ETV Bharat / state

তামিলনাডুত গণপ্ৰহাৰৰ বলি অসমৰ 5 গৰাকী লোক - Tamil Nadu Attack on Assamese

Mob Attack on Assam Labour: বহিঃৰাজ্যত গণপ্ৰহাৰৰ বহি হ’ল অসমৰ 5 গৰাকী শ্ৰমিক ৷ তামিলনাডুত শ্ৰমিক হিচাবে থকা অসমৰ যুৱককেইজনক প্ৰহাৰ কৰা হ’ল অপহৰণকাৰীৰ সন্দেহত ৷

Mob Attack on Assam Labour
তামিলনাডুত গণপ্ৰহাৰ অসমীয়াক
author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 9:22 PM IST

কৃষ্ণগিৰি (তামিলনাডু), 7 মাৰ্চ: তামিলনাডুত নিৰ্মম গণপ্ৰহাৰৰ বহি হ’ল পাঁচগৰাকী অসমৰ লোক ৷ তামিলনাডুৰ কৃষ্ণগিৰিত বুধবাৰে সংঘটিত হয় ঘটনাটো ৷ 50 জনৰো অধিক লোকৰ দ্বাৰা গণপ্ৰহাৰৰ বলি অসমৰ লোককেইজন ৷ জানিব পৰামতে শ্ৰমিক হিচাবে তামিলনাডুত থকা লোককেইজনে এগৰাকী মহিলা আৰু এটি শিশু অপহৰণ কৰিবলৈ অহা বুলি ওলোৱা এক উৰাবাতৰিৰ ফলত ঘটনাটো সংঘটিত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

গণপ্ৰহাৰৰ বলি হোৱা শ্ৰমিককেইজন হ’ল কমল হুছেইন (৩০), নিজাম আলী (২৬), মহম্মদ মেজুদ্দিন (৩০), এছ মহম্মদ (৩০) আৰু ছোহাদ আলী (৩১) ৷ শ্ৰমিককেইজন এখন মালবাহী বাহনত গৈ থকা অৱস্থাতে উত্তেজিত লোকসকলে আক্ৰমণ কৰে । জানিব পৰা মতে আক্ৰমণকাৰীসকল তামিলনাডুৰ চেম্বাদামুথুৰ, বেথাথালাপল্লী আৰু থুৰিঞ্জিপট্টি অঞ্চলৰ ৷ গণপ্ৰহাৰৰ ফলত শ্ৰমিকসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

শ্ৰমিক পাঁচগৰাকীক প্ৰহাৰ কৰি থকাৰ সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল যদিও আৰক্ষীৰ বাধা নেওচি প্ৰহাৰ অব্যাহত ৰাখিছিল স্থানীয় লোকসকলে ৷ পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক চিকিৎসাৰ বাবে চৰকাৰী কৃষ্ণগিৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 50 গৰাকী আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ ইয়াৰে আঠগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অভিযুক্তৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

জিলা আৰক্ষী অধীক্ষক থাংগাদুৰাই সংবাদ মাধ্যমক সম্বোধন কৰি কয়, ‘‘কৃষ্ণগিৰি জিলাত শিশু অপহৰণৰ কোনো খবৰ লাভ কৰা নাই ৷ বিগত কিছুদিনৰ পৰা শিশু অপহৰণৰ উৰাবাতৰি বিয়পি আছে । ৰাইজে ইয়াক বিশ্বাস কৰা উচিত নহয় । যদি কাৰোবাৰ কিবা সন্দেহ আছে, তেওঁলোকে ইয়াক আৰক্ষীক জনাব লাগে । যদি কাৰোবাক আক্ৰমণ কৰে, আমি আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগিব ৷’’

লগতে পঢ়ক: ভুৱা নথিপত্ৰসহ বীৰ লাচিত সেনাৰ দ্বাৰা আটক বহিঃৰাজ্যৰ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.