যোৱা এবছৰৰ ভিতৰত ছাত্ৰীগৰাকীৰ ৰাজহাড় অস্বাভাৱিকভাৱে বেঁকাহৈ পৰে । বোকাখাত, কঁহৰা, যোৰহাট আদি চিকিৎসালয়ত দেখুওৱাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰীক্ষা কৰোৱা হয় । জি এম চি এইচৰ পৰা ছাত্ৰীগৰাকীক বি বৰুৱা চিকিৎসালয়লৈ অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰেৰণ কৰাত পেটতে হাত ভৰি লুকাইছে দৰিদ্ৰ পৰিয়ালটোৰ ।

দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলাই থকা পিতৃ-মাতৃয়ে সন্তানৰ চিকিৎসাৰ বাবে নিবলৈ শুভাকাংক্ষীৰ ওচৰত এতিয়া হাত পাতিবলগীয়া হৈছে । অসহায় মাতৃগৰাকীয়ে উল্লেখ কৰা মতে, বিষ পূৰ্বে সামান্য় আছিল যদিও যোৱা এটা বছৰত বেছিকৈ হৈছে । দিন হাজিৰা কৰা পিতৃ-মাতৃয়ে বৰ্তমান ধনৰ অভাৱত নিব পৰা নাই গুৱাহাটীলৈ । সেয়েহে চৰকাৰক ছাত্ৰীগৰাকীক সুস্থ হোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছে । যদি কোনো ব্যক্তিয়ে এই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহ'লে বোকাখাত ইণ্ডিয়ান বেংকৰ AC NO 6285863990 (IFSC- IDIB000B100) নম্বৰৰ মাতৃ ৰেখা বৰাৰ একাউণ্টত সহায় কৰিবলৈ পৰিয়ালটোৱে অনুৰোধ জনাইছে ।

আনহাতে, স্থানীয় এগৰাকী অংগনৱাড়ী কৰ্মীয়ে এই বিষয়ে উল্লেখ কৰি কয়,"ছোৱালীজনীৰ ৰোগটোৱে হঠাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে এতিয়া বি বৰুৱা কৰ্কট চিকিৎসা প্ৰতিষ্ঠান অস্ত্ৰোপ্ৰচাৰৰ বাবে চৰকাৰৰ লগতে ৰাইজক এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছোৱালীক সুস্থ কৰি তুলিবলৈ সহায় কৰিবলৈ অনুৰোধ জনাইছো । দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৰ ঘৰত আজিও বিনামূলীয়া বিদ্যুৎ সংযোগ নোহোৱাত ৬ জনীয়া পৰিয়ালটো নিশা হ'লে লেম্প-চাকিৰ পোহৰতে থাকিব লাগে । এনে এক পৰিৱেশত যন্ত্ৰণাকাতৰ অসহ্য বিষত চটফটাই দিন পাৰ কৰিছে দুৰ্ভগীয়া ছাত্ৰী লক্ষ্মী বৰাই । বিচাৰিছে আপোনাৰ-মোৰ অকণমান সহায় ৷ কোনো আগ্ৰহী লোকে সবিশেষ জানিবৰ বাবে মাতৃ ৰেখা বৰাৰ ৭০৮৬৫৬১৬৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব ।"

লগতে পঢ়ক:পৰিয়ালৰ আটাইকেইজন লোকেই জটিল ৰোগত আক্ৰান্ত, সহায়ৰ আহ্বান

চৰকাৰলৈ বাট চাই চকুলো টুকিছে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.