ETV Bharat / state

মঘাই ওজাক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে ৰাজ্য চৰকাৰে: পলাশ চাংমাই - Ganashilpi Maghai Oza Award

Moghai ojha diwas: যোৰহাটত কেন্দ্ৰীয়ভাৱে চতুৰ্দশ বাৰ্ষিক মঘাই ওজা দিৱস পালন । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্য়োগত অনুষ্ঠিত মঘাই ওজা দিৱসত গণশিল্পীগৰাকী চৰকাৰীভাৱে উচিত স্বীকৃতি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে AJYCP ৰ সভাপতি পলাশ চাংমায়ে ।

Moghai ojha diwas celebrated at AJYCP initiative in Jorhat
যোৰহাটত কেন্দ্ৰীয়ভাৱ চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় মঘাই ওজা দিৱস পালন
author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 5:31 PM IST

মঘাই ওজাক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে ৰাজ্য চৰকাৰে: পলাশ চাংমাই

যোৰহাট,১৫ মাৰ্চ: আজি মঘাই ওজা দিৱস । চতুৰ্দশ বাৰ্ষিক মঘাই ওজা দিৱসৰ দিনটোত যোৰহাট থানা ৰোডত থকা গণশিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি তেওঁৰ সৃষ্টিৰাজি, অৱদান ৰোমন্থন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে যোৰহাটৰ ৰাইজে । গণশিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে AJYCP ৰ সভাপতি পলাশ চাংমায়ে ।

ইয়াৰ পিচতে গণ শিল্পীগৰাকীৰ কৰ্মৰাজি আৰু অৱদান সম্পৰ্কে নতুন প্ৰজন্মক সজাগ কৰাৰ মানসেৰে নগৰ মাজেদি এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । আনহাতে অসম লোক-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৱদান আগৱঢ়োৱা বোকাখাতৰ শিল্পী তথা ঢুলীয়া ধনেশ্বৰ শইকীয়াক ২০২৪ বৰ্ষৰ গণশিল্পী মঘাই ওজা বঁটা প্ৰদান কৰা হয় ।

আনহাতে কেন্দ্ৰীয় মঘাই ওজা দিৱসৰ দিনটোত গণশিল্পী গৰাকীক স্মৰণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে কয় যে AJYCP অসমৰ একমাত্ৰ জাতীয় সংগঠন যিয়ে শিল্পীগৰাকীক শ্ৰদ্ধা জনাই তেওঁৰ নামত বটা প্ৰদান কৰি আহিছে । গণশিল্পীগৰাকীক ৰাজ্য চৰকাৰে যিদৰে স্বীকৃতি দিব লাগিছিল সেয়া আজিলৈকে পৰিলক্ষিত নহ'ল । আনহাতে গণশিল্পী গৰাকীক মঘাই ওজা দিৱস কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা লগতে তেওঁ নামত বঁটা প্ৰদান কৰা হ'ব নেকি সেই সন্দৰ্ভত বিধানসভাত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিভাগীয় মন্ত্ৰীক প্ৰশ্ন কৰাত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কৈছিল সেই সম্পৰ্কে চৰকাৰ ওচৰত কোনো তথ্য নাই ।

এইয়া অত্যন্ত দুভাৰ্গ্যজনক বুলি আখ্যা দিয়ে পলাশ চাংমায়ে । আনহাতে যিগৰাকী গণশিল্পীয়ে সমাজ গঠন আৰু অসমীয়া জাতি উত্তৰণ বাবে কাম কৰিছিল সেইগৰাকী গণশিল্পীক চৰকাৰে এনেদৰে অপমান কৰা নৈতিক অধিকাৰ নাই । আজি কেন্দ্ৰীয়ভাৱে যোৰহাটৰ বিজ্ঞান আৰু তাৰকাগৃহত অনুষ্ঠিত কৰা মঘাই ওজা দিৱসত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ অনুবাদ সাহিত্যৰ সাহিত্য অকাডেমী বঁ‌টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.