ETV Bharat / state

বিদ্যালয়ৰ পাঠ্যক্ৰমত পুনৰ অন্তৰ্ভুক্ত হ’ব চৰিত্ৰ-পাঠ - VALUE EDUCATION

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Moral lesson in curriculum: চৰকাৰে নৱপ্ৰজন্মক নৈতিক শিক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰিছে এক পদক্ষেপ । পুনৰ পাঠ্য়পুথিত অন্তৰ্ভুক্ত হ'ব একালৰ এখন মহামূল্য়ৱান পুথি । এই পুথিখনতেই আছে চৰিত্ৰ গঠনৰ আদিপাঠ ।

moral lesson to be included in new curriculum
চৰিত্ৰ গঠনৰ আদিপাঠ (ETV Bharat Assam)

তেজপুৰ, ২৫ ছেপ্টেম্বৰ : অৱক্ষয়, নৈতিকতাৰ স্খলন, অসহিষ্ণুতা, নৱ প্ৰজন্মক লৈ এই বিষয়বোৰেই এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু । কাৰণ আজিৰ প্ৰজন্মৰ মাজত নৈতিকতা, সজ আচৰণ, সামাজিক ব্য়ৱহাৰ, চৰিত্ৰ গঠনৰ উপাদান আদিৰ অভাৱ ঘটিছে বুলি বহুতেই ক’ব খোজে । তেওঁলোকে এইবিষয়ে জ্ঞান আয়ত্ব কৰিবলৈও নাই বিশেষ পাঠ্য়ক্ৰম । এইবোৰ বিষয়ত সৰুৰে পৰাই সঠিক জ্ঞান প্ৰদান কৰিবলৈ আদিপাঠ নোহোৱা বাবেই সংঘটিত হ'বলৈ ধৰিছে অনাকাংক্ষিত ঘটনা । সেয়েহে চৰিত্ৰ গঠনৰ আদিপাঠ দিবলৈ চৰকাৰে পুনৰ প্ৰৱৰ্তন কৰিলে 'চৰিত্ৰ-পাঠ'।

অসমৰ বিদ্যালয় শিক্ষালৈ পুনৰ ঘুৰি আহিব একালৰ 'চৰিত্ৰ-পাঠ' ৷ অসমত যুৱ প্ৰজন্মৰ মাজত যেতিয়াই অনাকাংক্ষিত ঘটনা সংঘটিত হয় তেতিয়াই সঘনে চৰ্চিত হৈ অহা এটা বিষয় হ’ল চৰিত্ৰ-পাঠ ৷ আজিৰ পৰা প্ৰায় তিনি দশক আগলৈকে বিদ্যালয় পৰ্যায়ত পাঠ্যক্ৰম বিষয় আছিল 'চৰিত্ৰ-পাঠ'। এই পুথিৰ দ্বাৰা শিক্ষাৰ্থীক মানসিক আৰু সামাজিক আচৰণ তথা হিতোপদেশ শিকোৱা হৈছিল । সেয়েহে অসম চৰকাৰৰ শিক্ষা বিভাগে তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যপুথিত চৰিত্ৰ-পাঠক সামৰি লোৱাৰ বিষয়ে ঘোষণা কৰিছে ।

শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয়সমূহত সংঘটিত দুই এক শিহৰণকাৰী ঘটনাই এতিয়া চৰকাৰৰ শিক্ষা বিভাগৰ গা লৰাবলৈ বাধ্য কৰিছে । মঙলদৈৰ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত ছাত্ৰৰ হাতত সহপাঠীৰ মৃত্যু ঘটাৰ দৰে শিহৰণকাৰী ঘটনাৰ পাছত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে মূল্যবোধ শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত কেইবাদশক পূৰ্বৰ 'চৰিত্ৰ-পাঠ’ বিষয় সংযোজন কৰা হ’ব । ৰাজ্য চৰকাৰে পৰিৱৰ্তিত নতুন শিক্ষা নীতিৰ আধাৰত যিসমূহ পূৰ্বৰ বিষয় এৰাই চলিছিল সেই সমূহ পুনৰ সংমিশ্ৰণ ঘটাই শিক্ষাৰ ক্ষেত্ৰত এক নতুন সংযোজন কৰাৰ প্ৰয়াসক বহুতে আদৰণি জনাইছে ।

  • মূল্যবোধ শিক্ষাত গুৰুত্ব আৰোপ

শিক্ষামন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম 'X' ত এনেদৰে ঘোষণা কৰে, "মূল্যবোধ শিক্ষা (value education) ক NEP-2020 ত এক অন্যতম ক্ষেত্ৰ হিচাপে গুৰুত্ব প্ৰদান কৰা হৈছে আৰু স্কুল শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (National Curriculum Framework)ত অন্তৰ্ভুক্ত কৰা হৈছে। তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যপুথি ২০২৪-২৫ শিক্ষাবর্ষৰ পৰা কাৰ্যকৰী হ'ব য'ত মূল্যবোধ শিক্ষা অন্তৰ্ভুক্ত কৰা হ'ব আৰু চৰিত্ৰ পাঠক সামৰি লোৱা হ’ব। তাৰ পাছত অন্য শ্ৰেণীৰ পাঠ্যক্ৰমত অনুসৰণ কৰা হ'ব ।’’

