ETV Bharat / state

জনজাতিকৰণৰ দাবীত মৰাণ জনগোষ্ঠীয় সংগঠনে কঁপালে তিনিচুকীয়াৰ আকাশ-বতাহ - Moran tribal organisations protest

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 6:47 PM IST

Protest demanding tribalisation: জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত মৰাণ জনগোষ্ঠীয় সংগঠনৰ উত্তাল প্ৰতিবাদ ৷ আৰক্ষীৰ স’তে হতাহতি প্ৰতিবাদকাৰীৰ ৷ আৰক্ষীয়ে আটক কৰে কেইবাজনো প্ৰতিবাদকাৰীক ৷ কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহত বাধা আৰক্ষীৰ ।

Maran tribal organisations protest demanding tribalisation in Tinsukia
জনজাতিকৰণৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া,৫ জুলাই: জনজাতিকৰণৰ দাবীত উত্তাল তিনিচুকীয়া । সদৌ মৰাণ ছাত্র সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত তিনিচুকীয়াত মৰাণ জনজাতিক জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদান আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনজাতিৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

প্ৰতিবাদৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে । তিনিচুকীয়াৰ ৰাজ্যিক বাছ আস্থানৰ সমীপত পুত্তলিকা দাহ কৰিবৰ বাবে তিনিচুকীয়া মহাবিদ্যালয় সমীপৰ পৰা সমদলটো বাহিৰ কৰে যদিও মহাবিদ্যালয়ৰ তিনিআলিতেই আৰক্ষীৰ এটা বৃহৎ দলে বাধা দিয়ে প্ৰতিবাদকাৰীসকলক ।

পিচে বাধাকো নেওচি সাব্যস্ত কৰা প্ৰতিবাদৰ পাচতে আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক ৷ প্ৰতিবাদস্থলীৰ পৰা গণতান্ত্ৰিক আন্দোলনত বাধা প্ৰদান কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে মৰাণ জনগোষ্ঠীৰ কেউটা দল-সংগঠনৰ নেতৃত্ব । "যিকোনো মূল্যৰ বিনিময়ত আমাক জনজাতিকৰণ লাগিবই, এয়া আমাৰ জন্মগত প্ৰাপ্য । আমাক অন্যায় কৰা হৈছে । চৰকাৰে এইদৰে বলপূৰ্বকভাৱে আমাক দমন কৰাৰ চেষ্টা কৰিছে । জনজাতি নকৰালৈকে আন্দোলন অব্যাহত থাকিব ।" ইয়াৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে আটক কৰা সকলো প্ৰতিবাদকাৰীকে অতি শীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে সংগঠনৰ নেতাসকলে ৷

লগতে পঢ়ক: জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ সংবাদমেল - AKRASU press conference in bijni

জনজাতিকৰণৰ দাবীত জাঁজীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.