ETV Bharat / state

এটা পচা আলুৰ বাবে কংগ্ৰেছ দল গেলিছে: ৰূপজ্যোতি কুৰ্মী

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 3:47 PM IST

Rupjyoti Kujmi Slams Congress : কংগ্ৰেছ দলত এটা পচা আলু আছে । এটা পচা আলুৱে বস্তাত থকা সকলো আলুক পচাই দিয়ে । এই পচা আলুটোৱে কংগ্ৰেছ দলক গেলাই আছে । কংগ্ৰেছ সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য ।

কংগ্ৰেছ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : কংগ্ৰেছ দলত এটা পচা আলু আছে । আৰু এই পচা আলুটোৰ‌ বাবেই কংগ্ৰেছ দল গেলিছে । বৃহস্পতিবাৰে এই মন্তব্য কৰে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । অসম বিধানসভাৰ বাজেট অধিবেশনৰ দশম দিনটোত বিধানসভাৰ বাহিৰত ধুবুৰী লোকসভাত ৰকিবুল‌ হুছেইনক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰূপজ্যোতি কুৰ্মীয়ে কয়, "মই কংগ্ৰেছ এৰা তিনিবছৰ হ'ল । গতিকে এই বিষয়ে মই ক'ব নোৱাৰিম ।‌ কিন্তু তিনিবছৰ পূৰ্বেও কৈছিলোঁ আৰু এতিয়াও‌ কম যে কংগ্ৰেছ দলত এটা পচা আলু আছে । এটা পচা আলুৱে বস্তাত থকা সকলো আলুক পচাই দিয়ে । এই পচা আলুটোৱে কংগ্ৰেছ দলক গেলাই আছে ।"

তেওঁ লগতে কয়, "কংগ্ৰেছ দলত থকা এই পচা আলুটোৰ মই নাম এতিয়া নলওঁ । কংগ্ৰেছত থাকোঁতে এই পচা আলুটোৰ নাম কৈছিলোঁ । এই পচা আলুটো উজনিৰো নহয় আৰু নামনিৰো নহয় । মাজত আছে এই পচা আলুটো ।" এই পচা আলুটোক যেতিয়ালৈকে কংগ্ৰেছ দলে বিদায় নিদিয়ে কংগ্ৰেছ দল ভাল‌ নহয় বুলিও মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য ।

ইপিনে কুৰ্মীয়ে ৰাহুল গান্ধীক সমালোচনা কৰি কয় যে কংগ্ৰেছত থাকোঁতে বিভিন্ন পৰামৰ্শ প্ৰদান কৰি ৰাহুল গান্ধীক দহবাৰকৈ পত্ৰ দিয়া হৈছিল । কিন্তু ৰাহুল গান্ধীয়ে কাৰো কথা নুশুনে । সেইকাৰণে কংগ্ৰেছৰ আজি এই অৱস্থা বুলি তেওঁৰ মন্তব্য, কংগ্ৰেছ দল নিঃশেষ হ'বলৈ গৈ আছে । আনহাতে, শীঘ্ৰেই আৰু দুজন কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগদান‌ কৰিব বুলিও তেওঁ দাবী কৰে ।

ইয়াৰ লগতে কংগ্ৰেছ দলে প্ৰধান বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব বুলিও তেওঁ ভৱিষ্যদ্বাণী কৰে ।‌ সেইবাবেই কংগ্ৰেছৰ বিৰোধী দলৰ সভাত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উপস্থিত নাথাকে বুলি লগতে উল্লেখ‌‌ কৰে । আনহাতে, ৰূপজ্যোতি কুৰ্মীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি কয়, নিজৰ সমষ্টিতে অস্তিত্ব নথকা বৰাই ৰাজীৱ ভৱনত লোকসভা নিৰ্বাচনৰ বাবে ৱাৰ‌ ৰূম কৰিব আহিছে ।‌ আগতে নিজৰ‌ সমষ্টিত ভূপেন বৰাই ৱাৰ‌ ৰূম কৰি নিজৰ অস্তিত্ব ঠিক কৰক বুলি তেওঁ আহ্বান জনায় ।‌

লগতে পঢ়ক :লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত কংগ্ৰেছ দল; বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.