  • মুখ্যমন্ত্ৰীৰ আদৰণি

এই বিষয়টোক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে সামাজিক মাধ্যমযোগে । মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰীৰ পোষ্টৰ আধাৰত এনেদৰে মন্তব্য কৰে, "এসময়ত পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীত নীতিশিক্ষাৰ পাঠ হিচাপে পঢ়া 'চৰিত্ৰ-পাঠ' শীৰ্ষক মহামূল্যৱান কিতাপখন পুনৰবাৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত সঁচাকৈয়ে আদৰণীয় হ'ব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰো ৷ এখন মানৱীয়, সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত আদিপাঠ হিচাপে এই গ্ৰন্থখনে যথেষ্ট ইতিবাচক ভূমিকা গ্ৰহণ কৰিব ৷ "

  • বহু আগতেই সংযোজন কৰিব লাগিছিল

কিন্তু স্বাভাৱিকতে প্ৰশ্ন উঠিছে কেইবা দশকৰ পূৰ্বৰ সামাজিক প্ৰেক্ষাপটত প্ৰস্তুত কৰা সেইসময়ৰ সকলো পাঠ সময়োপযোগী হৈ আছে নে ? লগতে বিজ্ঞান প্ৰযুক্তিয়ে পৃথিৱীৰ সকলো প্ৰান্ত একাকাৰ কৰি পেলোৱা সময়ত নতুনকৈ পাঠ প্ৰস্তুত কৰি সংযোজন কৰাৰো প্ৰয়োজন আছে বুলি চৰ্চা আৰু পৰামৰ্শ আগবঢ়াইছে বিভিন্নজনে ৷ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ প্ৰাণজিৎ হাজৰিকাই এই সন্দৰ্ভত ইটিভি ভাৰতক কয়, "ই এক ইতিবাচক দিশ । অসমৰ চৰকাৰৰ শিক্ষা বিভাগৰ এই পদক্ষেপক আদৰণি জনাইছোঁ ।" অৱশ্যে এই বিষয় শিক্ষা বিভাগত বহু আগতেই সংযোজন কৰিব লাগিছিল বুলি তেওঁ মন্তব্য কৰে ।

এই সন্দৰ্ভত সাংবাদিক প্ৰাঞ্জল মজুমদাৰে কয়, "চৰকাৰৰ ই এক ভাল সিদ্ধান্ত ৷ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ যোগেদি ঘোষণা কৰিছে যে তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত আকৌ নীতি শিক্ষাৰ বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব । এয়া চৰকাৰৰ এক ভাল সিদ্ধান্ত আৰু ইয়াক আদৰণি জনাইছো । বৰ্তমান বিদ্যালয়বোৰত বৃদ্ধি পোৱা অপৰাধ প্ৰৱণতাৰ বাবে এই পাঠ্যক্ৰমৰ অতীৱ প্ৰয়োজন । অৱশ্যে তিনি বা চাৰি দশক আগত যিবোৰ সাধুকথাৰে এই পাঠ্যক্ৰম সজোৱা হৈছিল, বৰ্তমানৰ ল'ৰা-ছোৱালীয়ে সেইবোৰত এতিয়া আকৰ্ষিত নহ'ব । কাৰণ সময়ৰ পৰিৱৰ্তন হৈছে । এতিয়াৰ পাঠ্যক্ৰমত ম’বাইল, গাড়ী, কম্পিউটাৰ আদি বিষয়বোৰ অন্তৰ্ভুক্ত কৰিব লাগিব ।”

তেওঁ লগতে উল্লেখ কৰে, "চৰকাৰলৈ মোৰ অনুৰোধ থাকিল যেন প্ৰকৃতি আৰু পৰিৱেশৰ সংৰক্ষণ, ব্যক্তিগত জীৱনত সামাজিক দায়বদ্ধতাৰ পাঠবোৰো স্কুল পৰ্যায়ত অন্তৰ্ভুক্ত কৰে, যাতে আমাৰ নৱ প্ৰজন্মই শিক্ষিত হোৱাৰ লগতে দায়িত্বশীল হৈ উঠে ।'' উল্লেখ্য় যে পূৰ্বতে শিক্ষাখণ্ডত এনেধৰণৰ পাঠ্যক্ৰমৰ জড়িয়তে পঠদান কৰোৱাৰ বাবে বহু সময়ত ছাত্ৰ-ছাত্ৰী সকলক সচেতন নাগৰিক হোৱাত সহায় কৰিছিল ।

লগতে পঢ়ক:মঙলদৈৰ ছাত্ৰ হত্যাকাণ্ড; নিমাওমাও পৰিৱেশ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত - Students Murder in Sipajhar

জোকোৱা-জুকিয়েই হ’লগৈ হত্যাকাণ্ডৰ কাৰণ ! জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু কনিষ্ঠ ছাত্ৰৰ - Students Murder in Sipajhar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.