ETV Bharat / state

বৰপেটাৰ বাঘবৰত মাটিৰ সীমাক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট: আহত ৬ - Land Dispute In Barpeta - LAND DISPUTE IN BARPETA

Six injured in land dispute: বৰপেটাৰ বাঘবৰত ভূমি বিবাদত আহত ৬ জন ৷ বৰপেটাৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন আহতকেইজন ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হাৰেজ আলীৰ নেতৃত্বত ২০-২৫ জনীয়া এটি দলে দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ ভুক্তভোগীৰ ।

six injured in land dispute
বৰপেটাৰ বাঘবৰত মাটিৰ সীমাক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:46 PM IST

বৰপেটা, ১৯ জুন: বৰপেটাৰ বাঘবৰত ভূমি বিবাদক লৈ বুধবাৰে পুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুই ফৈদৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত উভয় পক্ষৰে প্ৰায় ৬ জনকৈ লোক গুৰুতৰভাৱে আহত হয় । আহতসকলক ততাতৈয়াকৈ স্থানীয় লোকৰ সহযোগত মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

বৰপেটাৰ বাঘবৰত মাটিৰ সীমাক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট (Etv Bharat Assam)

বৰপেটাৰ বাঘবৰৰ শিলোচী পথাৰ গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিটৰ ঘটনা ৷ অসম আৰক্ষীত কৰ্তব্যৰত হাৰেজ আলী নামৰ এগৰাকী উপ-পৰিদৰ্শকৰ নেতৃত্বত চুবুৰীয়া একাব্বৰ আলীৰ পৰিয়ালৰ ওপৰত ২০-২৫ জনীয়া এটি দলে দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ।

লগতে পঢ়ক: ভূমি বিবাদ: যুৱতীক জীৱন্তে সমাধিস্থ কৰাৰ চেষ্টা - Land Dispute in Pune

একাব্বৰ আলীৰ পুত্ৰই জনোৱা মতে, চুবুৰীৰ ফইজল হকৰ নামৰ লোকজনৰ লগত তেওঁলোকৰ দীৰ্ঘদিন ধৰি ভূমি বিবাদ চলি আছিল ৷ এই দীৰ্ঘদিনীয়া বিবাদৰ অন্তত মাটিত বেৰ দিয়া আৰু তেওঁলোকৰ মাটিৰ ওপৰেৰে নলা কাটি পানী বোৱাই নিব বিচৰাক লৈয়ে এই আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ ফইজল হকৰ পুত্ৰ হাৰেজ আলী অসম আৰক্ষীৰ উপ-পৰিদৰ্শক ৷

হাৰেজ আলীয়ে একাব্বৰ আলীৰ পৰিয়ালক এই বিষয়ত বিভিন্ন সময়ত ভয়-ভাবুকি প্ৰদান কৰাৰো অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ ইয়াৰ পাচতেই আজি পুৱা হাৰেজ আলীয়ে ভাৰাতীয়া গুণ্ডা বাহিনী লৈ একাব্বৰ আলীৰ পৰিয়ালক পূৰ্ব পৰিকল্পিতভাৱে আক্ৰমণ কৰাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ তেওঁলোকে লগতে ঘটনা সম্পৰ্কে ইতিমধ্যে বাঘবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথা জানিবলৈ দিয়ে ৷ লগতে অসম আৰক্ষীত কৰ্তব্যৰত হাৰেজ আলীৰ বিৰুদ্ধেও উচিত তদন্ত কৰাৰ বাবে আহ্বান জনাইছে পৰিয়ালটোৱে ৷

লগতে পঢ়ক: ভূমি বিবাদক কেন্দ্ৰ কৰি কাছাৰত মহিলাসহ আহত 5

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.