ETV Bharat / state

সাংসদৰ বিৰুদ্ধে এশ কোটিৰ মানহানি গোচৰ তৰিব বিধায়কে - Jitu Goswami Vs Rakibul Hussain

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 1:00 PM IST

Samaguri constituency By election: চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে বিধায়ক জিতু গোস্বামী আৰু সাংসদ ৰকিবুল হুছেইনৰ মাজত চলা বাকযুদ্ধ আকৰ্ষণীয় হৈছে । দুয়োগৰাকীয়ে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ গ্ৰহণ কৰিছে নতুন নতুন কৌশল ।

Samaguri constituency By election
বিজেপিৰ বিধায়ক জিতু গোস্বামী (ETV Bharat Assam)

নগাঁও, 16 ছেপ্টেম্বৰ: চামগুৰি উপ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই আৰম্ভ হোৱা বিজেপিৰ বিধায়ক জিতু গোস্বামী আৰু কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ মাজৰ বাকযুদ্ধ ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈ উঠিছে । বিশেষকৈ দীৰ্ঘদিনে ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টি এইবাৰ পুত্ৰৰ দখললৈ অনাৰ বাবে সাংসদগৰাকী তৎপৰ হোৱাৰ বিপৰীতে বিজেপিৰ হৈ অধিক তৎপৰ হৈছে বিধায়ক জিতু গোস্বামী । ইয়াৰ মাজতে আকৌ মানহানি গোচৰ প্ৰসংগয়ো লাভ কৰিছে চৰ্চা ।

  • এশ কোটিৰ মানহানি গোচৰ তৰিব বিধায়কে

নগাঁও সদৰ আৰক্ষী থানাত বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্যক লৈ ক্ষুণ্ণ হোৱা বিধায়ক জিতু গোস্বামীয়ে ৰকিবুলৰ বিৰুদ্ধে এশ কোটিৰ মানহানি গোচৰৰ তৰা হ'ব ঘোষণা কৰিছিল । পৰৱৰ্তী সময়ত মানহানিৰ গোচৰ তৰিবলৈ সাহস নাই বুলি বিধায়ক গোস্বামীক প্ৰত্যাহ্বান জনাইছিল ৰকিবুল হুছেইনে ।

ৰকিবুল হুছেইনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি সাংসদগৰাকীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিবলৈ সাজু হৈছে বিধায়ক জিতু গোস্বামী । তেওঁ কয়, "ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৱাহাটীত এশ কোটি টকাৰ মানহানি গোচৰ কাইলৈ তৰিম ।"

আনহাতে, চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাথী ঘোষণা কৰা নাই যদিও ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনেই প্ৰাৰ্থী হোৱাটো একপ্ৰকাৰ নিশ্চিত হোৱাৰ পাছৰ পৰাই ৰকিবুল হুছেইনৰ পৰিয়ালক সমষ্টিটোৰ পৰা উৎখাত কৰাৰ আহ্বানেৰে প্ৰচাৰ অব্যাহত ৰাখিছে বিধায়ক জিতু গোস্বামীৰ লগতে বিজেপি দলে । তেওঁ কয়, "এইবাৰ চামগুৰিত খেলা হ'ব ।"

  • নিৰাপত্তাৰক্ষী অবিহনেই চামগুৰিত উপস্থিত জিতু গোস্বামী

জিতু গোস্বামী ৰকিবুল হুছেইনৰ বাকযুদ্ধ,উপ নিৰ্বাচনত চামগুৰি সমষ্টি দখলৰ বাবে কংগ্ৰেছ বিজেপিৰ তৎপৰতা অব্যাহত থকাৰ মাজতে চামগুৰিত হঠাৎ প্ৰৱেশ ঘটিল ৰকিবুল হুছেইনৰেই এগৰাকী প্ৰাক্তন ঘনিষ্ঠ সতীৰ্থ । মাত্ৰ দুদিন পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত নিৰাপত্তাৰক্ষী অবিহনেই চামগুৰিত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা ঘোষণা কৰা মতেই দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে চামগুৰি সমষ্টিত উপস্থিত হয়হি বিজেপি বিধায়ক জিতু গোস্বামী ।

কিন্তু দেওবাৰে বিধায়কগৰাকীৰ সৈতে চামগুৰিত উপস্থিত থাকে ৰকিবুল হুছেইনৰে প্ৰাক্তন সতীৰ্থ তথা বিগত লোকসভা নিৰ্বাচনৰ নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা । দেওবাৰৰ দিনটোত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ শক্তি বৃদ্ধি কৰিবলৈ বিধায়ক জিতু গোস্বামীৰ লগতে উঠি পৰি লাগিছে প্ৰাক্তন কংগ্ৰেছ নেতা তথা বৰ্তমানৰ বিজেপি নেতা সুৰেশ বৰাও।

  • বিজেপিত যোগদান সহস্ৰাধিকৰ

উল্লেখযোগ্য যে দেওবাৰে চামগুৰি সমষ্টিত অনুষ্ঠিত হোৱা কেইবাখনো সভাত সমখ্যালঘূ অধ্যুষিত এলেকাৰ সহস্ৰাধিক লোকে জিতু গোস্বামীৰ উপস্থিতিত যোগদান কৰে বিজেপি দলত ।

লগতে পঢ়ক : জিতু গোস্বামীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ কাষ চাপিল ৰকিবুল হুছেইন - Rakibul Hussain

লগতে পঢ়ক : ৰকিবুল হুছেইনৰ বিৰুদ্ধে কোনে তৰিব ২০০ কোটি টকাৰ মানহানিৰ গোচৰ ! - MP Rakibul Hussain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.