ETV Bharat / state

হত্যাৰ অভিযোগত অভিযুক্ত লাওখোৱা বন বিভাগ: বিধায়ক নুৰুল হুদা - Forest Department Encounter

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 6:54 PM IST

Forest Department Encounter: বন বিভাগৰ গুলীত নিহত দুই ভাতৃৰ পৰিয়ালত কান্দোনৰ ৰোল । সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । মাছমৰীয়াৰ সন্দেহত বন বিভাগৰ গুলীত দুই ভাতৃৰ মৃত্যুক কেন্দ্ৰ কৰি চেপা উত্তেজনা জুৰীয়া অঞ্চলত । দীৰ্ঘদিনৰ পৰাই অভয়াৰণ্যৰ বিলত মাছ ধৰি অহা ব্যৱসায়ীৰ পৰা একাংশ বনকৰ্মীয়ে ধন লোৱাৰো অভিযোগ । লাওখোৱা বন বিভাগক হত্যাৰ অভিযোগত অভিযুক্ত কৰিলে বিধায়ক নুৰুল হুদাই ।

Forest Department Encounter
বনকৰ্মীৰ গুলীত নিহত দুই মাছমৰীয়া (Forest Department Encounter)

নগাঁও, ২২ জুন: মাছমৰীয়াৰ সন্দেহত লাওখোৱাৰ বনকৰ্মীয়ে চলোৱা গুলীত দুই ভাতৃৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত আছে সমগ্ৰ জুৰীয়া অঞ্চলত । স্থানীয় ৰাইজৰ মতে লাওখোৱা অভয়াৰণ্যৰ সীমান্তৰ মথাউৰিতেই নিশা বনকৰ্মীয়ে গুলীয়াই হত্যা কৰে দুই ভাতৃক । নগাঁৱৰ জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃ জলিল উদ্দিন আৰু ছমিৰ উদ্দিনে মৎস্য চিকাৰৰ বাবে গৈ থকা অৱস্থাতে মাজনিশা টহলদাৰী বনকৰ্মীৰ গুলীত নিহত হয় । বনকৰ্মীৰ গুলীত থিতাতে দুই ভাতৃৰ মৃত্যু হোৱাৰ পাচতেই বন বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে বহু বিস্ফোৰক অভিযোগ ।

বনকৰ্মীৰ গুলীত নিহত দুই মাছমৰীয়া: জুৰীয়াত প্ৰতিক্ৰিয়া (Forest Department Encounter)

বনকৰ্মীৰ বিৰুদ্ধে মাছমৰীয়াৰ পৰা ধন লোৱাৰ অভিযোগ: লাওখোৱা অভয়াৰণ্যৰ ভিতৰত থকা কাটাখাল, ৰৌমাৰীকে ধৰি দহখনৰো অধিক বিল আছে । আটাইকেইখন বিলতেই বাৰিষাৰ সময়ত বিভিন্ন মাছ পোৱা যায় । ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ মাছমৰীয়াই আৰম্ভ কৰে মৎস্য চিকাৰ । এইক্ষেত্ৰত স্থানীয় বন বিভাগৰ বিৰুদ্ধে মাছমৰীয়াক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগো দীৰ্ঘদিনীয়া । শনিবাৰেও বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যু হোৱাৰ পাচত পুনৰ লাওখোৱাৰ একাংশ বনকৰ্মীৰ বিৰুদ্ধে ধনৰ বিনিময়ত অভয়াৰণ্যৰ বিলত মৎস্য চিকাৰ কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । প্ৰতিদিনেই মৎস্য চিকাৰ কৰি ব্যৱসায় কৰি অহাৰ সময়ত হঠাৎ শুকুৰবাৰৰ নিশা দুই মাছমৰীয়াক লক্ষ্য কৰি গুলীচালনা কৰা বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ।

লগতে পঢ়ক: বনকৰ্মীৰ গুলীত নিহত দুই মাছমৰীয়া - ENCOUNTER

বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতি: বনকৰ্মীৰ গুলীত লাওখোৱা অভয়াৰণ্যৰ সমীপৰ তথা নগাঁৱৰ জুৰীয়াৰ ধিং বড়ি চাপৰি গাঁৱৰ দুই ভাতৃ জলিল উদ্দিন আৰু ছমিৰ উদ্দিনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাচতেই এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে পৰিয়ালটোত ।

বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া : লাওখোৱাৰ বনকৰ্মীৰ গুলীত জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিয়েই পৰিয়ালটোৰ কাষত উপস্থিত হয় বিধায়ক নুৰুল হুদা । পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ উপৰিও স্থানীয় লোকৰ সৈতে আলোচনাত মিলিত হোৱাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক নুৰুল হুদাই ।

বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ ক্ৰমে জলিল উদ্দিন আৰু ছমিৰ উদ্দিনে অভয়াৰণ্যৰ গাতে লাগি থকা মথাউৰিৰ কাষতে থকা পথাৰৰ শস্য পহৰা দিবলৈহে যোৱাৰ সময়তে বনকৰ্মীৰ দলে ভাতৃদ্বয়ক গুলীয়াই নিহত কৰে বুলি স্থানীয় লোকৰ সৈতে হোৱা আলোচনাত জানিব পাৰে বুলি মন্তব্য কৰে বিধায়ক নুৰুল হুদাই । দুই ভাতৃ মাছ ধৰিবলৈ গৈছিল যদিও গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ নকৰি অথবা ভৰিত গুলীওৱাৰ বিপৰীতে গুলীয়াই হত্যা কৰাৰ অধিকাৰ কোনে দিলে বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়ক নুৰুল হুদাই ।

লগতে পঢ়ক: সাধাৰণ কথাতে কনিষ্ঠ ভাতৃয়ে ঘপিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক - DIGBOI MURDER CASE

বন বিভাগৰ বিৰুদ্ধে মানৱধিকাৰ খৰ্ব কৰাৰো অভিযোগ বিধায়ক নুৰুল হুদাৰ । আনকি লাওখোৱাৰ বন বিভাগক হত্যাৰ অভিযোগত অভিযুক্ত বুলিও উল্লেখ কৰি সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰে স্থানীয় বিধায়ক নুৰুল হুদাই ।

গুলীচালনাৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ: চোৰাংকৈ লাওখোৱা অভয়াৰণ্যৰ বিলত মৎস্য চিকাৰ কৰাৰ বাবেই গুলীচালনা কৰা বুলি স্থানীয় বন বিভাগে দাবী কৰাৰ সময়ত স্থানীয় বিধায়ক নুৰুল হুদাই অভয়াৰণ্যৰ বাহিৰত দুই যুৱকক গুলীয়াই হত্যা কৰা বুলি কৰা দাবীয়ে সৃষ্টি কৰিছে ৰহস্যৰ । অৱশ্যে বন বিভাগে এই বাতৰি প্ৰস্তুত কৰা সময় পৰ্যন্ত সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য কৰা নাই । বনকৰ্মীৰ গুলীত দুই যুৱকৰ মৃত্যুৰ লগতে একাংশ বনকৰ্মীৰ বিৰুদ্ধে মৎস্য চিকাৰীৰ পৰা ধন লোৱা বুলি উত্থাপন হোৱা অভিযোগৰ এক নিৰপেক্ষ তদন্ত হ’লেই পোহৰলৈ আহিব প্ৰকৃত সত্য ।

লগতে পঢ়ক: এমাহ ধৰি সন্ধানহীন যুৱক; নিৰ্বিকাৰ স্থিতিত আৰক্ষী, প্ৰেমিকাৰ পৰিয়াললৈ সন্দেহৰ আঙুলি - Youth missing in Cachar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.