ETV Bharat / state

আজি চাকৰিত যোগ দিয়াৰ কথা আছিল ! আৰু উভতি নাহে গাৰ্গী-নীলোৎপল - NONGPOH ACCIDENT

মেঘালয়ৰ নংপোত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল মৰাণৰ প্ৰেমিক যুগলৰ ।

Tragic accident
আৰু উভতি নাহে গাৰ্গী-নীলোৎপল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 7:26 AM IST

Updated : Nov 4, 2024, 2:22 PM IST

মৰাণ : মেঘালয়ৰ নংপোত সংঘটিত দুৰ্ঘটনাক লৈ মৰাণত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । দুৰ্ঘটনাটোত মৃত্যু হয় মৰাণৰ প্ৰেমিক যুগল নীলোৎপল দুৱৰী আৰু গাৰ্গী চুতীয়াৰ । নিশা নীলোৎপলৰ মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰে ।

ইয়াতকৈও দুখৰ কথাটো হ'ল যে আজি অৰ্থাৎ সোমবাৰে গুৱাহাটীত নতুন চাকৰিত যোগদানৰ কথা আছিল নীলোৎপলৰ । ইংৰাজী বিষয়ত স্নাতক নিলোৎপলে ডিব্ৰুগড়ৰ এষ্ট্ৰোন নামৰ চেণ্টাৰত দীৰ্ঘদিন ধৰি কোচিং কৰি আছিল আৰু যোৱা শনিবাৰে নীলোৎপলে গুৱাহাটীত এটা চাকৰিৰ বাবে সাক্ষাৎকাৰ দিছিল । তেওঁ নিৰ্বাচিতও হৈছিল । গুগল ৩৬০ৰ ফিল্ড অফিচাৰ হিচাপে সোমবাৰে কৰ্মক্ষেত্ৰত যোগদান কৰাৰ কথা আছিল নীলোৎপলৰ ৷ তাৰ পূৰ্বে শ্বিলঙলৈ গৈ থকা অৱস্থাত মৃত্যুক সাৱটিলে নীলোৎপলে । যাৰ বাবে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গ শোকত ভাগি পৰিছে । দুৰ্ঘটনাটোত তেওঁৰ প্ৰেমিকা গাৰ্গী চুতীয়াৰো মৃত্যু হয় ।

আৰু উভতি নাহে গাৰ্গী-নীলোৎপল (ETV Bharat)

কেনেকৈ হ'ল দুৰ্ঘটনা ?

জানিব পৰা মতে গুৱাহাটীৰ পৰা এখন মটৰচাইকেল ভাৰাত লৈ শ্বিলঙলৈ ফুৰিবলৈ গৈছিল মৰাণৰ টেঙাদলঙৰ নীলোৎপল দুৱৰী আৰু জ্যোতিপুৰৰ গাৰ্গী চুতীয়া ৷ কিন্তু গৈ থকা অৱস্থাতে নংপোত দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হয় দুয়োগৰাকী । দুয়োৰে মাজত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে । আনকি দুয়োটা পৰিয়ালে তেওঁলোকৰ এই প্ৰেমক স্বীকৃতিও দিছিল ৷

শনিবাৰে চাকৰিৰ সাক্ষাৎকাৰৰ পিছতে নীলোৎপল আৰু প্ৰেমিকা গাৰ্গী ফুৰিবলৈ শ্বিলঙলৈ গৈছিল ৷ কিন্তু সেই যাত্ৰাই আছিল দুয়োৰে শেষ যাত্ৰা ৷ দেওবাৰে বিয়লি মেঘালয়ৰ নংপোত ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত প্ৰেমিক যুগলে কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ গাৰ্গী চুতীয়াৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱা নাই ।

লগতে পঢ়ক :দীপাৱলীত গুৱাহাটীতকৈও বিপজ্জকভাৱে বায়ু প্ৰদূষণ বৃদ্ধি ৰাজ্যৰ এই দুখন জিলাত

Last Updated : Nov 4, 2024, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.