গুৱাহাটী: পুৱাৰ সময়, মহানগৰখনত সোমবৰীয়া ব্যস্ততা লাহে লাহে স্পষ্ট হৈ পৰিছে ৷ মানুহবোৰ কামে কামে ওলাই আহিছে ৷ ৰাস্তাত গাড়ীবোৰো চলিবলৈ আৰম্ভ কৰিছে ৷ ভাগে ভাগে সকলো ব্যস্ত হৈ পৰিছে নিজৰ কামত ৷ তেনেতে মহানগৰৰ এটা ব্যস্ত অঞ্চলত হঠাৎ হুলস্থুল লাগিল ৷ ভাঁহি আহিল গাজি-গালাজ কৰাৰ শব্দ ৷ ক’ত কি হ’ল আকৌ পুৱাতেই ? সেই স্থানত থকা সকলোৱে ইফালে সিফালে চাবলৈ ধৰিলে ৷
সকলোৰে চকু পৰিল মানুহৰ এটা জুমত ৷ কিনো হৈছে বুলি চাবলৈ আগুৱাই গ’ল দুই এজন লোক ৷ এজাক মানুহে আগুৰি আছে এটা সৰু ল’ৰাক আৰু তাৰ নাকে-মুখে তেজ, দুচকুত তীব্ৰ সংশয় ৷ ল’ৰাটোক ঘেৰি থকা জুমটোৰ লোকসকলে যিয়ে যেনেকৈ পাৰে মাৰিছে ৷ চৰটো, ভুকুটো পৰোতে পৰোতে ল’ৰাটোৰ মুখেৰে তেজ বৈ গৈছে ৷ লগতে গালি-গালাজটো আছেই ৷
ইজনে-সিজনক সোধা-সুধি কৰিছে, কিনো কৰিলে ল’ৰাটোৱে ? ঘটনাৰ উমান পোৱা কেইজনে ক’লে- সি চুৰি কৰিছে ৷ ইমান সৰুতেই চুৰি কৰিছে, ডাঙৰহৈ কি হ’ব ! এই ধৰণে মানুহবোৰে নিজৰ নিজৰ ক্ষোভ প্ৰকাশ কৰিলে ৷
লগতে পঢ়ক: চোৰৰ সন্দেহত যুৱকক গণপ্ৰহাৰ, চুলি কাটি শাস্তি
এৰা, সি অপৰাধ কৰিছে ৷ কিয় চুৰি কৰিব ৷ তাৰ শাস্তি হ’বই লাগিব ৷ পুলিচে পাছত যি কৰে কৰক, কিন্তু তাৰ আগতে সি ৰাজহুৱা পিটন পাব লাগিব ৷ সি বুজিব লাগিব সমাজত সচেতন মানুহ কিমান আছে ৷ গতিকে, যিয়ে যেনেকৈ পাৰে তাক চৰ-ভুকু শোধাই গ’ল ৷ বান্ধি থ’লে ইলেক্ট্ৰিক তাঁৰৰ খুঁটাত ৷ যাৰেই মন গ’ল সিয়েই তাক প্ৰহাৰ কৰিলে ৷ অসহায় হৈ ল’ৰাটোৱে মাথোঁ কান্দিলে... ভয়তেই হওক বা অসহ্য যন্ত্ৰণাতেই হওক !
এপেকেট গাখীৰ চুৰি কৰিছিল সি ৷ অৱশ্যে চুৰি কৰিবলৈ নাপালে, হাতে-লোটে ধৰা পৰিল ৷ লগে লগে দোকানীয়ে তাক কৰিলে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ স্থানীয় একাংশ লোকে জনোৱা মতে, ৰাস্তাত পেলাই মূৰত গচকি ধৰিছিল ল’ৰাটোক ৷ তাৰ পাছত বান্ধিলে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটাত ৷ ইফালে ঘটনা দেখি দুই এজনকৈ মানুহ গোট খালে আৰু তাৰে মাজৰ কেবাজনেও মাৰপিটত হাত উজান দিলে ৷ ল’ৰাটোৱে মাত্ৰ চিঞৰি থাকিল, ‘‘মোক এৰি দিয়ক, আৰু কেতিয়াও এনেকুৱা নকৰোঁ ৷’’ কিন্তু সেয়া কোনে শুনে ৷ গাখীৰৰ পেকেট এটা চুৰি কৰিছে ৷ সি মাৰ খাবই লাগিব ৷
লগতে পঢ়ক: যোৰহাটত পুনৰ গণপ্ৰহাৰৰ ঘটনা, গুৰুতৰভাৱে আহত যুৱক
ঘটনাটো ঘটিল গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ জটিয়াত ৷ তেজেৰে ৰাঙলী হৈ পৰিল ল’ৰাটোৰ মুখমণ্ডল ৷ কোনোবাই চাবিৰে কৰা আঘাতত ল’ৰাটোৰ চকুৰ পৰা তেজ বৈ গ’ল ৷ কথা বিষম দেখি গোট খাই থকা মানুহৰে কোনোবা এজনে খবৰ দিলে ভগদত্তপুৰ আৰক্ষীক ৷ ঘটনাৰ খবৰ পাই আৰক্ষী আহিল আৰু তেজেৰে তুমুৰলি হৈ থকা ল’ৰাটোক লৈ গৈ চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইমান সময়ে চোৰক নীতি শিক্ষা দিয়াসকলো ভাগে ভাগে আঁতৰি গ’ল ৷
চুৰি কৰাটো অপৰাধ, গতিকে ল’ৰাটোৱে এটা শাস্তি পোৱা উচিত ৷ কিন্তু এনেকৈ অমানৱীয় অত্যাচাৰ উচিত আছিলনে ? শাসনৰ নামত এনে বৰ্বৰতাক সমৰ্থন জনাব পাৰিনে ? অপৰাধৰ শাস্তি দিয়াৰ অধিকাৰ আইনে জানো আমাক দিছে ?
আমাৰ সমাজত ডাঙৰ ডাঙৰ অপৰাধ কৰিও বহু মানুহ সাৰি যায় আৰু সৰু-সুৰা অপৰাধ কৰিও বহুতে গুৰু শাস্তি পায় ৷ এই প্ৰতিবেদনত আমি চুৰিকাৰ্যত ব্ৰতী হোৱা কিশোৰটিক সমৰ্থন জনাব খোজা নাই ৷ আমি মাত্ৰ তেওঁৰ ওপৰত চলা নৃশংস আক্ৰমণৰ বিষয়টোহে উপস্থাপন কৰিছোঁ ৷ কিয়নো ইয়াৰ পূৰ্বেও অসমত গণপ্ৰহাৰৰ ফলত অঘটন ঘটাৰ বহু কেইটা উদাহৰণ আছে ৷ ইতিমধ্যে কিশোৰজনক অত্যাচাৰ চলোৱাৰ অভিযোগত হিমাংশু বৈশ্য আৰু জয়ন্ত তালুকদাৰ নামৰ দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
লগতে পঢ়ক: শিৱসাগৰত মোবাইল চুৰিৰ সন্দেহত গণপ্ৰহাৰত প্ৰাণ গ’ল এজনৰ, আহত আন এজন - Moral policing in Sivasagar