ETV Bharat / state

বিচৰা মতেই বিজেপিয়ে 2026 ত সমষ্টি এৰি দিবনে অগপক ? - AGP SWAHID DIVAS AT LAHOWAL

যি সমষ্টিত অগপৰ সাংগঠনিক ভেটি শক্তিশালী তাতে বিধানসভাত প্ৰাৰ্থিত্ব দিব অসম গণ পৰিষদ দলে । দাবী অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ ।

AGP Swahid Divas at Lahowal
লাহোৱালত অগপৰ শ্বহীদ দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2024, 7:35 PM IST

ডিব্ৰুগড় : অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰতাৰে ২০১৬ চনৰ পৰাই দিছপুৰত চৰকাৰ চলাই আহিছে । মিত্ৰতাত থকা দুই দলে চৰকাৰ চলালেও শাসক দল বিজেপিৰ নেতা-মন্ত্ৰী-বিধায়কসকলে কিছু কিছু সমষ্টিত অগপ কৰ্মীসকলক গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ ৰাজহুৱা হৈ আহিছে ।

শেহতীয়াকৈ অসম গণ পৰিষদৰ কেইবাজনো প্ৰাক্তন বিধায়কে ৰাজহুৱা সভাত বিজেপিৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰা পাছতে দুই দলৰ ভিতৰচ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অগপৰ প্ৰাক্তন বিধায়কসকলৰ সমষ্টিত বিজেপিৰ বিধায়ক থকা বাবেই এই ক্ষোভ তথা অসন্তুষ্টি যে বৃদ্ধি পাইছে সেই কথা স্পষ্ট হৈছে ।

লাহোৱালত অগপৰ শ্বহীদ দিৱস (ETV Bharat Assam)

কিয়নো ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অগপৰ দখলত থকা সমষ্টিত বিজেপি নেতাই সাংগঠনিক কাম-কাজ আৰম্ভ কৰাৰ দৰে বিজেপিৰ বিধায়ক থকা সমষ্টিতো অগপ নেতাই চলাইছে দলীয় কাম-কাজ । ফলত ২০২৬-ৰ বিধানসভা নিৰ্বাচনলৈ মাজত এটা বছৰ থকাৰ পূৰ্বে অগপ-বিজেপিৰ সমষ্টিকেন্দ্ৰিক সংঘাত স্পষ্ট হৈ উঠিছে ।

ইয়াৰ মাজতে মঙলবাৰে লাহোৱালত অনুষ্ঠিত শ্বহীদ দিৱস আৰু ৰাজনৈতিক সাংগঠনিক কৰ্মশালাত অংশগ্ৰহণ কৰি অগপ-বিজেপিৰ সমষ্টিকেন্দ্ৰিক সংঘাতক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে অগপৰ কেন্দ্ৰীয় সম্পাদক তথা চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ।

যি সমষ্টিত অগপ দলৰ সাংগঠনিক ভেটি শক্তিশালী তাতে বিধানসভাত প্ৰাৰ্থিত্ব দিয়াৰ পোষকতা অসম গণ পৰিষদৰ

শেহতীয়াকৈ অগপ-বিজেপিৰ সমষ্টিকেন্দ্ৰিক সংঘাতক লৈ অগপৰ কেন্দ্ৰীয় সম্পাদক তথা চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই কয়, "অসম গণ পৰিষদৰ কিছু নেতাই ৰাজহুৱা সভাত অসন্তুষ্টিৰ কথা কৈছে । কিন্তু আমি বিচাৰো যিবিলাক সমষ্টিত অসম গণ পৰিষদৰ গণভিত্তি শক্তিশালী হৈছে, নিজে নিৰ্বাচনত জিকিব পৰাকৈ শক্তিশালী হৈছে, তাত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । ইতিমধ্যে দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত আলোচনা হৈছে ।’’

‘‘অহা বিধানসভালৈ অসম গণ পৰিষদ দলৰ বিধায়ক যাতে জয়ী হৈ আহিব পাৰে তাৰবাবে তৃণমূল পৰ্যায়ৰ পৰা দলটো শক্তিশালী কৰিবলৈ চেষ্টা কৰা হৈছে । ইতিমধ্যে সদস্যভৰ্তি অভিযান আৰম্ভ হৈছে । সমগ্ৰ অসমতেই ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা হৈছে । তাৰে আধাৰত অহা দিনবিলাকত অসম গণ পৰিষদে প্ৰতিটো নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব পাৰিব ।" বৰুৱাই লগতে কয় ৷

লাহোৱালত অসম গণ পৰিষদ দলৰ শ্বহীদ দিৱস পালন

অসম গণ পৰিষদ দলৰ উদ্যোগত মঙলবাৰে চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত লাহোৱালৰ লক্ষীনাৰায়ণ ঠাকুৰবাড়ী প্ৰাঙ্গণত শ্বহীদ দিৱস পালন কৰা হয় । পুৱাই কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পুতুল সোণোৱালে শ্বহীদ তৰ্পন কৰে । ইয়াৰ পিচতে অগপৰ চাবুৱা-লাহোৱাল সমষ্টি ভিত্তিত ৰাজনৈতিক সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিধায়ক তথা অগপৰ কেন্দ্ৰীক সম্পাদক পোনাকণ বৰুৱাই অংশগ্ৰহণ কৰি শ্বহীদক শ্ৰদ্ধা জনাই উপস্থিত শতাধিক অগপ দলৰ কৰ্মীক সম্বোধন কৰি দলটোৰ সাংগঠনিক কাম-কাজৰ পৰামৰ্শ প্ৰদান কৰে ।

লগতে পঢ়ক :বৰাগাঁৱত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় শ্বহীদ দিৱস; অসম আন্দোলনৰ তথ্যকোষৰ ষষ্ঠ খণ্ড উন্মোচন
লগতে পঢ়ক :ঐতিহাসিক অসম চুক্তিৰ ৪১ বছৰ; কি পালে শ্বহীদ পৰিয়ালে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.