ETV Bharat / state

ন্যায় ব্যৱস্থাত চাপ বৃদ্ধি : গুৱাহাটী উচ্চ ন্যায়ালয়তে পৰি আছে ৬০ হাজাৰোধিক গোচৰ - Pendency of court cases

Pending court cases in Assam : ৰাজ্যখনত বৃদ্ধি পাইছে গোচৰৰ সংখ্যা ৷ ন্যায়ালয়সমূহে বহন কৰিব নোৱৰা হৈছে গোচৰৰ বোজা ৷ নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা পাঁচ লাখৰো অধিক ৷ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ আছে ৬০৮১০ টা গোচৰ ৷ আছে ৩০ বছৰৰ পুৰণি গোচৰো ৷

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 4:48 PM IST

Pending court cases in Assam
ন্যায় ব্যৱস্থাত চাপ বৃদ্ধি (ETV Bharat Assam)

গুৱাহাটী, ১১ জুলাই : ৰাজ্যখনত অপৰাধৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে চাপ বৃদ্ধি পাইছে ন্যায় ব্যৱস্থাত ৷ ৰাজ্যত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ প্ৰায় প্ৰতিদিনেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে ৰাজ্যৰ জিলা আদালতসমূহত ৰুজু হোৱা গোচৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ যাৰ ফলত নিষ্পত্তি নোহোৱা গোচৰৰ বোজা বৃদ্ধি পাইছে ৰাজ্যৰ আদালতসমূহত ৷

আজিৰ দিনটোত ৰাজ্যখনত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা পাঁচ লাখৰো অধিক ৷ নেশ্যনেল জুডিচিয়েল ডাটা গ্ৰীডৰ তথ্য অনুসৰি বৰ্তমান সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হৈছে ৬০৮১০ টা ৷ ইয়াৰে ভিতৰত ৪৬৩০২ টা গোচৰ হৈছে দেৱানী আৰু ১৪৫০৮ টা গোচৰ হৈছে ফৌজদাৰী ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০ ৰ পৰা ৩০ বছৰৰ ভিতৰৰ পুৰণি ২৩ টা, ১০ৰ পৰা ২০ বছৰ পুৰণি ২৫৯৮ টা, ৫ ৰ পৰা ১০ বছৰৰ ভিতৰৰ পুৰণি ১৫৭৫৯ টা, তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰৰ পুৰণি ১১৪১৪ টা, এবছৰৰ পৰা তিনি বছৰৰ ভিতৰৰ পুৰণি ১২৭১৫ টা আৰু এবছৰৰ ভিতৰত ৰুজু হোৱা ১৮৩০৩ টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে ৷

লগতে পঢ়ক : তথ্যৰ অভাৱত ৩৩ টা বিভাগৰ কেলেংকাৰীৰ অমীমাংসিত ৩৪২ টা গোচৰ

ইফালে ৰাজ্যৰ বিভিন্ন জিলাৰ আদালতসমূহত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যাও যথেষ্ট বিশাল ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা নিতৌ বৃদ্ধি পাই সম্প্ৰতি পাঁচ লাখৰ ওচৰা-ওচৰি হৈছে ৷ ইয়াৰে ভিতৰত এক লক্ষাধিক গোচৰ হৈছে দেৱানী আৰু প্ৰায় চাৰি লাখ গোচৰ হৈছে ফৌজদাৰী ৷

আনহাতে জিলা আদালতসমূহত ৩০ বছৰৰ অধিক পুৰণি ২৯ টা আৰু ২০ ৰ পৰা ৩০ বছৰৰ পুৰণি দুই শতাধিক, ১০ ৰ পৰা বিছ বছৰৰ ভিতৰৰ পুৰণি আঠ সহস্ৰাধিক, ৫ ৰ পৰা ১০ বছৰ পুৰণি ৫৫ সহস্ৰাধিক, তিনিৰ পৰা পাঁচ বছৰ পুৰণি ৫৭ সহস্ৰাধিক, এবছৰৰ পৰা তিনি বছৰ পুৰণি ডেৰ লক্ষাধিক আৰু এবছৰৰ ভিতৰৰ ২.১৮ লাখৰো অধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে ৷ আনহাতে সকলোতকৈ অধিক গোচৰ ৰুজু হৈ আছে কামৰূপ মহানগৰ জিলাত ৷

লগতে পঢ়ক : বন্ধৰ দিনত কৰা হ'ব ভূমি সম্পৰ্কীয় গোচৰৰ নিষ্পত্তি

কামৰূপ জিলাত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা ১.৩৫ হাজাৰৰো অধিক ৷ ইয়াৰে ভিতৰত ২৭ হাজৰৰো অধিক গোচৰ দেৱানী আৰু এক লক্ষাধিক গোচৰ হৈছে ফৌজদাৰী ৷ কামৰূপ মহানগৰ জিলাৰ পিচতে দ্বিতীয় স্থানত থকা ধুবুৰীত প্ৰায় ৩৪ হাজাৰ আৰু তৃতীয় স্থানত থকা কাছাৰত ৩০ হাজাৰৰো অধিক গোচৰ আছে ৷ ইফালে ৰাজ্যখনৰ ভিতৰতে সকলোতকৈ কম গোচৰ নিষ্পত্তি নোহোৱাকৈ থকা জিলা হৈছে ডিমা হাছাও আৰু মাজুলী ৷

ডিমা হাছাওত সাত শতাধিক আৰু মাজুলী জিলাত সহস্ৰাধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে ৷ ৰাজ্যখনত অপৰাধমূলক কার্যকলাপ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে গোচৰৰ সংখ্যাও ৷ ন্যায়ালয়সমূহে গোচৰৰ বোজা বহন কৰিব নোৱৰা অৱস্থা হৈছে ৷ ন্যায়ালয়ত প্ৰতিটো মাহতেই নিষ্পত্তি হোৱা গোচৰৰ পৰিৱৰ্তে নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত পুৰণি গোচৰসমূহ নিষ্পত্তি হোৱাৰ সময়ো দীঘলীয়া হৈছে ৷

ইফালে তথ্য মতে গুৱাহাটী উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ নাগৰিকে দাখিল কৰা গোচৰৰ সংখ্যা হৈছে ৭০২৯ টা আৰু মহিলাই দাখিল কৰা গোচৰৰ সংখ্যা হৈছে ৬৫০৭ টা ৷

লগতে পঢ়ক: সকলো নিষ্পত্তি হ’ল: গোচৰশূণ্য হ’ল মাজুলী জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.