ETV Bharat / state

মাতৃহাৰা হ’ল আদিল হুছেইন : গোৱালপাৰাত জানাজা সম্পন্ন - Adil Hussain mother passes away

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 10:29 PM IST

Mother of actor Adil Hussain : মাতৃহাৰা হ’ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন । গোৱালপাৰাৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতা আদিল হুছেইনৰ মাতৃয়ে ৷ বুধবাৰে সম্পন্ন কৰা হয় জানাজা ৷

Mother of actor Adil Hussain
মাতৃহাৰা হ’ল আদিল হুছেইন (ETV Bharat Assam)

গোৱালপাৰা, 10 জুলাই: মাতৃহীন হ’ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন ৷ মঙলবাৰে গোৱালপাৰা চহৰৰ এখন ব্যক্তিগত হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতা আদিল হুছেইনৰ মাতৃয়ে ৷

গোৱালপাৰা চহৰৰ নয়াপাৰাৰ বাসিন্দা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাগৰাকীৰ মাতৃ আছিল জলেশ্বৰৰ পীৰে কামিল শ্বাহ ছৈয়দ নাছিৰ উদ্দিন বাগদাদী চাহাবৰ কনিষ্ঠ জীয়াৰী । জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা বাৰ্ধক্যজনিত কাৰণত গোৱালপাৰা চহৰৰ এখন ব্যক্তিগত হাস্পতলাত চিকিৎসাধীন হৈ আছিল ছৈয়দা আছিয়া খাতুন ৷ অৱশেষত মঙলবাৰে চিকিৎসাধীন অৱস্থাত শেষনিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীৰ মাতৃয়ে ৷

মৃত্যুৰ সময়ত ছৈয়দা আছিয়া খাতুনৰ বয়স আছিল ৯৫ বছৰ ৷ মঙলবাৰে মৃত্যু হোৱা অভিনেতাগৰাকীৰ মাতৃক বুধবাৰে দুপৰীয়া ১:৩০ বজাত জলেশ্বৰৰ পীৰবাৰীত জানাজা সম্পন্ন কৰা হয় । পিতৃ শ্বাহ ছৈয়দ নাছিৰ উদ্দিন আহমেদ বাগদাদী চাহাবৰ কৱৰৰ সমীপতে কৱৰস্থ কৰা হয় অভিনেতাগৰাকীৰ মাতৃক । কৱৰস্থ কৰাৰ সময়ত উপস্থিত থাকে পুত্ৰ তথা বিশিষ্ট অভিনেতা আদিল হুছেইন । ছৈয়দা আছিয়া খাতুনৰ জানাজাৰ সময়ত প্ৰায় দুহেজাৰ লোক উপস্থিত থাকে ৷

লগতে পঢ়ক: 200 কোটি টকা পায়ো এজন অভিনেতাই প্ৰত্যাখান কৰিব পাৰে ছবি !

অভিনেতাগৰাকীৰ মাতৃৰ বিয়োগত সমগ্ৰ গোৱালপাৰা জিলাখনতেই গভীৰ শোঁকৰ ছাঁ পৰিছে । মাতৃগৰাকীয়ে মৃত্যুৰ সময়ত পাঁচগৰাকী পুত্ৰ সন্তানক এৰি থৈ যায় ইহ সংসাৰত । মাতৃৰ বিয়োগত অভিনেতাগৰাকীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিন্নজনে সমবেদনাৰ বাৰ্তা প্ৰেৰণ কৰে ৷

আনহাতে মাতৃৰ বিয়োগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দিল্লী আদিৰ পৰাও শোকবাৰ্তা লাভ কৰা বুলি জনাই আজমল হুছেইনে ৷ আদিল হুছেইনৰ ভাতৃগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনাই যাতে সকলোৱে পৰিয়ালটোৰ বাবে দোৱা কৰে ৷

লগতে পঢ়ক: কবীৰ সিঙত অভিনয় কৰি অনুতপ্ত কিয় আদিল হুছেইন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.